প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইথিঅ’পিয়াৰ আদ্দিছ আবাবাত আদৱা বিজয় স্মৃতিসৌধত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

प्रविष्टि तिथि: 17 DEC 2025 1:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদ্দিছ আবাবাত আদৱা বিজয় স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই স্মৃতিসৌধটো ১৮৯৬চনত আদৱাৰ যুদ্ধত নিজৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ বাবে চূড়ান্ত ত্যাগ কৰা সাহসী ইথিঅ’পিয়ান সৈনিকসকলৰ প্ৰতি উৎসৰ্গিত। এই স্মাৰকটো আদৱাৰ নায়কসকলৰ স্থায়ী মনোভাৱ আৰু দেশৰ স্বাধীনতা, মৰ্যাদা আৰু স্থিতিস্থাপকতাৰ গৌৰৱোজ্জ্বল উত্তৰাধিকাৰৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি।

 


স্মাৰকটোত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে ভাৰত আৰু ইথিঅ’পিয়াৰ মাজত বিশেষ ঐতিহাসিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰিছে যাক দুয়োখন দেশৰ জনসাধাৰণে অব্যাহত ৰাখিছে।

 

***

 

MJPS/ST/MK


(रिलीज़ आईडी: 2205152) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam