প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা দশক সম্পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
ভাৰতৰ যুৱক-যুৱতীসকলে প্ৰকৃত সমস্যা সমাধানত মনোনিৱেশ কৰিছেঃ প্ৰধানমন্ত্ৰী
মাত্ৰ ১০ বছৰৰ ভিতৰতে ষ্টাৰ্টআপ ইণ্ডিয়া মিছন এক বিপ্লৱত পৰিণত হৈছে; আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম: প্ৰধানমন্ত্ৰী
আজি ৰিস্ক লোৱাটো মূল বিষয়ত পৰিণত হৈছে: প্ৰধানমন্ত্ৰী
ষ্টাৰ্টআপ ইণ্ডিয়া কেৱল এক আঁচনি নহয়, ই হৈছে বিভিন্ন খণ্ডক নতুন সুযোগৰ সৈতে সংযোগ কৰা এক ৰামধেনু :প্ৰধানমন্ত্ৰী
এতিয়া আমাৰ ষ্টাৰ্টআপসমূহে উৎপাদনত অধিক গুৰুত্ব দিয়াৰ সময় আহি পৰিছে: প্ৰধানমন্ত্ৰী
ষ্টাৰ্টআপৰ সাহস, আত্মবিশ্বাস আৰু উদ্ভাৱনে ভাৰতৰ ভৱিষ্যত গঢ় দিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
16 JAN 2026 3:22PM by PIB Guwahati
ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপৰ এক দশক পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো এক অতি বিশেষ অনুষ্ঠান। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উদযাপন উপলক্ষে ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকসকল ইয়াত একত্ৰিত হৈছে, যিসকল নতুন আৰু উন্নয়নশীল ভাৰতৰ ভৱিষ্যত গঢ় দিছে। তেওঁ আলোকপাত কৰে যে মাত্ৰ অলপ সময়ৰ আগতে তেওঁ কৃষি, ফিনটেক, গতিশীলতা, স্বাস্থ্য আৰু বহনক্ষমতাৰ ক্ষেত্ৰত কাম কৰা কিছুসংখ্যক অংশগ্ৰহণকাৰীৰ সৈতে মত বিনিময় কৰিছে । তেওঁ কয় যে তেওঁলোকৰ ধাৰণাসমূহে তেওঁক আপ্লুত কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস তথা উচ্চাকাংক্ষাই তেওঁক অধিক আপ্লুত কৰিছে। ১০ বছৰ পূৰ্বে ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ বৃদ্ধিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে যুৱক-যুৱতীসকলক লগ পাই আনন্দিত হোৱা বুলি কয়।
ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰকৃত সমস্যা সমাধানৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ শ্ৰী মোদীয়ে নতুন সপোন দেখাৰ সাহসৰ বাবে যুৱ উদ্ভাৱকসকলৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ষ্টাৰ্টআপ ইণ্ডিয়াৰ দহ বছৰ সম্পূৰ্ণ হোৱাটো এক মাইলৰ খুঁটি আৰু এই যাত্ৰা কেৱল চৰকাৰী আঁচনিৰ সফলতাৰ কাহিনী নহয়, বৰঞ্চ ই লাখ লাখ সপোনৰ যাত্ৰা তথা অগণন কল্পনাৰ বাস্তৱায়ন। তেওঁ কয় যে দহ বছৰৰ আগতে ব্যক্তিগত প্ৰচেষ্টা আৰু উদ্ভাৱনৰ পৰিসৰ কম আছিল, কিন্তু সেই পৰিস্থিতিকো প্ৰত্যাহ্বান জনোৱা হৈছিল আৰু ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। যাৰ ফলত যুৱক-যুৱতীসকলৰ বাবে এখন মুকলি আকাশ দিয়া হৈছিল, আৰু আজি ইয়াৰ ফল দেশৰ সন্মুখত প্ৰতিভাত হৈছে। “মাত্ৰ ১০ বছৰৰ ভিতৰতে ষ্টাৰ্টআপ ইণ্ডিয়া মিছন এক বিপ্লৱত পৰিণত হৈছে। আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম”, শ্ৰী মোদীয়ে কয় ।
তেওঁ আঙুলিয়াই দিয়ে যে দহ বছৰৰ আগতে দেশত ৫০০ টাতকৈও কম ষ্টাৰ্টআপ আছিল, আনহাতে আজি এই সংখ্যা ২ লাখতকৈও অধিক হৈছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনত ভাৰতত মাত্ৰ চাৰিটা ইউনিকৰ্ণ আছিল, আনহাতে আজি প্ৰায় ১২৫টা সক্ৰিয় ইউনিকৰ্ণ আছে আৰু বিশ্বই এই সফলতাৰ কাহিনীলৈ আচৰিত হৈ চাই আছে। প্ৰধানমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰে যে আগন্তুক সময়ত যেতিয়া ভাৰতৰ ষ্টাৰ্টআপ যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ’ব, তেতিয়া প্ৰেক্ষাগৃহত উপস্থিত বহু যুৱক নিজেই উজ্জ্বল কেছ ষ্টাডিৰ বিষয় হৈ পৰিব।
তেওঁ লগতে আলোকপাত কৰে যে ষ্টাৰ্টআপ ইণ্ডিয়াৰ গতি অব্যাহত আছে। আজিৰ ষ্টাৰ্টআপসমূহ ইউনিকৰ্ণ হৈ পৰিছে, আই পি অ’ আৰম্ভ কৰিছে আৰু অধিক আৰু অধিক চাকৰিৰ সৃষ্টি কৰিছে। তেওঁ কয় যে কেৱল ২০২৫ চনত প্ৰায় ৪৪,০০০ নতুন ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছে, যিটো ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ পিছত যিকোনো এটা বছৰত হোৱা সৰ্বাধিক বৃদ্ধি আৰু এই পৰিসংখ্যাই ভাৰতৰ ষ্টাৰ্টআপে কেনেদৰে নিয়োগ, উদ্ভাৱন তথা বৃদ্ধিৰ সূচনা কৰিছে তাৰ সাক্ষ্য বহন কৰিছে।
ষ্টাৰ্টআপ ইণ্ডিয়াই দেশত এক নতুন সংস্কৃতিৰ জন্ম দিয়াত সুখ প্ৰকাশ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ইয়াৰ পূৰ্বে নতুন ব্যৱসায় আৰু উদ্যোগ বহুলাংশে বৃহৎ ঔদ্যোগিক পৰিয়ালৰ সন্তানে আৰম্ভ কৰিছিল, কিয়নো তেওঁলোকৰ অকলেই ধন আৰু সহায় লাভৰ সহজ সুবিধা আছিল। আনহাতে বেছিভাগ মধ্যবিত্ত আৰু দৰিদ্ৰ সন্তানে কেৱল চাকৰিৰ সপোনহে দেখিব পাৰিছিল। তেওঁ আলোকপাত কৰে যে ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীয়ে এই মানসিকতাৰ সলনি কৰিছে আৰু এতিয়া টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ পৰাও যুৱক-যুৱতীসকলে, আনকি গাঁৱতো বহুতে নিজাকৈ ষ্টাৰ্টআপ খুলিছে। তেওঁলোকে অতি জৰুৰী তৃণমূল পৰ্যায়ৰ সমস্যাসমূহ সমাধানৰ প্ৰয়াস কৰিছে। তেওঁ কয় যে সমাজ আৰু দেশৰ বাবে কিবা এটা কৰাৰ এই মনোভাৱক তেওঁ অপৰিসীম মূল্য দিয়ে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পৰিৱৰ্তনত দেশৰ কন্যাসকলে মুখ্য ভূমিকা গ্ৰহণ কৰিছে। স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ ৪৫ শতাংশতকৈ অধিকত অন্ততঃ এগৰাকী মহিলা পৰিচালক বা অংশীদাৰ আছে। তেওঁ মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপ পুঁজিৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ দ্বিতীয় বৃহত্তম পৰিৱেশ তন্ত্ৰ হিচাপে পৰিগণিত হোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি এই অন্তৰ্ভুক্ত গতিবেগে ভাৰতৰ সম্ভাৱনাক আৰু অধিক শক্তিশালী কৰি তুলিছে বুলি উল্লেখ কৰে।
শ্ৰী মোদীয়ে কয় যে আজি দেশখনে ষ্টাৰ্টআপ বিপ্লৱত নিজৰ ভৱিষ্যত দেখিছে আৰু যদি ষ্টাৰ্টআপৰ ইমান গুৰুত্ব কিয় বুলি সোধা হয়, তেন্তে ইয়াৰ বহু উত্তৰ পোৱা যাব: ভাৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া লোকেৰে ভৰা দেশ, ভাৰত হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি, ভাৰতে বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তুলিছে আৰু ভাৰতত নতুন খণ্ডৰ উত্থান ঘটিছে—এই প্ৰতিটো তথ্য সত্য।
তেওঁ লগতে কয় যে তেওঁৰ হৃদয়ত যি কথাই আটাইতকৈ বেছি স্পৰ্শ কৰে সেয়া হ’ল ষ্টাৰ্টআপৰ মনোভাৱ, য’ত ভাৰতৰ যুৱক-যুৱতীসকলে আৰামৰ পৰিবেশত জীৱন কটাবলৈ বা ঠেক পথ অনুসৰণ কৰিবলৈ ইচ্ছুক নহয়, বৰঞ্চ নিজৰ বাবে নতুন পথ খোদিত কৰিব বিচাৰে, নতুন গন্তব্যস্থান আৰু নতুন মাইলৰ খুঁটি বিচাৰে। তেওঁ মন্তব্য কৰে যে এনে নতুন গন্তব্যস্থানসমূহ কঠোৰ পৰিশ্ৰমৰ ফলতহে লাভ কৰা সম্ভৱ হয়। এই পদক্ষেপে এটা কথা মনত পেলাই দিয়ে যে কামসমূহ কেৱল ইচ্ছাৰ দ্বাৰা নহয়, উদ্যোগৰ জৰিয়তে সম্পন্ন হয়। এই পৰ্যায়ত উপনীত হ’বলৈ যুৱক-যুৱতীসকলে দেখুওৱা অপৰিসীম সাহস আৰু বিপদৰ কথা স্বীকাৰ কৰি শ্ৰী মোদীয়ে উদ্যোগৰ বাবে সাহসেই প্ৰথম চৰ্ত বুলি উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে দেশত আগতে ৰিস্ক লোৱাৰ কথাটোক নিৰুৎসাহিত কৰা হৈছিল যদিও আজি ই মূল বিষয়ত পৰিণত হৈছে ।তেওঁ কয় যে এসময়ত অসাৰ বুলি গণ্য কৰা ধাৰণাবোৰ এতিয়া গ্ৰহণযোগ্য হৈ পৰিছে।
ৰিস্ক লোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এয়া দীৰ্ঘদিন ধৰি তেওঁৰ নিজৰ ক্ষেত্ৰতো অভ্যাস হৈ আহিছে। তেওঁ মন্তব্য কৰে যে যিবোৰ কাম কোনেও কৰিবলৈ ইচ্ছুক নাছিল, নিৰ্বাচন বা ক্ষমতা হেৰুৱাৰ ভয়ত চৰকাৰে দশক দশক ধৰি এৰাই চলি থকা বিষয়সমূহ, লগতে যিবোৰ কামক উচ্চ ৰাজনৈতিক বিপদ বহন কৰা বুলি কোৱা হৈছিল , সেইবোৰ কাম তেওঁ সদায় সম্পন্ন কৰাটো নিজৰ দায়িত্ব হিচাবে বিবেচনা কৰি আহিছে। তেওঁ উল্লেখ কৰে যে উদ্ভাৱকসকলৰ দৰেই তেওঁ বিশ্বাস কৰে যে যদি দেশৰ বাবে কিবা এটা প্ৰয়োজনীয় হয়, তেন্তে সেয়া হৈছে কোনোবাই ৰিস্ক ল’ব লাগিব আৰু তেওঁৰ যিকোনো লোকচান হ’লেও ইয়াৰ সুবিধা লাখ লাখ পৰিয়াললৈ যাব লাগিব ।
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিগত দহ বছৰত দেশে উদ্ভাৱনক প্ৰসাৰিত কৰিব পৰাকৈ এক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। তেওঁ লগতে কয় যে শিক্ষাৰ্থীৰসকলৰ মাজত উদ্ভাৱনৰ মনোভাৱ জাগ্ৰত কৰিবলৈ বিদ্যালয়সমূহত অটল টিংকাৰিং লেব স্থাপন কৰা হৈছিল। যুৱক-যুৱতীসকলক ৰাষ্ট্ৰীয় সমস্যা সমাধানৰ বাবে উৎসাহিত কৰিবলৈ হেকাথন আৰম্ভ কৰা হৈছিল, সম্পদৰ অভাৱত ধাৰণাসমূহ যাতে মৰহি নাযায় তাৰ বাবে ইনকিউবেচন চেণ্টাৰ সৃষ্টি কৰা হৈছিল।
জটিল অনুসৰণ, দীঘলীয়া অনুমোদন চক্ৰ আৰু পৰিদৰ্শক ৰাজৰ ভয় এসময়ত উদ্ভাৱনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা আছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে লগতে কয় যে এইক্ষেত্ৰত তেওঁৰ চৰকাৰে বিশ্বাস আৰু স্বচ্ছতাৰ পৰিৱেশ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে জন বিশ্বাস আইনৰ অধীনত ১৮০টাতকৈও অধিক বিধানক অপৰাধমুক্ত কৰা হৈছে। যাৰ ফলত উদ্ভাৱকসকলে গোচৰৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিব পৰাকৈ মূল্যৱান সময় ৰাহি কৰিছে। তেওঁ লগতে কয় যে ষ্টাৰ্টআপসমূহে এতিয়া বহু আইনত আত্ম-প্ৰমাণীকৰণৰ দ্বাৰা লাভাৱান্বিত হৈছে আৰু একত্ৰীকৰণ তথা প্ৰস্থানৰ প্ৰক্ৰিয়াটোক সহজ কৰি তোলা হৈছে।
“ষ্টাৰ্টআপ ইণ্ডিয়া কেৱল এখন আঁচনি নহয়, ই হৈছে বিভিন্ন খণ্ডক নতুন সুযোগৰ সৈতে সংযোগ কৰা এক ৰামধেনু ”, শ্ৰী মোদীয়ে কয়। তেওঁ আঙুলিয়াই দিয়ে যে ডিফেন্স মেনুফেকচাৰিঙত ষ্টাৰ্টআপে আগতে প্ৰতিষ্ঠিত গোষ্ঠীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ কথা কল্পনাও কৰিব পৰা নাছিল, কিন্তু আইডেক্সৰ জৰিয়তে কৌশলগত খণ্ডত নতুন পথ মুকলি কৰা হৈছে। তেওঁ মন্তব্য কৰে যে এসময়ত ব্যক্তিগত অংশগ্ৰহণৰ বাবে বন্ধ হৈ থকা মহাকাশ খণ্ডটো এতিয়া মুকলি কৰা হৈছে, প্ৰায় ২০০টা ষ্টাৰ্টআপে এই ক্ষেত্ৰত কাম কৰি বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে।
একেদৰে প্ৰধানমন্ত্ৰীয়ে ড্ৰ’ন খণ্ডৰ বিষয়ত আলোকপাত কৰে, য’ত পুৰণি নিয়মে ভাৰতক দীৰ্ঘদিন ধৰি পিছুৱাই ৰাখিছিল, কিন্তু সংস্কাৰ আৰু উদ্ভাৱকৰ ওপৰত স্থাপিত আস্থাই পৰিৱেশ সলনি কৰিছে। তেওঁ লগতে কয় যে ৰাজহুৱা ক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰী ই-মাৰ্কেটপ্লেছে (জিইএম) বজাৰৰ প্ৰৱেশ সম্প্ৰসাৰিত কৰিছে, প্ৰায় ৩৫,০০০ ষ্টাৰ্টআপ আৰু ক্ষুদ্ৰ ব্যৱসায় অনবৰ্ড হৈছে, প্ৰায় ৫ লাখ কোটি টকাৰ অৰ্ডাৰ লাভ কৰিছে। তেওঁ লগতে কয় যে ষ্টাৰ্টআপসমূহে তেওঁলোকৰ সফলতাৰ জৰিয়তে প্ৰতিটো খণ্ডতে নতুন বৃদ্ধিৰ পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মূলধন অবিহনে উত্তম ধাৰণা কেতিয়াও বজাৰত উপনীত হ’ব নোৱাৰে। সেয়ে তেওঁলোকৰ চৰকাৰে উদ্ভাৱকসকলৰ বাবে বিত্তৰ সুবিধা নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ আলোকপাত কৰে যে ষ্টাৰ্টআপৰ বাবে পুঁজিৰ পুঁজিৰ জৰিয়তে ২৫,০০০ কোটি টকাতকৈ অধিক ধন বিনিয়োগ কৰা হৈছে, আনহাতে ষ্টাৰ্টআপ ইণ্ডিয়া চিড পুঁজি, ইন-স্পেচ চিড পুঁজি, আৰু নিধি চিড সহায়ক কাৰ্যসূচীৰ দৰে আঁচনিয়ে ষ্টাৰ্টআপক চিড পুঁজি প্ৰদান কৰি আছে। শ্ৰী মোদীয়ে কয় যে ঋণৰ সুবিধা উন্নত কৰাৰ বাবে ঋণ নিশ্চয়তা আঁচনি আৰম্ভ কৰা হৈছে যাতে জামিনৰ অভাৱ সৃষ্টিশীলতাৰ ক্ষেত্ৰত বাধা হৈ নাথাকে।
আজিৰ গৱেষণা কাইলৈৰ বৌদ্ধিক সম্পত্তি হৈ পৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াক প্ৰচাৰৰ বাবে ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন আঁচনি আৰম্ভ কৰা হৈছে। লগতে উদিত খণ্ডত দীৰ্ঘম্যাদী বিনিয়োগক সহায় কৰিবলৈ পুঁজিৰ গভীৰ টেক ফাণ্ডো আৰম্ভ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এআইক এক প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰি অৰ্থনৈতিক সুৰক্ষা আৰু কৌশলগত স্বায়ত্তশাসনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা উদীয়মান ক্ষেত্ৰসমূহত নতুন ধাৰণাসমূহৰ বিষয়ত কাম কৰি ভৱিষ্যতৰ বাবে প্ৰস্তুত হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এআই বিপ্লৱত আগবাঢ়ি যোৱা দেশ সমূহে অধিক সুবিধা লাভ কৰিব, আৰু ভাৰতৰ বাবে এই দায়িত্ব ইয়াৰ ষ্টাৰ্টআপসমূহৰ ওপৰতে আছে। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে এআই ইমপেক্ট ছামিট আয়োজন কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে যুৱক-যুৱতীসকলৰ বাবে এয়া এক বৃহৎ সুযোগ। তেওঁ উচ্চ কম্পিউটিং খৰচৰ দৰে প্ৰত্যাহ্বানসমূহৰ কথা স্বীকাৰ কৰে, কিন্তু তেওঁ কয় যে ভাৰত এআই মিছনৰ জৰিয়তে ইয়াৰ সমাধান প্ৰদান কৰা হৈছে। য’ত ৩৮,০০০ৰো অধিক জিপিইউ অনব’ৰ্ড কৰা হৈছে যাতে বৃহৎ প্ৰযুক্তিক ক্ষুদ্ৰ ষ্টাৰ্টআপসমূহৰ বাবে সুলভ কৰি তুলিব পাৰি। একে সময়তে ভাৰতীয় চাৰ্ভাৰত ভাৰতীয় প্ৰতিভাৰ দ্বাৰা থলুৱা এআই বিকশিত কৰাটো নিশ্চিত কৰা হৈছে। তেওঁ লগতে কয় যে অৰ্ধপৰিবাহী, ডাটা চেণ্টাৰ, সেউজ হাইড্ৰজেন, আৰু অন্যান্য খণ্ডতো একেধৰণৰ প্ৰচেষ্টা চলি আছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, “ভাৰতৰ উচ্চাকাংক্ষা কেৱল অংশগ্ৰহণতে সীমাবদ্ধ নাথাকিব লাগে, বৰঞ্চ বিশ্ব নেতৃত্ব হিচাবে প্ৰতিস্থিত হোৱাৰ লক্ষ্য ৰাখিব লাগিব, ষ্টাৰ্টআপক নতুন ধাৰণাৰে কাম কৰিবলৈ, সমস্যা সমাধান কৰিবলৈ আহ্বান জনাব লাগিব।” তেওঁ মন্তব্য কৰে যে বিগত দশকবোৰত ভাৰতে ডিজিটেল ষ্টাৰ্টআপ আৰু সেৱা খণ্ডত নিজৰ সাফল্য লাভ কৰিছে আৰু এতিয়া ষ্টাৰ্টআপসমূহে এতিয়া উৎপাদন খণ্ডত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।
তেওঁ ভৱিষ্যতৰ নেতৃত্ব দিবলৈ বিশ্বমানৰ গুণগত মানৰ নতুন সামগ্ৰী আৰু অনন্য প্ৰযুক্তিগত ধাৰণা সৃষ্টিৰ আহ্বান জনায়। শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে চৰকাৰে সকলো প্ৰচেষ্টাতে ষ্টাৰ্টআপৰ সৈতে দৃঢ়তাৰে থিয় দিছে, তেওঁলোকৰ সাহস, আত্মবিশ্বাস, আৰু উদ্ভাৱনৰ ওপৰত গভীৰ বিশ্বাস প্ৰকাশ কৰিছে, যিয়ে ভাৰতৰ ভৱিষ্যত গঢ় দিছে। প্ৰধানমন্ত্ৰীয়ে সামৰণিত মন্তব্য কৰে যে বিগত দহ বছৰে ৰাষ্ট্ৰৰ সামৰ্থ্য প্ৰমাণ কৰিছে আৰু পৰৱৰ্তী দশকৰ লক্ষ্য হ’ব লাগিব ভাৰতে নতুন ষ্টাৰ্টআপ ট্ৰেণ্ড আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বক আগুৱাই নিব।
এই অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলো।
পৃষ্ঠভূমি
ষ্টাৰ্টআপ ইণ্ডিয়াক ২০১৬ চনৰ ১৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱনক লালন-পালন কৰা, উদ্যোগীকৰণক প্ৰসাৰিত কৰা আৰু বিনিয়োগ-চালিত বৃদ্ধিৰ বাবে এক পৰিৱৰ্তনশীল ৰাষ্ট্ৰীয় কাৰ্যসূচী হিচাপে আৰম্ভ কৰিছিল। ভাৰতক চাকৰি বিচৰাতকৈ চাকৰি সৃষ্টিকাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে সেয়া আৰম্ভ কৰা হৈছিল।
বিগত দশকত ষ্টাৰ্টআপ ইণ্ডিয়াই ভাৰতৰ অৰ্থনৈতিক আৰু উদ্ভাৱন স্থাপত্যৰ মূল স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। ই প্ৰতিষ্ঠানিক ব্যৱস্থাসমূহ শক্তিশালী কৰিছে মূলধন আৰু মেণ্টৰশ্বিপৰ প্ৰৱেশ সম্প্ৰসাৰিত কৰিছে আৰু ষ্টাৰ্টআপসমূহৰ বাবে খণ্ডতথা ভৌগলিক এলেকাসমূহৰ মাজত হোৱা বৃদ্ধি পৰিমাপ কৰিবলৈ এক সক্ষম পৰিৱেশ গঢ়ি তুলিছে।
এই সময়ছোৱাত ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰই অভূতপূৰ্ব সম্প্ৰসাৰণৰ সাক্ষী হৈছে। সমগ্ৰ দেশতে ২,০০,০০০ৰো অধিক ষ্টাৰ্টআপক স্বীকৃতি দিয়া হৈছে। এই উদ্যোগসমূহ নিয়োগ সৃষ্টি, উদ্ভাৱন-নেতৃত্বাধীন অৰ্থনৈতিক বৃদ্ধি আৰু বিভিন্ন খণ্ডত ঘৰুৱা মূল্য শৃংখল শক্তিশালী কৰাৰ উল্লেখযোগ্য চালক হৈ পৰিছে।
***
MJPS/SR/DM
(रिलीज़ आईडी: 2215512)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam