কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেবিনেটে ভিন্ন ঔদ্যোগিক ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে ক'লসেতু উইণ্ড': ক’ল লিংকেজৰ নিলামত অনুমোদন জনায়, যিয়ে ন্যায্য প্ৰৱেশ আৰু সম্পদৰ অনুকূল ব্যৱহাৰ নিশ্চিত কৰিব
प्रविष्टि तिथि:
12 DEC 2025 4:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেন্দ্ৰীয় কেবিনেট কমিটিয়ে আজি এনআৰএছ লিংকেজ পলিচিত "ক'লসেতু উইণ্ড'" (CoalSETU window) নামেৰে এক নতুন উইণ্ড' প্ৰৱৰ্তনেৰে নিৰৱচ্ছিন্ন, ফলপ্ৰসূ আৰু স্বচ্ছ ব্যৱহাৰৰ বাবে ক'ল লিংকেজৰ অকচন নীতিত (CoalSETU)-ত অনুমোদন জনায়। ইয়াৰ লক্ষ্য হৈছে কয়লাক যিকোনো ঔদ্যোগিক ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে ব্যৱহাৰ কৰা। এই নতুন নীতিয়ে চৰকাৰৰ কয়লা খণ্ডত সংস্কাৰ সাধনৰ পন্থাক দৃঢ় কৰি তুলিছে।
এই নীতিয়ে ২০২৬-ৰ এনআৰএছ (Non-Regulated Sector) লিংকেজ অকচন পলিচীত "ক'লসেতু" নামেৰে এক পৃথক উইণ্ড' প্ৰৱৰ্তনেৰে ঔদ্যোগিক ব্যৱহাৰ আৰু ৰপ্তানিৰ অৰ্থে দীৰ্ঘ-ম্যাদীভাৱে নিলাম ভিত্তিত ক'ল লিংকেজসমূহৰ আবন্টনৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ জৰিয়তে কয়লাৰ ঘৰুৱা ক্ৰেতাসকলে লিংকেজ অকচনত অংশগ্ৰহণ কৰিব পাৰে। এই উইণ্ড'ৰ অধীনত ককিং কয়লা আগবঢ়োৱা নহয়।
এনআৰএছ-লৈ ক’ল লিংকেজৰ নিলামৰ অৰ্থে বৰ্তমানৰ নীতিত এনআৰএছসমূহ যথাঃ চিমেন্ট, ষ্টীল (ককিং), স্পঞ্জ আইৰন, এলুমিনিয়াম আৰু অন্যান্য [সাৰ (ইউৰিয়া)ক বাদ দি]লৈ সকলো নতুন ক’ল লিংকেজ আবন্টনৰ ব্যৱস্থা আছে। ইয়াৰ লগতে এইসমূহৰ কেপ্টিভ পাৱাৰ প্লান্টো (CPP) নিলাম ভিত্তিক। এনআৰএছ লিংকেজৰ বৰ্তমানৰ নীতি অনুসৰি উপ-খণ্ডসমূহ কেৱল নিৰ্দিষ্ট এণ্ড ইউজাৰৰ বাবেহে উপযোগী।
বৰ্তমান আৰু ভৱিষ্যতৰ বজাৰৰ গতিবিধিলৈ লক্ষ্য কৰি আৰু ইজ অৱ ডুয়িং বিজনেছৰ উদ্দেশ্যেৰে তথা বৰ্তমানৰ কয়লা ভাণ্ডাৰৰ ত্বৰান্বিত ব্যৱহাৰ আৰু দেশৰ শক্তি প্ৰয়োজনীয়তা পূৰণৰ বাবে আমদানিকৃত কয়লাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এনআৰএছ-লৈ কয়লা যোগানৰ বৰ্তমানৰ ব্যৱস্থাসমূহৰ ওপৰত নতুনকৈ মনোনিৱেশ কৰাৰ প্ৰয়োজন আছিল। একেদৰে কোনো এণ্ড ইউজ বাধা নোহোৱাকৈ কয়লা গ্ৰাহকৰ সৈতে এনআৰএছ-ত লিংকেজ সম্প্ৰসাৰণৰ প্ৰয়োজন আছিল। বাণিজ্যিক খননৰ বাবে কয়লা খণ্ডক মুকলি কৰাৰ লগে-লগে কোনো এণ্ড ইউজ বাধা অবিহনেই কয়লা ব্লক আবন্টনৰ পথ প্ৰশস্ত হয়। এনআৰএছ-লৈ ক’ল লিংকেজ নিলামৰ এই নীতিত যিকোনো ঔদ্যোগিক ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে দীৰ্ঘ-ম্যাদীভাৱে ক’ল লিংকেজৰ আবন্টনৰ অৰ্থে আন এক উইণ্ড’/উপ-খণ্ড যোগ কৰি ইয়াক সংশোধন কৰা হৈছে। প্ৰস্তাৱিত উইণ্ড’ত ট্ৰেডাৰক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়।
এনআৰএছ (Non-Regulated Sector)-ত নিৰ্দিষ্ট এণ্ড-ইউজাৰ উপ-খণ্ডসমূহৰ বাবে ক’ল লিংকেজৰ বৰ্তমানৰ নিলাম অব্যাহত থাকিব। নিৰ্দিষ্ট কৰা এণ্ড-ইউজাৰেও (সকল) এই উইণ্ড’ত অংশগ্ৰহণ কৰিব পাৰে।
এই উইণ্ড'ৰ অধীনত দেশত পুনৰ বিক্ৰীৰ বাহিৰে নিজস্ব ব্যৱহাৰ, ৰপ্তানি বা আন কোনো উদ্দেশ্যৰ বাবে (ক'ল ৱাছিঙকে ধৰি) ক'ল লিংকেজ লাভৰ পথ প্ৰশস্ত হ'ব। ই ক'ল লিংকেজ হ'ল্ডাৰসকলক তেওঁলোকৰ ক'ল লিংকেজ পৰিমাণৰ ৫০% পৰ্য্যন্ত ৰপ্তানি কৰিবলৈ সক্ষম কৰি তুলিব। ক'ল লিংকেজ হ'ল্ডাৰসকলে প্ৰয়োজনত তেওঁলোকৰ গ্ৰুপ কোম্পানীত নমনীয়ভাৱে কয়লা ব্যৱহাৰ কৰিব পাৰিব। ভৱিষ্যতে ৱাছ কৰা কয়লাৰ চাহিদা বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৱাছাৰী অপাৰেটৰসমূহৰ সৈতে ক’ল লিংকেজৰ ফলশ্ৰুতিত দেশত ৱাছ কৰা কয়লাৰ উপলব্ধতা বৃদ্ধি পাব আৰু আমদানি হ্ৰাস পাব। ইয়াৰ উপৰিও ৱাছ কৰা কয়লাৰ দেশৰ বাহিৰতো চাহিদা বৃদ্ধি পাব আৰু সেয়েহে ৱাছ কৰা কয়লাখিনি ৰপ্তানিৰ উদ্দেশ্যেও ব্যৱহাৰ কৰিব পৰা যাব।
***
MJPS/SB
(रिलीज़ आईडी: 2203350)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Kannada
,
Malayalam
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu