প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰই আইআইটি (আইএছএম) ধনবাদৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা সপ্তাহৰ কাৰ্য্যসূচী সম্বোধন কৰে
ডঃ পি.কে. মিশ্ৰই আইআইটি ধনবাদক প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত, ২০৪৭-ৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ আহ্বান জনায়
বিশ্ব অস্থিৰতাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় হৈ আছেঃ ডঃ পি.কে. মিশ্ৰ
বিশেষকৈ সমগ্ৰ গ্ল’বেল চাউথৰ একাধিক ৰাষ্ট্ৰই এতিয়া ভাৰতক বিশ্ব বন্ধু হিচাপে চায় – দেশখন হৈছে আধুনিক সামৰ্থ্যক সভ্যতাবাদী প্ৰজ্ঞাৰে সংপৃক্ত কৰা এক বিশ্বাসযোগ্য অংশীদাৰঃ ডঃ পি.কে. মিশ্ৰ
ডঃ পি.কে. মিশ্ৰই আইআইটি ধনবাদক ভাৰতৰ জটিল খনিজ কৌশলক সমৃদ্ধ কৰিবলৈ আহ্বান জনায়
प्रविष्टि तिथि:
03 DEC 2025 3:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰই আজি ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (ইণ্ডিয়ান স্কুল অৱ মাইনছ), ধনবাদৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা সপ্তাহ উদযাপন কাৰ্য্যসূচীত উদ্বোধনী ভাষণ প্ৰদান কৰে। তেওঁ ইয়াৰ ফেকাল্টী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট অতিথিসকলক উদ্দেশ্যি ২০৪৭-ৰ ভিতৰত ভাৰতৰ এখনি বিকশিত ভাৰত হোৱাৰ যাত্ৰাত আইআইটি ধনবাদে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে।
ডঃ পি.কে. মিশ্ৰক চলিত বৰ্ষৰ আৰম্ভণিতে আইআইটি (আইএছএম) ধনবাদে ডক্টৰ অৱ ছায়েন্স সন্মান প্ৰদান কৰিছিল।
প্ৰতিষ্ঠানখনিৰ ১০০-বছৰীয়া পৰিক্ৰমাৰ উদযাপন কাৰ্য্যসূচীত ভাগ ল’বলৈ পাই সন্তোষ প্ৰকাশেৰে ডঃ মিশ্ৰই খনন, শক্তি, ধৰিত্ৰী বিজ্ঞান আৰু প্ৰায়োগিক ইঞ্জিনিয়াৰিঙত আইআইটি ধনবাদৰ অসীম অৱদানৰ কথা উল্লেখেৰে কয় যে প্ৰতিষ্ঠানখনিয়ে এছিয়াত খনন শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে আৰু ধাৰাবাহিকভাৱে ক’ল ইণ্ডিয়া, অ’এনজিচি, জিএছআই, চিএমপিডিআই তথা এনটিপিচি-ৰ দৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক দক্ষতা আগবঢ়াই আহিছে। ইয়াৰ গৱেষণাৰ ফলাফলে খনি সুৰক্ষা, কয়লা অন্বেষণ, তেল আৰু গেছ তথা খনিজ লাভৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মানদণ্ড গঢ়ি তুলিছে বুলি তেওঁ কয়। ডঃ মিশ্ৰই কয়, “এটা শতবাৰ্ষিকী কেৱল এক মাইলৰ খুঁটিয়েই নহয়, বৰঞ্চ ইতিবাচক সামাজিক ফলাফলৰ বাবে জ্ঞানক ৰাজহুৱা মংগল হিচাপে ব্যৱহাৰৰ স্থায়ী অংগীকাৰে কেনে ফলাফল প্ৰদান কৰিব পাৰে তাৰ স্মাৰক।” তেওঁ ভাৰতৰ এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনিয়ে পালন কৰিবলগীয়া স্বকীয় ভূমিকা সম্পৰ্কে চিন্তা কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীৰ ভাৰত ২০৪৭-ৰ দৃষ্টিভংগীত আলোকপাতেৰে শ্ৰী মিশ্ৰই কয় যে প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বব্যাপী আগবাঢ়ি যোৱাৰ লক্ষ্য হৈছে এখনি উন্নত দেশৰ মৰ্য্যাদা লাভ কৰা। তেওঁ কয় যে ভাৰত সকলো খণ্ডতে আত্মনিৰ্ভৰ হৈ উঠিব, মহিলাসকলে উন্নয়নৰ নেতৃত্ব প্ৰদান দিব, অৰ্থনীতি সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক হ’ব আৰু ৰাষ্ট্ৰীয় জীৱনত দুৰ্নীতি, জাতিবাদ তথা সাম্প্ৰদায়িকতাৰ কোনো স্থান নাথাকিব।
বিগত ১১ বছৰত ভাৰতৰ অৰ্থনৈতিক গতিপথ সন্দৰ্ভত অৱলোকনেৰে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবজনে প্ৰধানমন্ত্ৰীৰ এই পন্থা উদ্ভাৱন আৰু পুনৰ উদ্ভাৱনৰে বদ্ধমূল বুলি কয়। তেওঁ এই পন্থাৰ চাৰিটা স্তম্ভৰ ৰূপৰেখা দাঙি ধৰেঃ প্ৰতিযোগিতামূলক ক্ষমতাক প্ৰসাৰিত কৰা, প্ৰযুক্তিৰ সুযোগ গ্ৰহণ, বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু অন্তিম-প্ৰান্তত ডেলিভাৰী নিশ্চিত কৰা। তেওঁ মহামাৰী, বাণিজ্য যুদ্ধ, ভূ-ৰাজনৈতিক উত্তেজনা, জলবায়ু পৰিৱৰ্তন আৰু যোগান শৃংখলৰ ব্যাঘাতৰ পৰিণতিত বিশ্ব অৰ্থনীতিৰ অস্থিৰতাক স্বীকাৰ কৰে। তথাপিও তেওঁ চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ৮.২ শতাংশ জিডিপি বৃদ্ধিৰ উদ্ধৃতি দি ভাৰতৰ স্থিতিস্থাপকতাৰ কথা সদৰী কৰে। “অনিশ্চয়তাৰ মাজতো ভাৰতে অমৃত কালত সাহস আৰু বিশ্বাসেৰে আগবাঢ়িছে“, তেওঁ কয়।
ডঃ মিশ্ৰই ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ৰূপান্তৰশীল ভূমিকাত গুৰুত্ব আৰোপ কৰে। স্মাৰ্টফোন আৰু বিগ ডাটাৰ পৰা আৰম্ভ কৰি ৰবটিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তালৈকে তেওঁ উল্লেখ কৰে যে সকলোতে অগ্ৰগতি ঘটিছে। তেওঁ কয় যে ভাৰতে ১০০ ৰো অধিক ইউনিকৰ্ণ আৰু দুই লাখৰো অধিক ষ্টাৰ্টআপেৰে বিশ্বব্যাপী উদ্ভাৱন পাৱাৰহাউছ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ ফলশ্ৰুতিত দেশখন বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ষ্টাৰ্টআপ ইক’চিষ্টেমত পৰিণত হৈছে। তেওঁ উদ্ভাৱনৰ ব্যৱধান দূৰ কৰাৰ বাবে চৰকাৰী পদক্ষেপসমূহত আলোকপাত কৰে। ইয়াত মৌলিক গৱেষণা আৰু প্ৰ’ট’টাইপৰ বাবে ১ লাখ কোটি টকাৰ অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা পুঁজি, কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত নেতৃত্ব গঢ়ি তোলাৰ বাবে ইণ্ডিয়াএআই মিছন আৰু ৰূপান্তৰশীল ষ্টাৰ্টআপসমূহক সহায় কৰিবলৈ এক সমৰ্পিত ডিপ টেক ফাণ্ড অৱ ফাণ্ডছ আদি অন্তৰ্ভুক্ত হৈছে। তেওঁ লগতে কয়, “এইসমূহ হৈছে এটি ভৱিষ্যতৰ বাবে সাজু উদ্ভাৱন বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰথম পদক্ষেপ।”
প্ৰধানমন্ত্ৰীৰ “৪এছ” (4S) মন্ত্ৰ – পৰিসৰ (Scope), মাত্ৰা (Scale), গতি (Speed) আৰু দক্ষতা (Skill) শাসন ব্যৱস্থাৰ পথ-প্ৰদৰ্শক নীতি সন্দৰ্ভত বিশদভাৱে উল্লেখ কৰি ডঃ মিশ্ৰই আয়ুষ্মান ভাৰত, ডিজিটেল ইণ্ডিয়া, ইউপিআই আৰু মিছন কৰ্মযোগীৰ দৰে ধ্বজাবাহী পদক্ষেপৰাজিৰ কথা ব্যক্ত কৰি কয় যে এয়া হৈছে প্ৰযুক্তি আৰু প্ৰমূল্যবোধে কেনেদৰে সৰ্বাংগীন, নাগৰিক-কেন্দ্ৰিক সেৱা প্ৰদান কাৰ্য্য সক্ষম কৰি তুলিছে, তাৰ উদাহৰণ। আধাৰ, ক’উইন (CoWIN) আৰু