গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৰতন টাটাজীলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
ৰতন টাটাজীয়ে সততা আৰু মমতাৰে ভাৰতীয় উদ্যোগক নতুন ৰূপ দিছিল
থলুৱা উদ্যোগ গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি নিস্বাৰ্থ দানশীলতালৈকে তেওঁ দেখুৱাইছিল যে প্ৰকৃত সফলতা দেশৰ সেৱাত নিহিত হৈ আছে
শ্ৰী ৰতন টাটাৰ উত্তৰাধিকাৰে স্বাৱলম্বী ভাৰতক অনুপ্ৰাণিত কৰিব
प्रविष्टि तिथि:
28 DEC 2025 1:28PM by PIB Guwahati
ভাৰতীয় উদ্যোগক সততা আৰু মমতাৰে নতুন ৰূপ দিয়া ৰতন টাটাজীৰ জয়ন্তীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় “ভাৰতীয় উদ্যোগক সততা আৰু মমতাৰে নতুন ৰূপ দিয়া ৰতন টাটা জীলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি।
থলুৱা উদ্যোগ গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি নিস্বাৰ্থ দানশীলতালৈকে তেওঁ দেখুৱাইছিল যে প্ৰকৃত সফলতা দেশৰ সেৱাত নিহিত হৈ আছে। তেওঁৰ এই উত্তৰাধিকাৰে স্বাৱলম্বী ভাৰতক অনুপ্ৰাণিত কৰিব।”
***
RK / RR / PS
(रिलीज़ आईडी: 2209346)
आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada