প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ #পৰীক্ষা পে চৰ্চাৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীক নিজৰ ধাৰণা তথা অভিমত প্ৰেৰণ কৰিবলৈ আমন্ত্ৰণ জনাইছে
प्रविष्टि तिथि:
07 JAN 2026 7:05PM by PIB Guwahati
দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা চমু চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বহু প্ৰত্যাশিত বাৰ্ষিক কাৰ্যসূচী পৰীক্ষা পে চৰ্চাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰিব।
প্ৰধানমন্ত্ৰীয়ে দেশৰ #এক্সাম ৱাৰিৱৰসকলক তেওঁলোকৰ প্ৰশ্ন, ধাৰণা আৰু অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছে, যিবোৰে আনক অনুপ্ৰাণিত কৰিব পাৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
“দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সময় ওচৰ চাপিছে আৰু এইবাৰৰ #পৰীক্ষা পে চৰ্চাও!
পৰীক্ষাৰ বিভিন্ন দিশত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহী, বিশেষকৈ পৰীক্ষাৰ মানসিক চাপ দূৰ কৰাৰ উপায়, শান্ত, আত্মবিশ্বাসী হৈ থাকি হাঁহি হাঁহি পৰীক্ষাত উপস্থিত থকাৰ উপায়ৰ বিষয়ে ।
মই #এক্সাম ৱাৰিৱৰসকলৰ পৰা শুনিব বিচাৰো , সেয়া তেওঁলোকৰ প্ৰশ্নই হওক বা তেওঁলোকৰ অভিজ্ঞতাই হওক, যিয়ে আনক প্ৰেৰণা যোগাব পাৰে...
https://innovateindia1.mygov.in/“
****
MJPS/SR/DM
(रिलीज़ आईडी: 2212296)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Malayalam