নেচনেল ডিজিটেল এডুকেচন আৰ্কিটেকচাৰৰ দৰে প্লেটফৰ্মসমূহে অন্তৰ্ভুক্তিৰ সৈতে দক্ষতাই কেনেকৈ সহ-অৱস্থান কৰিব পাৰে, সেয়া প্ৰদৰ্শন কৰিছে। ডঃ মিশ্ৰই কয়, “বিশেষকৈ সমগ্ৰ গ্ল’বেল চাউথৰ একাধিক ৰাষ্ট্ৰই এতিয়া ভাৰতক বিশ্ব বন্ধু হিচাপে চায়- দেশখন হৈছে আধুনিক সামৰ্থ্যক সভ্যতাবাদী প্ৰজ্ঞাৰে সংপৃক্ত কৰা এক বিশ্বাসযোগ্য অংশীদাৰ।” তেওঁ ৰাষ্ট্ৰীয় কোৱান্টাম অভিযানৰ দৰে ফ্ৰন্টিয়াৰ খণ্ডৰ অগ্ৰগতি, চন্দ্ৰযান-৩ আৰু আদিত্য-এল১ ৰ দৰে মহাকাশৰ সাফল্যৰাজি, ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ সমান্তৰালভাৱে নবীকৰণযোগ্য শক্তি ক্ষমতাৰ ২০০ গিগাৱাট অতিক্ৰম আৰু বৈজ্ঞানিক অন্বেষণৰ বাবে থলুৱা ছাবমাৰ্চিবল বিকশিত কৰা ডীপ অ’চিয়ান অভিযানৰ কথাও উল্লেখ কৰে।
শ্ৰী মিশ্ৰই এনে বাতাবৰণত আইআইটি ধনবাদে পালন কৰিবলগীয়া অনন্য দায়িত্বত গুৰুত্ব আৰোপ কৰে। আধুনিক পৰীক্ষাগাৰ, ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ, চেছমিক অৱজাৰ্ভেটৰী আৰু সম্প্ৰসাৰিত ইনকিউবেচন বাতাবৰণেৰে প্ৰতিষ্ঠানখনি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰাজিত অৰিহণা যোগাবলৈ সুস্থিৰ অৱস্থাত আছে। ৰাষ্ট্ৰীয় জটিল খনিজ অভিযানৰ অধীনত ইয়াক উৎকৃষ্টতা কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কাৰ্য্যই ভাৰতৰ জটিল খনিজ কৌশল গঢ় দিয়াৰ ক্ষমতাত ৰাষ্ট্ৰীয় বিশ্বাসকে প্ৰতিফলিত কৰিছে বুলিও তেওঁ কয়। তেওঁ প্ৰতিষ্ঠানখনিক জলবায়ু, খনিজ পদাৰ্থ, শক্তি পৰিৱৰ্তন, সামগ্ৰী আৰু উন্নত উৎপাদনৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়, একে সময়তে জনস্বাৰ্থত গৱেষণাক সমৃদ্ধ কৰিবলৈয়ো কয়। ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ প্ৰদানেৰে তেওঁ কয়, “কাৰিকৰী দক্ষতা প্ৰয়োজনীয় যদিও এয়াই সৰ্বস্ব নহয়। বৰঞ্চ মনোভাৱ, টীমৱৰ্ক, নম্ৰতা আৰু নৈতিকতাও সমানেই গুৰুত্বপূৰ্ণ।“ তেওঁ কয় যে ৰাষ্ট্ৰীয় লক্ষ্যৰাজিত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা, স্বচ্ছতা আৰু সন্মান অতিশয় প্ৰয়োজনীয়।
ডঃ মিশ্ৰই তেওঁৰ ভাষণৰ সামৰণিত কয় যে আইআইটি ধনবাদে দ্বিতীয় শতিকাত প্ৰৱেশ কৰিছে। এই সময়ত ভাৰতৰ দীৰ্ঘ-ম্যাদী দিশ স্পষ্ট আৰু ইয়াক আগুৱাই নিয়াৰ ব্যৱস্থা সুদৃঢ় হৈ উঠিছে। তেওঁ কয়, “প্ৰতিষ্ঠানিক শক্তি আৰু বিকশিত ভাৰত, ২০৪৭-ৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ মাজৰ সংহতি স্পষ্ট হৈ পৰিছে। অহা ২৫ বছৰত ভাৰতৰ জ্ঞান, প্ৰযুক্তি আৰু মানৱ পুঁজিৰ সহায়ত এখনি অধিক সক্ষম, গৌৰৱান্বিত আৰু সমতাপূৰ্ণ ৰাষ্ট্ৰ গঢ় লৈ উঠিব।“ তেওঁ ইয়াৰ সঞ্চালক অধ্যাপক সুকুমাৰ মিশ্ৰ আৰু আয়োজক বৃন্দক সমবেতসকলক উদ্দেশ্যি ভাষণ প্ৰদানৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ফেকাল্টী, ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনায়।
***
MJPS/SR/SB
(रिलीज़ आईडी: 2198596)
आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam