iffi banner

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জুৰীৰ সংবাদমেল

জুৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফিল্ম এন্ট্ৰিৰ মৌলিকতা আৰু বৈচিত্ৰ্যৰ শলাগ লয়

বিশ্বব্যাপী উদ্বেগত আলোকপাতকাৰী কাহিনীসমূহত শিশুসকলে কেন্দ্ৰীয় ভূমিকা পালন কৰে

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জুৰীয়ে আজি ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) এখনি সংবাদমেল সম্বোধন কৰে। ইয়াত বিশ্বব্যাপী চলচ্চিত্ৰ সমাজৰ সন্মানীয় সদস্যসকল উপস্থিত থাকে। এইবাৰ প্রতিযোগিতাত ৩ খন ভাৰতীয় ছবিকে প্ৰমুখ্য কৰি ১৫ খন ছবিৰ এন্ট্ৰি ঘটে। এই পেনেলৰ অধ্যক্ষতা কৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ওমপ্ৰকাশ মেহৰাই। ইয়াত ইউএছএ-ৰ জুৰী সদস্য সম্পাদক আৰু পৰিচালক গ্ৰেম ক্লিফৰ্ড, জাৰ্মান অভিনেত্ৰী কেথাৰিনা শ্বুটলাৰ, শ্ৰীলংকাৰ চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰন ৰুটনাম আৰু চিনেমাট’গ্ৰাফাৰ ৰেমি আডেফাৰাচিনে ভাগ লয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/12-1Z69H.jpg

 

জুৰীয়ে বৈচিত্ৰ্য আৰু শিশু-কেন্দ্ৰিক কাহিনীৰ শলাগ লয়

উদ্বোধনী ভাষণত ৰাকেশ ওমপ্ৰকাশ মেহৰাই মহোৎসৱ কৰ্তৃপক্ষক এই কাৰ্য্যসূচী আয়োজন কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অধিক যোগ্য আন্তঃৰাষ্ট্ৰীয় জুৰীৰ পৰা শিকাৰ সুযোগত আলোকপাত কৰে। প্ৰতিযোগিতাখনৰ ছবিসমূহৰ সম্পৰ্কে ব্যক্ত কৰি তেওঁ সমগ্ৰ বিশ্বৰ এন্ট্ৰিসমূহৰ মৌলিকতা আৰু বৈচিত্ৰ্যত আলোকপাতেৰে প্ৰতিখন ছবিয়ে এক সুকীয়া দৃশ্য আৰু আখ্যান শৈলী উপস্থাপন কৰিছে বুলি কয়।

সংবাদ মাধ্যমৰ সৈতে মত-বিনিময়ৰ সময়ত ৰাকেশ ওমপ্ৰকাশ মেহৰাই কয় যে চিনেমাই জীৱনক প্ৰতিফলিত কৰে। বিশেষকৈ শিশুসকলক কাহিনী কথনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰিত্ৰ আৰু অগ্ৰদূত হিচাপে উজ্জ্বল কৰি তোলে। চিনেমাত এআই বিষয়ত তেওঁ উল্লেখ কৰে যে ভৱিষ্যতে প্ৰযুক্তিয়ে জুৰী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিব পাৰে যদিও এআই-এ দৰ্শকৰ আৱেগৰ প্ৰতিলিপি কৰিব নোৱাৰে, যি চলচ্চিত্ৰ নিৰ্মাণৰ কেন্দ্ৰীয় বিষয় হৈয়েই আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/12-27HSY.jpg

গ্ৰেম ক্লিফৰ্ডে মহোৎসৱৰ মুকলি পেৰেড আৰু ছবিৰ বৈচিত্ৰ্যৰ শলাগ লৈ কয় যে একাধিক এন্ট্ৰি প্ৰধান অ’টিটি প্লেটফৰ্মৰ পৰিৱৰ্তে স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাৰ পৰা আহিছে। তেওঁ চিনেমাৰ ভৱিষ্যতৰ বাবে মৌলিকতাৰ তাৎপৰ্য্য সম্পৰ্কে উল্লেখ কৰি শিশুসকলৰ উদ্বেগক লৈ নিৰ্মিত কেইবাখনো ছবিত আলোকপাত কৰে, যিসমূহ চলচ্চিত্ৰই বিশ্বব্যাপী সামাজিক প্ৰত্যাহ্বানসমূহক প্ৰতিফলিত কৰিছে।

কেথাৰিনা শ্বুটলাৰে এই জুৰীৰ অংশ হ’বলৈ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰদৰ্শিত ভিন্ন ছবি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰতি মহোৎসৱৰ সমৰ্থন কাৰ্য্যৰ প্ৰশংসা কৰে। ইয়াৰ উপৰিও তেওঁ মহোৎসৱৰ মাষ্টাৰক্লাছসমূহক প্ৰশংসা কৰে, যিয়ে চলচ্চিত্ৰ নিৰ্মাণৰ কাৰিকৰী আৰু কলাত্মক উভয় দিশতে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিছে।

 

জুৰীয়ে বাছনি প্ৰক্ৰিয়াক প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰিছে

চন্দ্ৰন ৰুটনামে কয় যে শ্ৰেষ্ঠ ছবিসমূহৰ বাছনি প্ৰক্ৰিয়াটো অতিশয় প্ৰত্যাহ্বানজনক আছিল। আলোচনাত কেতিয়াবা মতানৈক্য হৈছিল যদিও শেষত জুৰী ন্যায্যতাত উপনীত হৈছিল আৰু সিদ্ধান্ত বিবেচনা কৰিছিল।

ৰেমি আডেফাৰাচিনে এই মহোৎসৱক “ফেন্টাষ্টিক” বুলি অভিহিত কৰে আৰু এখন ষ্টেণ্ডআউট ফিল্ম বাছনিৰ প্ৰত্যাহ্বানক স্বীকাৰ কৰে। কিয়নো প্ৰতিটো এন্ট্ৰি নিজস্ব ধৰণে উল্লেখযোগ্য আছিল। তেওঁ ভৱিষ্যতে ভাৰতত এখন ছবিৰ শ্বুটিঙৰ ইচ্ছা প্ৰকাশ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/12-3AXDS.jpg

 

চলচ্চিত্ৰ নিৰ্মাণত লিংগ সমতা

চিনেমাত মহিলাৰ প্ৰতিনিধিত্ব সন্দৰ্ভত জুৰীয়ে কয় যে যোৱা ৪–৫ দশকত মহিলাৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাইছে। কিন্তু তেওঁলোকে কয় যে ছবিৰ মূল্যায়ন কৰোঁতে ছবি নিৰ্মাতাৰ লিংগতকৈ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁলোকে স্বীকাৰ কৰে যে পুৰুষ আৰু মহিলাই সামাজিক বিষয়ৰ প্ৰতি সমান সংবেদনশীলতাৰে কাহিনী কথনৰ কাষ চাপে।

https://static.pib.gov.in/WriteReadData/userfiles/image/12-4QH5E.jpg

সংবাদমেলৰ সামৰণিত সকলো জুৰী সদস্যই মহোৎসৱৰ আয়োজকসকলক এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজনৰ বাবে কৃতজ্ঞতা জনাই আৰু আইএফএফআই-ৰ অবিৰত বিকাশ আৰু বিশ্বব্যাপী স্বীকৃতিৰ বাবে তেওঁলোকৰ আশাৰ কথা ব্যক্ত কৰে।

সংবাদ মেলৰ লিংক

 

আইএফএফআই সম্পৰ্কে

 

১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ

আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/

পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/

পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Robin Singh/Darshana Rane | IFFI 56 - 104


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2198684   |   Visitor Counter: 8