তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
সম্প্ৰচাৰ আৰু বিনোদনৰ ক্ষেত্ৰখনত উদ্ভাৱনৰ হাৰ বৃদ্ধিৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৱেভএক্স-য়ে এফআইটিটি-আই আই টি দিল্লীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে
সংবাদ মাধ্যমত প্ৰযুক্তিগত উদ্যমিতা ত্বৰান্বিত কৰাৰ লক্ষ্য
प्रविष्टि तिथि:
06 JAN 2026 6:26PM by PIB Guwahati
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ষ্টাৰ্টআপ ত্বৰক পদক্ষেপ ৱেভএক্স-য়ে সংবাদ মাধ্যম, বিনোদন, সম্প্ৰচাৰ আৰু যোগাযোগ প্ৰযুক্তিৰ উদ্ভাৱন, ইনকিউবেশ্যন আৰু উদ্যোগীকৰণ শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ ‘ফাউণ্ডেশ্যন ফৰ ইনোভেশ্যন এণ্ড টেকন’লজী ট্ৰেন্সফাৰ’ (এফআইটিটি), আইআইটি দিল্লী-ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
নতুন দিল্লীৰ শাস্ত্ৰী ভৱনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৰ উপস্থিতিত ৱেভএক্স, আৰু এফআইটিটি-ৰ দলে এই চুক্তিখন স্বাক্ষৰ কৰে।

এই সহযোগিতাৰ অধীনত এফআইটিটি, আইআইটি দিল্লীয়ে সমগ্ৰ দেশতে ইনকিউবেশ্যন চেণ্টাৰ স্থাপন আৰু শক্তিশালী কৰি উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰতিপালন কৰাৰ লক্ষ্যৰে ৱেভএক্স কাৰ্যক্ৰম ৰূপায়ণ আৰু সম্প্ৰসাৰণত সহায় কৰিব। এফআইটিটি-য়ে ইনকিউবেটৰ স্থাপনৰ বাবে কৌশলগত আৰু কাৰ্যকৰী নিৰ্দেশনা প্ৰদান কৰিব, অন্যান্য আইআইটি আৰু উদ্ভাৱন হাব-ৰ সৈতে জড়িত হোৱাৰ সুবিধা প্ৰদান কৰিব, কাৰিকৰী বিশেষজ্ঞতা, গৱেষণাৰ সুবিধা, মাৰ্গদৰ্শন, আইপি সমৰ্থনৰ প্ৰৱেশানুকূলতা প্ৰদান কৰিব, আৰু ষ্টাৰ্টআপ আৰু ইনকিউবেশ্যন প্ৰৱন্ধকসকলৰ বাবে সামৰ্থ্য বৰ্দ্ধনৰ পদক্ষেপ গ্ৰহণ কৰিব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত ৱেভএক্স-য়ে এই কাৰ্যসূচীৰ বাবে আৰ্থিক সহায়, নীতি নিৰ্দেশনা, আৰু ৰাষ্ট্ৰীয় দৃশ্যমানতা প্ৰদান কৰিব। এই সহযোগিতাৰ জৰিয়তে, ৱেভএক্স-য়ে ষ্টাৰ্টআপসমূহক পুঁজিৰ সমৰ্থন, মাৰ্গদৰ্শন, আন্তঃগাঁথনিৰ প্ৰৱেশানুকূলতা, উদ্যোগ অংশীদাৰিত্ব, আৰু বিনিয়োগকাৰী আৰু বিশ্ব বজাৰৰ সৈতে পৰিচিতিৰ সৈতে সক্ষম কৰি ভৱিষ্যতৰ বাবে সাজু সংবাদ মাধ্যম আৰু বিনোদন প্ৰযুক্তি পৰিতন্ত্ৰক প্ৰতিপালন কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
এই সন্দৰ্ভত শ্ৰী জাজুৱে কয়, "ৱেভএক্স-ক সংবাদ মাধ্যম আৰু বিনোদন প্ৰযুক্তিৰ উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰীয় অনুঘটক হিচাপে কল্পনা কৰা হৈছে। ৱেভএক্স-য়ে মিডিয়া উদ্যোগত মূল প্ৰযুক্তিগত সংঘটন সম্পন্ন কৰা ষ্টাৰ্টআপসমূহক ত্বৰান্বিত কৰিব, লগতে বৰ্তমানৰ প্ৰযুক্তি মঞ্চত নতুন এপ্লিকেশ্যন যুগুত কৰা উদ্ভাৱকসকলকো ত্বৰান্বিত কৰিব। ৱেভএক্স-ৰ লক্ষ্য হৈছে বহল পৰিৱেশতন্ত্ৰক অনুঘটক হিচাপে কাম কৰা আৰু এম এণ্ড ই ষ্টাৰ্টআপৰ বাবে বিশ্বমানৰ ইনকিউবেশ্যন সুবিধা স্থাপন কৰা।”
ইয়াৰ উপৰিও এফআইটিটি-ৰ হৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰা আই আই টি দিল্লীৰ এফআইটিটি-ৰ পৰিচালন সঞ্চালক ড০ নিখিল আগৰৱালে কয় যে,
'ৱেভএক্স-ৰ সৈতে এই অংশীদাৰিত্বই উদীয়মান আৰু সৃষ্টিশীল প্ৰযুক্তি খণ্ডত প্ৰযুক্তি-চালিত উদ্যোগীকৰণ সক্ষম কৰা কথাই এফআইটিটি-ৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। নীতিগত সমৰ্থন, শৈক্ষিক উৎকৰ্ষতা, আৰু উদ্যোগৰ সংযোগৰ সংমিশ্ৰণেৰে আমি এটা শক্তিশালী ৰাষ্ট্ৰীয় ইনকিউবেশ্যন প্লেটফৰ্ম সৃষ্টি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ যিয়ে সংবাদ মাধ্যম, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সংযোগস্থলত কাম কৰা ষ্টাৰ্টআপসমূহক সমৰ্থন কৰে।'
এই অংশীদাৰিত্বই ভাৰতৰ সংবাদ মাধ্যম আৰু বিনোদন উদ্ভাৱন পৰিৱেশতন্ত্ৰক আৰু অধিক শক্তিশালী কৰি ৱেভএক্স কাঠামোৰ অধীনত ষ্টাৰ্টআপ বৃদ্ধি আৰু প্ৰযুক্তিৰ বাণিজ্যিকীকৰণ ত্বৰান্বিত কৰিবলৈ আই আই টি দিল্লীৰ শৈক্ষিক, গৱেষণা আৰু উদ্ভাৱন শক্তিসমূহৰ লাভ উঠাবলৈ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।
এফআইটিটি-ৰ বিষয়ে
আইআইটি দিল্লী–ৰ ফাউণ্ডেশ্যন ফৰ ইনোভেশ্যন এণ্ড টেকন’লজী ট্ৰেন্সফাৰ (এফআইটিটি)হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী দিল্লী-ৰ উদ্যোগ আন্তঃপৃষ্ঠীয় সংস্থা। উদ্ভাৱন, উদ্যোগীকৰণ, আৰু প্ৰযুক্তি বাণিজ্যিকীকৰণৰ সুবিধাৰ বাবে স্থাপিত এফআইটিটি-য়ে আইআইটি দিল্লী পৰিৱেশ তন্ত্ৰৰ ভিতৰত আৰু বাহিৰত ইনকিউবেশ্যন, উদ্যোগ সহযোগিতা, গৱেষণা অনুবাদ, বৌদ্ধিক সম্পত্তি ব্যৱস্থাপনা, আৰু ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ বিকাশত মূল ভূমিকা পালন কৰে।
WaveX ৰ বিষয়ে
ৱেভএক্স হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ (এম আই বি) তত্বাৱধানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম লিমিটেড-ৰ জৰিয়তে ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু বিনোদন প্ৰযুক্তি উদ্ভাৱন আৰু ইনকিউবেশ্যন কাৰ্যসূচী। এই পদক্ষেপৰ লক্ষ্য হৈছে সম্প্ৰচাৰ, যোগাযোগ, সংবাদ মাধ্যম, আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰা ষ্টাৰ্টআপ আৰু উদ্যোগীসকলক গাঁথনিগত ইনকিউবেশ্যন সমৰ্থন, উদ্যোগৰ প্ৰৱেশানুকূলতা, মাৰ্গদৰ্শন, আৰু ৰাষ্ট্ৰীয় আৰু বিশ্বজোৰা প্ৰসাৰ প্ৰদান কৰিব পৰাকৈ প্ৰতিপালন কৰা।
****
Mahesh Kumar/Vivek Vishwash/KB
(रिलीज़ आईडी: 2211973)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam