তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰতীকপটে ভাৰতৰ গল্প-কথন পৰম্পৰা আৰু ‘ৱেভছ’-ৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰিছে
‘ওঁম’ৰ পৰা ‘এলগৰিদম’লৈকে ৰাষ্ট্ৰৰ সমৃদ্ধ সৃষ্টিশীল অৰ্থনীতিক প্ৰতিফলিত কৰিছে প্ৰতীকপটটোৱে
प्रविष्टि तिथि:
22 JAN 2026 6:40PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰতীকপট “ভাৰত গাথা: শ্ৰুতি, কৃতি, দৃষ্টি”য়ে প্ৰাচীন মৌখিক পৰম্পৰাৰ পৰা আৰম্ভ কৰি গোলকীয় আৱেদনযুক্ত বিষয়বস্তু আৰু সংবাদ মাধ্যমৰ শক্তিশালী স্থিতি হিচাপে ইয়াৰ উত্থানলৈকে গল্প-কথনৰ ক্ষেত্ৰখনত ভাৰতৰ সভ্যতামূলক যাত্ৰাৰ এক শক্তিশালী দৃশ্যগত আখ্যান উপস্থাপন কৰিছে। এই প্ৰতীকপটে আত্মনিৰ্ভৰ ভাৰত-ৰ মনোভাৱক প্ৰতিফলিত কৰিছে, সাংস্কৃতিক ঐতিহ্যক প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে মসৃণৰূপত সংমিশ্ৰিত কৰিছে।

শ্ৰুতি হৈছে ভাৰতৰ চহকী মৌখিক উত্তৰাধিকাৰিত্বৰ প্ৰতীক, বটবৃক্ষৰ তলত শিষ্যসকলক জ্ঞান প্ৰদান কৰা গুৰুৰ জৰিয়তে চিত্ৰিত কৰা হৈছে, যাৰ লগত ওঁম-ৰ মহাজাগতিক অনুনাদ আৰু জ্ঞানৰ উৎপত্তিক প্ৰতিনিধিত্ব কৰা শব্দ-তৰংগৰ ৰূপাংকন কৰা হৈছে।

ভগৱান গণেশে কৰা মহাভাৰতৰ শিল্পকৰ্ম, আৰু ভাৰতৰ বৌদ্ধিক ঐতিহ্যক গঢ় দিয়া পাণ্ডুলিপি, পৰিৱেশন কলা আৰু প্ৰাৰম্ভিক যোগাযোগ পৰম্পৰাৰ দৃশ্যৰ জৰিয়তে প্ৰদৰ্শন কৰা কৃতিয়ে লিখিত প্ৰকাশৰ বিৱৰ্তনক চিহ্নিত কৰিছে।

দৃষ্টি-য়ে ছপা, চিনেমা, টেলিভিছন আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ সংবাদ মাধ্যমৰ বিৱৰ্তনক উপস্থাপিত কৰিছে। ভিনটেজ কেমেৰা, ফিল্ম ৰিল, ছেটেলাইট, বাতৰি কাকত আৰু বক্স অফিচ-ৰ প্ৰতীক আদি দৃশ্যগত উপাদানে ভাৰতৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়া চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলৰ প্ৰজন্মটোক সন্মান জনাইছে। প্ৰতীকপটটোত এআই, এভিজিচি-এক্সআৰ আৰু ভাৰ্চুৱেল প্ৰডাকশ্যন প্ৰযুক্তিৰ জৰিয়তে ইমাৰ্চিভ গল্প-কথনৰ দিশলৈ হোৱা পৰিৱৰ্তনক উজলাই তুলি ভৱিষ্যতৰ বাবে সাজু গল্প-কথনৰ প্ৰসংগতো আলোকপাত কৰা হৈছে।

পৰিৱেশ্য কলাৰ শিল্পীসকলে প্ৰতীকপটটোক প্ৰাণৱন্ত কৰি তুলিছে। এই বিষয়বস্তুটোৱে ভাৰতক গ্লোবেল কন্টেন্ট হাব হিচাপে স্থান দিয়াৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা লক্ষ্যৰ সৈতে সংগতি ৰাখিছে, যাক WAVES 2025 দ্বাৰা শক্তিসমৃদ্ধ কৰা হৈছে।

এই প্ৰতীপটটোৱে ভাৰতৰ প্ৰাচীন প্ৰজ্ঞাক ডিজিটেল ভৱিষ্যতৰ সৈতে একত্ৰিত কৰি সাংস্কৃতিক সময়ৰেখা আৰু আগন্তুক দৃষ্টিভংগীৰ বিবৃতি দুয়োটাকে উপস্থাপিত কৰিছে।
****
Mahesh Kumar/Vivek Vishwash/KB
(रिलीज़ आईडी: 2217554)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam