মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

৩ কোটিতকৈও অধিক পঞ্জীয়নেৰে পৰীক্ষা পে চৰ্চাৰ নতুন অভিলেখ

प्रविष्टि तिथि: 31 DEC 2025 8:47AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম পদক্ষেপ পৰীক্ষা পে চৰ্চা (পি পি চি)ৰ বাবে পঞ্জীয়নে এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। এই কাৰ্যসূচীৰ বাবে ২০২৫ চনৰ ৩০ ডিচেম্বৰলৈকে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলৰ ৩ কোটিৰো অধিক পঞ্জীয়ন হৈছে।

এই অভূতপূৰ্ব সঁহাৰিয়ে কাৰ্যসূচীৰ বৰ্ধিত জনপ্ৰিয়তা আৰু শিক্ষাৰ্থীসকলৰ মানসিক সুস্থতাৰ ক্ষেত্ৰত ইয়াৰ সফলতা প্ৰতিফলিত কৰিছে, লগতে পৰীক্ষাৰ প্ৰতি এক ইতিবাচক আৰু বিশ্বাসপূৰ্ণ দৃষ্টিভংগীক উদগণি দিছে। অংশগ্ৰহণৰ মাত্ৰাই এক প্ৰকৃত জন আন্দোলন হিচাপে পৰীক্ষা পে চৰ্চাৰ উত্থানক দাঙি ধৰিছে, যি সমগ্ৰ দেশৰ শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলৰ সৈতে গভীৰভাৱে অনুৰণিত হৈছে।

পৰীক্ষা পে চৰ্চা ২০২৬-ৰ বাবে অনলাইন পঞ্জীয়ন ১ ডিচেম্বৰ, ২০২৫-ত মাইগভ প'ৰ্টেলত মুকলি কৰা হৈছিল। শিক্ষা মন্ত্ৰালয়ৰ অধীনত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে বাৰ্ষিকভাৱে আয়োজন কৰা এই পদক্ষেপটো শিক্ষা আৰু আলোচনাৰ এক বহুল প্রত্যাশিত উদযাপনত পৰিণত হৈছে, যাৰ জৰিয়তে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰা হৈছে।

পৰীক্ষা পে চৰ্চা ২০২৬ত অংশগ্ৰহণ কৰিবলৈ ইয়াত পঞ্জীয়ন কৰকঃ

🔗 https://innovateindia1.mygov.in/ 

*****

AK/HS


(रिलीज़ आईडी: 2210044) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam