প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৪ জানুৱাৰীত বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা ৫৮টা দলৰ অংশ হিচাপে ১০০০ৰো অধিক খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব
प्रविष्टि तिथि:
03 JAN 2026 2:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জানুৱাৰী, ২০২৬ তাৰিখে দিনৰ ১২ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব। বাৰাণসীৰ ড০ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান।
৪ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা ৫৮টা দলৰ অংশ হিচাপে ১০০০ৰো অধিক খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই টুৰ্ণামেণ্টত ভাৰতীয় ভলীবলৰ উচ্চ মানৰ প্ৰতিযোগিতা, ক্ৰীড়াবিদ্যা, প্ৰতিভা প্ৰদৰ্শিত হ’ব।
বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপ আয়োজন কৰাটোৱে চহৰখনৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু ক্ৰীড়াৰ বিকাশৰ প্ৰসাৰত ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰি উল্লেখযোগ্য সাংস্কৃতিক আৰু ক্ৰীড়া কাৰ্যসূচী আয়োজন কৰাৰ ক্ষেত্ৰত ইয়াৰ ক্ৰমবৰ্ধমান ভূমিকাৰ সৈতে সংগতি ৰাখি ই চহৰখনৰ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ কেন্দ্ৰ হিচাপে পৰিচয় আৰু অধিক শক্তিশালী কৰে ।
***
MJPS/SR/KD
(रिलीज़ आईडी: 2211104)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Odia
,
Telugu
,
Kannada
,
Malayalam