ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰে’ল মন্ত্ৰালয়: বৰ্ষান্তিক পৰ্যালোচনা ২০২৫

গঢ়ি তোলা হৈছে ভৱিষ্যদৰ্শী নেটৱৰ্ক: ভাৰতীয় ৰে’লৱেৰ ২০২৫ চনৰ সাফল্যসমূহে ২০২৬ চনৰ বাবে মঞ্চ নিৰ্ধাৰণ কৰিছে

ভাৰতত ৰে’ল ভ্ৰমণক পুনৰ সংজ্ঞায়িত কৰাৰ বাবে উদ্ভাৱন, থলুৱাকৰণ, ৰে’লপথ নৱীকৰণ আৰু বিমানবন্দৰৰ দৰে ষ্টেশ্যনসমূহৰ সুবিধাসমূহ পুনৰ উন্নয়ন কৰাৰ প্ৰয়াস

আপোনাৰ ৰে’ল ভ্ৰমণ অভিজ্ঞতাত স্থানীয় খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, ইয়াক স্মৰণীয় কৰি তোলাৰ প্ৰয়াস

ৰে’লপথ নৱীকৰণে দ্ৰুত, নিৰাপদ আৰু আৰামদায়ক ৰে’ল যাত্ৰা নিশ্চিত কৰিছে

‘কৱচ’, সুৰক্ষা আৰু সতৰ্কতা লোকো পাইলট-ত এআইৰ ব্যৱহাৰৰ ফলস্বৰূপে ৰে’ল দুৰ্ঘটনাৰ হাৰ ঐতিহাসিকভাৱে নিম্ন স্তৰলৈ অনাত সহায় কৰিছে

অচিৰেই প্ৰথম ‘বন্দে ভাৰত স্লিপাৰ ৰে’ল’ৰ চলাচল; যাত্ৰীৰ গতিশীলতা বৃদ্ধিৰ বাবে নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল’

সাধাৰণ মানুহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে আৰামদায়ক ভ্ৰমণ; ২০২৫ চনত দেশজুৰি ১৩খন নতুন ‘অমৃত ভাৰত ৰে’ল’ৰ প্ৰৱৰ্তন, ৰে’লৰ মুঠ সংখ্যা ৩০খনলৈ বৃদ্ধি

নিয়মীয়া সেৱাৰ উপৰিও ৰে’লৱেই অতিৰিক্ত ভিৰ চম্ভালিবলৈ ২০২৫ চনত ৪৩,০০০ৰো অধিক খন বিশেষ ৰে’ল চলাইছিল; মহা কুম্ভ-ৰ বাবে ১৭ হাজাৰৰো অধিক ৰে’ল চলোৱা হয়

উন্নীতকৃত শৌচাগাৰ, লিফ্ট/এস্কেলেটৰ, ফুড ক'ৰ্ট, আধুনিক অপেক্ষাৰ স্থানৰ দৰে সা-সুবিধাৰ সৈতে, ১৫৫টা সম্পূৰ্ণ আধুনিকীকৃত ষ্টেশ্যনে ৰে’ল ভ্ৰমণকাৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰিছে; বাকী থকা ১১৮২ টা ‘অমৃত ভাৰত ষ্টেশ্যন’ৰ আধুনিকীকৰণ দিহা কৰা হৈছে

সকলোবতৰীয়া আঞ্চলিক সংহতি শক্তিশালী কৰা, কাশ্মীৰ আৰু মিজোৰামলৈ চলা যাত্ৰী আৰু মালবাহী ৰে’লে দুৰ্গম অঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণ কৰে

নতুন পাম্বন দলঙে তীৰ্থযাত্ৰা আৰু পৰ্যটনৰ হাৰ বৃদ্ধি কৰিছে, আঞ্চলিক সংযোগ শক্তিশালী কৰিছে আৰু ভৱিষ্যতে হব লগা ভাৰত–শ্ৰীলংকা পৰিবহণ সংযোগৰ দুৱাৰ মুকলি কৰে

২০২৫ চনত ২৫,০০০ কোটি টকাতকৈয়ো অধিক মূল্যৰ ৪২টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত কৰা হয়

২০২৯-৩০ চনৰ ভিতৰত ৩,০০০ নিযুত টন বাৰ্ষিক লোডিং লক্ষ্যৰ দিশে আগবাঢ়িছে, ভাৰতৰ ৰে’ল বিশ্বৰ দ্বিতীয় বৃহত্তম মালবাহক হিচাপে পৰিগণিত হৈছে

‘গতি শক্তি কাৰ্গো টাৰ্মিনেল’ আৰু ৱাগন-ৰ অভিলেখ সংখ্যক উৎপাদনে মালবাহী বাহকৰ উথ্থানগাঁথা আগুৱাই লৈ গৈছে; সমৰ্পিত মালবাহী কৰিডৰসমূহৰে দৈনিক ৪০০ খনতকৈয়ো অধিক ৰে’লৰ চলাচল হয়

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক আগবঢ়াই নিয়া থলুৱা বৈদ্যুতিক ইঞ্জিনসমূহে ঘৰুৱাৰ লগতে

प्रविष्टि तिथि: 28 DEC 2025 3:30PM by PIB Guwahati

 

কেন্দ্ৰীভূত প্ৰচেষ্টা, উদ্ভাৱন আৰু থলুৱাকৰণে ভাৰতীয় ৰে’লৱেক বিশ্বমানৰ নেটৱৰ্কলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। সাধাৰণ মানুহক নিজৰ কেন্দ্ৰবিন্দুত ৰাখি ৰে’লৱেই এই বছৰ বিশ্বমানৰ নেটৱৰ্কৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰে। ২০২৫ চনক বিদায় দিবলৈ ওলোৱাৰ মুহূৰ্তত ভাৰতীয় ৰে’লৱেই ২০২৬ চনৰ নতুন বছৰটোত আপোনাৰ ৰে’ল ভ্ৰমণ অভিজ্ঞতাক সঁচাকৈয়ে স্মৰণীয় কৰি অধিকৰো অধিক আৰামচায়ক কৰি তুলিবলৈ সাজু হৈছে। অমৃত ভাৰত ৰে’লৰ জৰিয়তে নন-এচি ডবাসমূহৰ যাত্ৰীসকলক আৰামদায়ক ভ্ৰমণৰ বিলাসীতা প্ৰদান কৰাৰ পিছত ভাৰতীয় ৰে’লৱেই অচিৰেই এচি শ্ৰেণীৰ ভ্ৰমণকাৰীসকলৰ বাবে প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰে’লৰ প্ৰচলন কৰিবলৈ সাজু হৈছে।

 

কেটাৰিঙৰ ক্ষেত্ৰত ৰে’লৱেই বিভিন্ন ৰে’লত স্থানীয় খাদ্যৰ সোৱাদৰ প্ৰৱৰ্তন কৰিছে। ই আমাৰ যাত্ৰাৰ খাদ্য অভিজ্ঞতাত সোৱাদ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সংযুক্ত কৰিব। যাত্ৰীসকলৰ উন্নত অভিজ্ঞতাৰ উপৰিও ৰেলৱেই মালবাহী সেৱাৰ ক্ষেত্ৰতো শীৰ্ষ বাহক হোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। গতি শক্তি কাৰ্গো টাৰ্মিনেল, অভিলেখ সংখ্যক ৱাগনৰ উৎপাদন আৰু সমৰ্পিত মালবাহী কৰিডৰসমূহত অধিক সখ্যক ৰে’ল চলোৱাই ভাৰতৰ উথ্থানৰ কাহিনীৰ চিত্ৰনাট্য ৰচনা কৰিছে, যিয়ে আমাক আমেৰিকাক পাছতে বিশ্বৰ দ্বিতীয় বৃহত্তম মালবাহক হোৱাত সহায় কৰিছে।

 

সুলভ মূল্যত দ্ৰুত, নিৰাপদ আৰু আৰামদায়ক ভ্ৰমণ

বন্দে ভাৰত ৰেল:

● ২০২৫ চনৰ ২৬ ডিচেম্বৰ পৰ্যন্ত ভাৰতীয় ৰে’লৱে নেটৱৰ্কত মুঠ ১৬৪ খন বন্দে ভাৰত ৰেলৰ সেৱা চলি আছে।

● কেলেণ্ডাৰ বৰ্ষ-২০২৫ৰ ভিতৰত ভাৰতীয় ৰে’লৱেই ১৫ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল প্ৰৱৰ্তন কৰে।

● আগলৈ চাই আগন্তুক বন্দে ভাৰত স্লিপাৰ-য়ে নৈশ ভ্ৰমণৰ ৰূপান্তৰ ঘটাব। ইয়াত দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলৰ বাবে গতি, আৰাম, আৰু আধুনিক সুবিধাসমূহৰ সংমিশ্ৰণ ঘটিব।

 

অমৃত ভাৰত ৰেল:

● সম্প্ৰতি ১২ টা স্লিপাৰ শ্ৰেণীৰ ডবা আৰু ৮ টা সাধাৰণ শ্ৰেণীৰ ডবা সংলগ্ন সম্পূৰ্ণ নন-এচি ৰে’ল অমৃত ভাৰত-য়ে যাত্ৰীসকলক উচ্চমানৰ সেৱা আগবঢ়াই আছে।

● কেলেণ্ডাৰ বৰ্ষ-২০২৫ত ১৩খন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ প্ৰৱৰ্তন তথা চলাচল অব্যাহত ৰখা হৈছে। ভাৰতীয় ৰে’লৱেৰ নেটৱৰ্কত মুঠ ৩০খন অমৃত ভাৰত ৰে’লৰ সেৱা চলি আছে।

 

নমো ভাৰত ৰেপিড ৰেল:

● উচ্চ চাহিদাযুক্ত কৰিডৰসমূহত হ্ৰস্ব আৰু মজলীয়া দূৰত্বৰ গতিশীলতা শক্তিশালী কৰা নমো ভাৰত ৰেপিড ৰে’ল সেৱাসমূহ সঘন আহ-যাহ আৰু আঞ্চলিক সংযোগৰ বাবে আৰ্হি কৰা হৈছে।

● দেশত ভূজ – আহমেদাবাদ আৰু জয়নগৰ – পাটনাৰ মাজত ২ খন নমো ভাৰত ৰেপিড ৰে’ল সেৱা কাৰ্যক্ষম হৈ উঠিছে।

 

বিশেষ ৰেল সেৱা:

২০২৫ চনত ঋতু অনুসৰি বৃদ্ধি পোৱা ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰে’লৰ চলাচল যথেষ্ট সংখ্যাত বৃদ্ধি কৰা হৈছিল, য’ত বৰ্ধিত পৰিকল্পনা আৰু যাত্ৰীৰ আৰামৰ প্ৰতি বিশেষ দৃষ্টি দিয়া হৈছিল।

● ভাৰতীয় ৰে’লৱেই ২০২৫ চনৰ ভিতৰত অভিলেখ সংখ্যক ৪৩,০০০ৰো অধিক বিশেষ ৰে’লৰ চলাচল কৰাইছিল।

● উৎসৱ আৰু গ্ৰীষ্মকালীন ভিৰৰ বাবে ২০২৫ চনত মহাকুম্ভৰ বাবে ১৭,৩৪০খন, হোলীৰ বাবে ১১৪৪খন, ১২,৪১৭খন গ্ৰীষ্মকালীন বিশেষ, আৰু ১২,৩৮৩খন ছঠ পূজাৰ বাবে বিশেষ ৰে’ল চলোৱা হয়।

 

ৰেল পথৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ

পথসমূহৰ শুভাৰম্ভ

২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ভাৰতীয় ৰেলৱেই ৯০০ কিলোমিটাৰতকৈয়ো অধিক নতুন ৰে’লপথ আৰম্ভ কৰে। নতুন পথ স্থাপন কৰাৰ উপৰিও বৰ্তমানৰ ৰে’ল পথসমূহৰ নৱীকৰণ কৰি নিৰাপদ, দ্ৰুত আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰাটোৱেই গুৰুত্ব দিয়া হৈছে।

অনুভাগীয়(ছেকশ্যনেল) গতিবেগ বৰ্দ্ধন

এই আধুনিকীকৰণৰ প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে ৰে’ল পৰিচালনা আৰু যাত্ৰীসকলৰ সুবিধা উন্নত কৰাৰ বাবে অনুভাগীয় গতিবেগ বৃদ্ধি কৰা হয়। ৫৯৯ ট্ৰেক কিলোমিটাৰত অনুভাগীয় গতিবেগ ১৩০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে, যিয়ে স্বৰ্ণিম চতুৰ্ভুজ, স্বৰ্ণিম বিকৰ্ণ, আৰু অন্যান্য ‘বি’ পথসসমূহৰ কিছু অংশ সামৰি লৈছে। ইয়াৰ উপৰিও, ৪,০৬৯ ট্ৰেক কিলোমিটাৰত ঘণ্টাত ১১০ কিলোমিটাৰ গতিবেগ লাভ কৰা হৈছে, আন্তঃগাঁথনি উন্নীতকৰণৰ সৈতে উন্নত ট্ৰেক যন্ত্ৰপাতিৰ সংমিশ্ৰণেৰে দ্ৰুত, নিৰাপদ আৰু অধিক কাৰ্যক্ষম ৰে’ল চলাচল নিশ্চিত কৰা হৈছে।

 

বৈদ্যুতিকীকৰণ

ভাৰতীয় ৰে’লৱে (আই আৰ)ত ৰে’লৱে নেটৱৰ্কৰ বৈদ্যুতিকীকৰণৰ কাম মিছন মোডত লোৱা হৈছে। এই পৰ্যন্ত ব্ৰড গেজ (বিজি) নেটৱৰ্কৰ প্ৰায় ৯৯.২% বিদ্যুৎ সংযোগ কৰা হৈছে। বাকী থকা নেটৱৰ্কত বিদ্যুৎ সংযোগৰ কাম চলি আছে। এই কৃতিত্ব ব্ৰিটেইন (৩৯%), ৰাছিয়া (৫২%) আৰু চীন (৮২%)ৰ বৈদ্যুতিকীকৰণৰ মাত্ৰাতকৈ যথেষ্ট বেছি। মুঠ ১৪টা ৰে’লৱে মণ্ডল আৰু ২৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এতিয়া ১০০% বৈদ্যুতিকীকৰণ সাধন কৰিছে।

 

ৰোড অভাৰ ব্ৰীজ /ৰোড আণ্ডাৰ ব্ৰীজ (আৰ অবি/আৰ ইউ বি) নিৰ্মাণ

২০২৫ চনত ভাৰতীয় ৰে’লৱেই ১১৬১খন আৰ অ’ বি আৰু আৰ ইউ বি-ৰ নিৰ্মাণ সম্পূৰ্ণ কৰি সুৰক্ষা আৰু যাতায়তৰ প্ৰবাহ উন্নত কৰে। ৰোড অভাৰ ব্ৰীজ (আৰ অ’ বি) আৰু ৰোড আণ্ডাৰ ব্ৰীজ (আৰ ইউ বি) অনুমোদন আৰু কাৰ্যকৰী কৰাটো হৈছে ভাৰতীয় ৰে’লৱেৰ এক নিৰন্তৰ আৰু চলি থকা প্ৰক্ৰিয়া। যোৱা ১১টা বছৰত নিৰ্মাণৰ গতি যথেষ্ট ত্বৰান্বিত হৈছে, ১৩,৬০০ৰো অধিক দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে—২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত নিৰ্মাণ কৰা ৪,১৪৮খন দলঙৰ তিনিগুণতকৈয়ো অধিক।

 

এল এইচ বি ডবা নিৰ্মাণ আৰু আধুনিকীকৰণ

২০২৫-২৬ বিত্তীয় বৰ্ষত (২০২৫ চনৰ নৱেম্বৰ মাহ পৰ্যন্ত) ৪,২২৪ টাতকৈয়ো অধিক এল এইচ বি ডবা নিৰ্মাণ কৰা হৈছিল, যিটো যোৱা বছৰৰ সংশ্লিষ্ট সময়ছোৱাৰ তুলনাত ১৮% হাৰে অধিক। ২০১৪-২৫ চনৰ ভিতৰত ২০০৪-১৪ চনৰ তুলনাত নিৰ্মাণ ১৮গুণে বৃদ্ধি পাইছে, যাৰ ফলত নিৰাপদ, মসৃণ আৰু অধিক আৰামদায়ক যাত্ৰা নিশ্চিত হৈছে।

ভাৰতীয় ৰে’লৱেই বিগত ১১টা বছৰত ৪২,৬০০ৰো অধিক এল এইচ বি ডবা নিৰ্মাণ কৰি আধুনিকীকৰণৰ ক্ষেত্ৰত এক বৃহৎ জাঁপ মাৰিছে।

নিৰ্মাণৰ বিৱৰণ:

  • আই চি এফ চেন্নাইঃ ১৬৫৯ টা ডবা
  • এমচিএফ ৰায়েবৰেলি: ১২৩৪ টা ডবা
  • আৰ চি এফ কাপুৰথালাঃ ১,৩৩১ টা ডবা

 

যুগান্তকাৰী প্ৰকল্প

সমগ্ৰ দেশতে যুগান্তকাৰী প্ৰকল্প সম্পূৰ্ণ বা উদ্বোধন কৰা হৈছিল, যিয়ে এই অগ্ৰগতিৰ উদাহৰণ দাঙি ধৰিছিল। উল্লেখযোগ্য যে ভাৰতে পাম্বানত প্ৰথমখন উলম্ব উত্তোলন ৰে’ল দলং মুকলি কৰিছিল, সকলোবতৰৰ ৰে’ল সংযোগ (বিশ্বৰ সৰ্বোচ্চ চেনাব দলংকে ধৰি)ৰ দ্বাৰা কাশ্মীৰৰ সংযোগ শক্তিশালী কৰিছিল, আৰু নতুন বৈৰাবী–ছাইৰাং ৰে’লপথৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চললৈ ৰে’লৰ প্ৰৱেশানুকূলতা সম্প্ৰসাৰিত কৰিছিল। একে সময়তে ৰে’লৱেই আধুনিক ৰে’ল সেৱা (বন্দে ভাৰত, অমৃত ভাৰত, নমো ভাৰত) সম্প্ৰসাৰণ কৰি ষ্টেশ্যন আৰু মালবাহী কৰিডৰসমূহ যুদ্ধকালীন তত্পৰতাৰে পুনৰ উন্নয়ন কৰি অৰ্থনৈতিক উন্নয়ণ আৰু বহনক্ষমতাক আগুৱাই নিয়াত ইয়াৰ ভূমিকাক আলোকপাত কৰে।

 

সকলো বতৰৰ ৰেল সংযোগ: ইউএছবিআৰএল আৰু কাশ্মীৰ দলং

হিমালয়ৰ মাজেৰে ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধামপুৰ–শ্ৰীনগৰ–বাৰামুল্লা ৰে’ল সংযোগ (ইউএছবিআৰএল) ২০২৫ চনত সম্পূৰ্ণ কৰি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰা হয়। ইয়াত ৩৬টা ডাঙৰ সুৰংগ আৰু ৯৪৩খন দলং সন্নিবিষ্ট কৰা হৈছে, যিয়ে বিশ্বৰ অন্যতম প্ৰত্যাহ্বানমূলক ভূখণ্ডত ব্যতিক্ৰমী অভিযান্ত্ৰিকতাক প্ৰতিফলিত কৰে। প্ৰকল্পটোত বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে তোৰণ দলং ‘চেনাব দলং’, চেনাব নদীৰ ওপৰত ১,৩১৫ মিটাৰ তীখাৰ তোৰণ (৩৫৯ মিটাৰ উচ্চতা), ভাৰতৰ প্ৰথমখন কেবল ষ্টেড ৰে’ল দলং ‘অঞ্জি দলং’(নদীৰ পৰা ৩৩১ মিটাৰ ওপৰত নিৰ্মিত) আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া কৰ্ম সম্পাদিত ৰে’লৱে সুৰংগ ‘টি-৫০’কে ধৰি আইকনিক অভিযান্ত্ৰিক আশ্চৰ্যসমূহৰ বৈশিষ্ট্য আছে।

উত্তৰ-পূৱ ৰেল সংযোগ: বৈৰবিছাইৰাং ৰেলপথ

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত মিজোৰামৰ ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰাবী–ছাইৰাং ব্ৰডগেজ লাইন উদ্বোধন কৰি আইজলক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান প্ৰদান কৰা হয়। দুৰ্গম পাহাৰ অতিক্ৰম কৰা এই ৰে’লপথছোৱাত ৪৫টা সুৰংগ, ৫৫খন ডাঙৰ দলং আৰু ৮৮খন সৰু দলং অন্তৰ্ভুক্ত কৰা হৈছে। উদ্বোধনী দিনটোত প্ৰধানমন্ত্ৰীয়ে এই পথত ছাইৰাং–দিল্লী ৰাজধানী এক্সপ্ৰেছকে ধৰি – মিজোৰামক দিল্লী, গুৱাহাটী আৰু কলকাতাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা তিনিখন নতুন ৰে’লগাড়ীৰো ফ্লেগ অফ কৰে। এই কৌশলগত প্ৰকল্পই আঞ্চলিক ভ্ৰমণ আৰু বাণিজ্যৰ ৰূপান্তৰ ঘটাব, উত্তৰ-পূবৰ বাবে বজাৰ, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।

 

কৌশলগত সাগৰীয় সংযোগ: নতুন পাম্বন দলং

২০২৫ চনৰ ৬ এপ্ৰিলত উদ্বোধন কৰা নতুন পাম্বন দলং হৈছে ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন ৰে’লৱে সাগৰীয় দলং। মুঠ ২.০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন পাম্বন দলঙে ৰামেশ্বৰমক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযুক্ত কৰিছে। পালক জলদ্বীপৰ ওপৰেৰে ২.০৮ কিলোমিটাৰ দৈৰ্ঘ্যত বিস্তৃত এই দলঙে ১১০ বছৰীয়া কেন্টিলিভাৰ দলঙৰ ঠাইত ঐতিহ্যক আধুনিক আৰ্হিৰ সৈতে মিশ্ৰিত কৰিছে। ৭২.৫ মিটাৰ চেণ্ট্ৰেল স্পান ১৭ মিটাৰ ওপৰলৈ তুলি জাহাজবোৰক পাৰ কৰাব পাৰি, আৰু ডেকখন পুৰণি দলংখনতকৈ ৩ মিটাৰৰে ওখ।

মুম্বাই-আহমেদাবাদ হাই স্পীড ৰেল (MAHSR) প্ৰকল্প

মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে’ল (MAHSR) প্ৰকল্প: ভাৰত চৰকাৰে ২০১৫ চনৰ ডিচেম্বৰ মাহত ৫০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে’ল (MAHSR) প্ৰকল্পলৈ অনুমোদন জনাইছিল যিটো জাপান চৰকাৰৰ কাৰিকৰী আৰু আৰ্থিক সহযোগিতাৰে কাৰ্যকৰী হৈ আছে।

 

২০২৫ চনত শুভাৰম্ভ কৰা প্ৰকল্প (আজি পৰ্যন্ত)

২০২৫-২৬ বিত্তীয় বৰ্ষত নীতিগত অনুমোদন ভূমিগত সম্পত্তিলৈ ৰূপান্তৰিত হয়। মাননীয় প্ৰধানমন্ত্ৰীয়ে ৪২টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে, ১৩টা প্ৰকল্প উদ্বোধন কৰে আৰু ২১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ সামগ্ৰিক মূল্য ২৫,০০০ কোটি টকাতকৈয়ো অধিক।

চলিত বৰ্ষত তলত উল্লেখ কৰা প্ৰকল্পসমূহৰ শুভাৰম্ভ কৰা হৈছে :

  • বিজাপুৰ–অম্বলিয়াছান গেজ ৰূপান্তৰ
  • ডমিংগড়–গোৰখপুৰ–গোৰখপুৰ কেণ্ট.–কুছুমহি – ৩য় ৰান লাইন আৰু গোৰখপুৰ–নাকাহা জংগল ডাবলিং
  • বাহৰেইচ–নানপাৰা–নেপাল গঞ্জ গেজ ৰূপান্তৰ
  • কাৰাইকাল বন্দৰৰ উত্তৰ মূৰত সংযোগৰ ব্যৱস্থা কৰি পোনপটীয়াকৈ PEM–KIK NL ত প্ৰৱেশ কৰি গতিশীলতা উন্নত কৰা
  • কাজিপেট–বল্লাৰশ্বাহ মূল পথক পেড্ডাপল্লী–কাৰীমনগৰ পথৰ সৈতে সংযোগৰ বাবে পেড্ডাপল্লীত বাইপাছ লাইন
  • হিম্মতনগৰ–খেডব্ৰহ্ম গেজ ৰূপান্তৰ
  • ছাপ্ৰা জুনিয়ৰৰ মাজত ৩য় ৰে’লপথ সংযোগ। ছাপ্ৰা কাচেৰীলৈ (৩.০ কি.মি.)
  • আৰৰিয়া–গালগালিয়া (ঠাকুৰগঞ্জ) নতুন পথ

সোমনাথ ষ্টেশ্যনত অতিৰিক্ত ট্ৰেক স্থাপনৰ ব্যৱস্থা (২.৫ কিলোমিটাৰ)

  • বৈৰবী–ছাইৰাং নতুন পথ
  • টৰি–শিৱপুৰ ৩য় পথ
  • চুৰু–ৰতংগৰ দ্বৈতকৰণ
  • দেওবন্দ (মুজাফ্ফৰ নগৰ)–ৰূৰকী নতুন পথ
  • যমুনা দলং–আগ্ৰা দুৰ্গ – যমুনা নদীত ডাঙৰ দলঙৰ সৈতে দ্বৈত পথ
  • পুনে–মিৰাজ–লণ্ডা দ্বৈতকৰণ
  • মনমদ–জলগাঁও ৩য় পথ

 

সুৰক্ষা

ভাৰতীয় ৰে’লৱেই সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ২০০৪-১৪ চনৰ সময়ছোৱাত পৰিণামী ৰে’ল দুৰ্ঘটনাৰ সংখ্যা আছিল ১৭১১ (বছৰত গড়ে ১৭১), যিটো সংখ্যা ২০২৪-২৫ চনত ৩১ লৈ হ্ৰাস পাইছে আৰু ২০২৫-২৬ চনত হ্ৰাস পাইছে ১১ লৈ (নৱেম্বৰ, ২০২৫ পৰ্যন্ত)। সুৰক্ষা বাজেট ২০১৩-১৪ বিত্তীয় বৰ্ষৰ ৩৯,৪৬৩ কোটি টকাৰ পৰা চলিত বিত্তীয় বৰ্ষত ১,১৬,৪৭০ কোটি টকালৈ প্ৰায় তিনিগুণ বৃদ্ধি পাইছ। কুঁৱলীৰ সুৰক্ষা সঁজুলি ২০১৪ চনৰ ৯০ৰ পৰা ২০২৫ চনত ২৫,৯৩৯টালৈ বৃদ্ধি পাইছে। কেৱল যোৱা চাৰিটা মাহতে ২১টা ষ্টেশ্যনত চেণ্ট্ৰেলাইজড ইলেক্ট্ৰনিক ইন্টাৰলক আৰু ট্ৰেক চাৰ্কিটিং সম্পূৰ্ণ হৈছে।

পুনৰ উন্নীত কৰা ষ্টেশ্যনসমূহত যাত্ৰীৰ উন্নত অভিজ্ঞতা

অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ জৰিয়তে যাত্ৰীবাহী ৰে’লৰ ষ্টেশ্যনৰ ব্যাপক পুনৰ নিৰ্মাণৰ বাবে সংগঠিত হৈছে। এই আঁচনিৰ অধীনত ৰে’ল ষ্টেশ্যনসমূহক কেৱল ট্ৰেনজিট পইণ্ট হিচাপেই নহয়, বৰং চহৰসমূহৰ কেন্দ্ৰ হিচাপে পুনৰ কল্পনা কৰা হৈছে। আজি পৰ্যন্ত এই কাৰ্যসূচীৰ অধীনত ১,৩৩৭টা ষ্টেশ্যন পুনৰ-সংস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে – যিটো হৈছে বিশ্বৰ অন্যতম বৃহৎ ষ্টেশ্যন পুনৰ্নিৰ্মাণৰ পদক্ষেপ।

সৌৰশক্তিচালিত ৰেল ষ্টেশ্যন

ভাৰতীয় ৰে’লৱেই দেশজুৰি ২,৬২৬টা ৰেলৱে ষ্টেশ্যন সৌৰশক্তিচালিত কৰি স্বচ্ছ আৰু বহনক্ষম শক্তিৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। মুঠ ৮৯৮ মেগাৱাট সৌৰশক্তি কাৰ্যক্ষম কৰা হৈছে, য’ত প্ৰায় ৭০% গতিপ্ৰাপ্ত কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছে।

বিনামূলীয়া ৱাই-ফাই

ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ সুবিধাক প্ৰাথমিকতা দি ৬,১১৭ টা ষ্টেশ্যনত বিনামূলীয়া ৱাই-ফাই সেৱা প্ৰদান কৰে।

ৰেলওৱান এপ্(RailOne App): যাত্ৰীসকলৰ বাবে ছিংগল ষ্টপ সমাধান

ভাৰতীয় ৰে’লৱেই যাত্ৰী সেৱাৰ বাবে এক ব্যাপক ছিংগল ষ্টপ সমাধান ৰেলৱান এপ্ (RailOne App)মুকলি কৰিছে, যিটো এণ্ড্ৰইড আৰু আই অ’ এছ প্লেটফৰ্মত উপলব্ধ।

আধাৰ-প্ৰত্যায়িত সংৰক্ষণ সংস্কাৰ

ব্যৱহাৰকাৰীসকলৰ আধাৰ পৰীক্ষণ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যিটোক ব্যৱস্থাটোক অধিক শক্তিশালী কৰিবলৈ লোৱা হৈছে। প্ৰকৃত যাত্ৰীসকলক প্ৰাথমিকতা দিবলৈ আই আৰ চি টি চি-ৰ ৱেবছাইট বা এপত ৰিজাৰ্ভশ্যন খোলাৰ প্ৰথম ১৫ মিনিটৰ ভিতৰত কেৱল আধাৰ প্ৰমাণিত ব্যৱহাৰকাৰীসকলেহে সাধাৰণ সংৰক্ষিত টিকট বুকিং কৰিব পাৰিব। কেৱল আধাৰ পৰীক্ষিত ব্যৱহাৰকাৰীয়েহে তত্কালৰ টিকট বুকিং কৰিব পাৰিব। ই-টিকটিং ব্যৱস্থাৰ অপব্যৱহাৰৰ চেষ্টা কৰা অসাধু ব্যৱহাৰকাৰীসকলক চিনাক্ত আৰু প্ৰতিৰোধৰ বাবেও অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে।

 

অৰ্থনৈতিক কৰিডৰ

ভাৰতীয় ৰে’লৱেই সমগ্ৰ ৰে’ল নেটৱৰ্কত সামৰ্থ্য, দক্ষতা, আৰু বহনক্ষমতা বৃদ্ধিৰ বাবে একাধিক ৰূপান্তৰণশীল আন্তঃগাঁথনিৰ পদক্ষেপ গ্ৰহণ কৰিছে। মূল লক্ষ্য ক্ষেত্ৰসমূহৰ ভিতৰত আছে গতানুগতিক নেটৱৰ্কক ভিৰমুক্ত কৰিবলৈ নিৰ্দিষ্ট মালবাহী কৰিডৰসমূহৰ কাম আৰম্ভ কৰা, আৰু ৰাজহুৱা বিনিয়োগৰ পৰিপূৰক হিচাপে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) আৰ্হিৰ প্ৰসাৰ। তলৰ খণ্ডসমূহত এই ডাঙৰ পদক্ষেপসমূহৰ অগ্ৰগতি আৰু স্থিতিৰ ৰূপৰেখা দাঙি ধৰা হৈছে।

 

তিনিটা প্ৰধান অৰ্থনৈতিক কৰিডৰ

৩টা অৰ্থনৈতিক কৰিডৰৰ অধীনত ৪৩৪টা প্ৰকল্প চিনাক্ত কৰা হৈছে আৰু ইয়াৰ ব্যয় ব্যয় হৈছে ১১.১৭ লাখ কোটি টকা।

শক্তি, খনিজ আৰু চিমেণ্ট কৰিডৰ: ১৯২টা প্ৰকল্প

যান-বাহনৰ উচ্চ ঘনত্বৰ পথ: ২০০ টা প্ৰকল্প

বন্দৰ সংযোগ: ৪২টা প্ৰকল্প

 

সমৰ্পিত মালবাহী কৰিডৰ (ডিএফচিছ) প্ৰকল্প:

ডেডিকেটেড ফ্ৰেইট কৰিডৰ হৈছে এটা বৃহত্ ৰেলৱে আন্তঃগাঁথনিমূলক প্ৰকল্প। দুটা সমৰ্পিত মালবাহী কৰিডৰ (ডি এফ চি) অৰ্থাৎ লুধিয়ানাৰ পৰা সোণনগৰ (১৩৩৭ কিলোমিটাৰ)লৈ পূব সমৰ্পিত মালবাহী কৰিডৰ (ইডিএফচি) আৰু জৱাহৰলাল নেহৰু বন্দৰ টাৰ্মিনেল (জেএনপিটি)ৰ পৰা দাদ্ৰীলৈ (১৫০৬ কিলোমিটাৰ) পশ্চিম সমৰ্পিত মালবাহী কৰিডৰ (ডব্লিউডিএফচি) কাৰ্যক্ষম কৰি কাৰ্যকৰী কৰা হৈছে (১০২ কিলোমিটাৰ বৈতাৰ্না-জেএনপিটি মুম্বাই অংশৰ বাহিৰে যিটো অগ্ৰগতি চলি আছে)।

 

 

ৱাগন নিৰ্মাণ:

ভাৰতীয় ৰে’লৱেত নতুন ৱাগনৰ প্ৰৱেশ সৰ্বাধিক কৰি মালবাহী উপাৰ্জন বৃদ্ধি কৰিবলৈ ২০২৯-৩০ চনৰ ভিতৰত ৩০০০ নিযুত টন লোডিঙৰ লক্ষ্যৰ বাবে যোৱা তিনি বছৰৰ ভিতৰত ৱাগনৰ নিৰ্মাণ বৃদ্ধি কৰা হৈছিল। এই উদ্দেশ্যে ৱাগনৰ নিৰ্মাণ শক্তিশালী কৰা হয়, যাৰ ফলত ২০২৫ চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহত ক্ৰমে ৩৬৫১, ৩৮৮০, ৪১৩৫ টা ৱাগন নিৰ্মাণ কৰা হয় যাৰ ফলত ২০২৪-২৫ বিত্তীয় বৰ্ষত সৰ্বাধিক ৪১,৯২৯ (যোৱা ৩ বছৰৰ ভিতৰত সৰ্বাধিক)টা ৱাগন নিৰ্মিত হয়।

 

অনন্তনাগলৈ প্ৰথমখন খাদ্যান্নবাহী ৰে

ইতিহাস ৰচনা কৰি কাশ্মীৰ উপত্যকাৰ বাবে প্ৰথমখন খাদ্যান্নবাহী ৰে’লে অনন্তনাগ গুডছ টাৰ্মিনেলত উপস্থিত হয়। পঞ্জাৱৰ অজিতৱাল ৰে’লৱে ষ্টেশ্যনৰ পৰা প্ৰায় ১৩৮৪ টন খাদ্যদ্ৰব্য কঢ়িয়াই নিয়া এই ৰেলখনে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰে’লৱে ষ্টেশ্যনলৈ ৰে’লৰে প্ৰথমটো বৃহত্ পৰিমাণৰ খাদ্যদ্ৰব্যৰ খেপ লৈ যায়।

 

ৰেলযোগে উত্তৰ-পূবত চিমেণ্টৰ পৰিবহণ

বৈৰাবী–ছাইৰাং ৰে’লপথৰ শুভাৰম্ভৰ পিছতে মালবাহী অভিযান আৰম্ভ হয়। ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত প্ৰথমটো মালবাহী যাত্ৰাত অসমৰ পৰা আইজললৈ চিমেণ্ট কঢ়িওৱা ২১টা ৱাগন নিয়া হৈছিল। তেতিয়াৰ পৰাই এই পথটোৰে চিমেণ্ট, নিৰ্মাণ সামগ্ৰী, অটোম’বাইল, বালি, আৰু শিলৰ চিপ আদি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰি অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়ন আৰু বজাৰত প্ৰৱেশত সহায় কৰে।

 

মিজোৰামলৈ ৰেলযোগে গাড়ীৰ যোগান

প্ৰথমবাৰৰ বাবে ৰে’লযোগে মিজোৰামলৈ গাড়ী যোগান ধৰা হৈছে, যিটো লজিষ্টিক ক্ষেত্ৰত এক ঐতিহাসিক কৃতিত্ব স্বৰূপ হৈ উঠিছে। চাংসাৰি (গুৱাহাটীৰ সমীপত)ৰ পৰা ১১৯খন মাৰুতি গাড়ী কঢ়িয়াই অনা এখন অটোম’বাইল ৰেক আইজলৰ সমীপৰ চাইৰাং ৰে’লৱে ষ্টেশ্যনত উপস্থিত হয়।

এই সুবিধাই আইজল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত বাহনৰ উপলব্ধতা বৃদ্ধি কৰিব, দীৰ্ঘ দূৰত্বৰ পথ পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, আৰু ডিলাৰ, সেৱা প্ৰদানকাৰী, আৰু গ্ৰাহকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

 

ভাৰতীয় ৰেলৱেত পিপিপি:

ৰে’লৱেত পিপিপি প্ৰকল্পসমূহ বৰ্তমান ২০১২ চনৰ পিপিপি নীতিৰ অধীনত কাৰ্যকৰী কৰা হয়। এই পৰ্যন্ত পিপিপি আৰ্হিৰ জৰিয়তে ১৬,৬৮৬ কোটি টকাৰ ১৮টা প্ৰকল্প সম্পূৰ্ণ হৈছে। কয়লাৰ সংযোগ আৰু বন্দৰ সংযোগ প্ৰকল্পকে ধৰি ১৬,৩৬২ কোটি টকাৰ ৭টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে। এই নীতিক আকৰ্ষণীয় কৰি তুলিবলৈ পিপিপি আৰ্হিৰ পুনৰ্গঠন আৰু পুনৰীক্ষণ চলি আছে।

 

নিযুক্তি

বাৰ্ষিক কেলেণ্ডাৰ ২০২৪ আৰু ২০২৫ অনুসৰি মণ্ডল ৰে’লৱে আৰু উৎপাদন গোটকে ধৰি ভাৰতীয় ৰে’লৱেত ১,২০,৫৭৯টা খালী পদৰ নিযুক্তি গ্ৰহণ কৰা হৈছে।

 

ক্ৰীড়া

ভাৰতৰ ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰাত ভাৰতীয় ৰে’লৱেই দীৰ্ঘদিন ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, ইয়াৰ ক্ৰীড়াবিদসকলে বিভিন্ন শাখাৰ মাজেৰে দেশলৈ পুৰস্কাৰ কঢ়িয়াই আনিছে। তেওঁলোকৰ অসাধাৰণ কৃতিত্বৰ স্বীকৃতি আৰু পুৰস্কাৰৰ চিন হিচাপে এই বছৰটোৰ ভিতৰত প্ৰতিকা ৰাৱাল, স্নেহ ৰানা আৰু ৰেনুকা সিং ঠাকুৰক বিশেষ কৰ্তব্যৰত বিষয়া (ক্ৰিড়া)ৰ গ্ৰুপ ‘বি’ বিষয়া গ্ৰেডৰ পদত সময়তকৈ আগতে পদোন্নতি প্ৰদান কৰা হৈছে। ভাৰতৰ আই চি চি মহিলা বিশ্বকাপ ২০২৫ অভিযানত ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে এই পদোন্নতিসমূহ প্ৰদান কৰা হয়।

 

২০২৬ চনক নৱীকৃত আত্মবিশ্বাস আৰু দায়বদ্ধতাৰে আদৰণি জনাই ভাৰতীয় ৰে’লৱেই পূৰ্ণ আন্তৰিকতা আৰু নিষ্ঠাৰে ৰে’ল সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।

 

 

*****

Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/ Manik Sharma/KB


(रिलीज़ आईडी: 2210724) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Odia , Tamil , Kannada , Malayalam