প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়াত মাইক্ৰ’ছফ্টে এতিয়ালৈকে কৰা সৰ্ববৃহৎ বিনিয়োগক আদৰণি জনাইছে, ভাৰতক গ্ল’বেল এআই হাব হিচাপে স্থান দিয়াৰ কথা প্ৰকাশ

এআইৰ কথা আহিলে বিশ্বই ভাৰতক লৈ আশাবাদী হৈ পৰে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 09 DEC 2025 7:20PM by PIB Guwahati

মাইক্ৰ’ছফ্টৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলা ডাঙৰীয়াৰ সৈতে হোৱা এক আলোচনাৰ অন্তত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ বিষয়ে আশাবাদৰ কথা  প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে মাইক্ৰ’ছফটে ভাৰতৰ এছিয়াত এতিয়ালৈকে সৰ্বাধিক বিনিয়োগ কৰাৰ ঘোষণাক আদৰণি জনায়, উদ্ভাৱন আৰু প্ৰযুক্তিৰ বাবে এক বিশ্বাসযোগ্য গন্তব্যস্থান হিচাপে দেশখনৰ ক্ৰমবৰ্ধমান ভূমিকাক গুৰুত্ব আৰোপ কৰে।

সত্য নাডেলা ডাঙৰীয়াৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।

‘এআইৰ কথা আহিলে বিশ্বই ভাৰতক লৈ আশাবাদী হৈ পৰে!

সত্য নাডেলা ডাঙৰীয়াৰ সৈতে অতি আলোচনা কৰিলোঁ। ভাৰতক মাইক্ৰ’ছফটে এছিয়াত এতিয়ালৈকে সৰ্বাধিক বিনিয়োগ কৰিব পৰা ঠাই হোৱা দেখি আনন্দিত হৈছো।

ভাৰতৰ যুৱক-যুৱতীসকলে এই সুযোগৰ সদ্ব্যৱহাৰ কৰি এআইৰ শক্তিক এক উন্নত গ্ৰহৰ বাবে উদ্ভাৱনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব  পাৰিব ।”

 

***

MJPS/SR


(रिलीज़ आईडी: 2201448) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam