তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভুৱা বাতৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি কয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে
ভুৱা বাতৰি আৰু এআই-চালিত ডিপফেক ৰোধ কৰিবলৈ আইনী কাঠামো শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে
प्रविष्टि तिथि:
03 DEC 2025 2:58PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাক অৱগত কৰে যে ছ’চিয়েল মিডিয়া আৰু ভুৱা বাতৰি সন্দৰ্ভত উত্থাপিত বিষয়টো অতি গুৰুতৰ বিষয়। তেওঁ কয় যে ভুৱা বাতৰিয়ে ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, ভুল তথ্য আৰু এআইৰ দ্বাৰা সৃষ্টি হোৱা ডিপফেকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পৰ্যবেক্ষণ কৰে যে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ধৰণে কিছুমান বিশেষ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিছে যিয়ে ভাৰতৰ সংবিধান বা সংসদে প্ৰণয়ন কৰা আইন মানি চলিব নিবিচাৰে। তেওঁ দৃঢ় পদক্ষেপ গ্ৰহণ আৰু শক্তিশালী নিয়ম প্ৰণয়নৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
সংসদত এটা প্ৰশ্নৰ উত্তৰ দি শ্ৰী বৈষ্ণৱে জনাইছে যে শেহতীয়াকৈ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে, য’ত ছয়ত্ৰিশ ঘণ্টাৰ ভিতৰত টেকডাউনৰ প্ৰয়োজনীয়তা আছে। এআইৰ দ্বাৰা সৃষ্টি হোৱা ডিপফেক চিনাক্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেও এক খচৰা নিয়ম প্ৰকাশ কৰা হৈছে আৰু এই সন্দৰ্ভত বৰ্তমান আলোচনা চলি আছে। সংসদীয় সমিতিৰ কাম-কাজৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে শ্ৰী নিশিকান্ত ডুবে আৰু সকলো সদস্যকে আইনী কাঠামো শক্তিশালী কৰাৰ বাবে মূল পৰামৰ্শসমূহ সন্নিবিষ্ট কৰা বিশদ প্ৰতিবেদন দাখিল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে ভুৱা বাতৰি আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কীয় বিষয়সমূহত বাক স্বাধীনতা আৰু আমাৰ গণতন্ত্ৰৰ সুৰক্ষাৰ মাজত এক সুক্ষ্ম ভাৰসাম্য জড়িত হৈ আছে আৰু চৰকাৰে এই ভাৰসাম্যৰ প্ৰতি সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছে। তেওঁ লগতে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপে এক বৃহৎ পৰিৱৰ্তন আৰু গণতান্ত্ৰিক প্ৰযুক্তি কঢ়িয়াই আনিছে, যাৰ ইতিবাচক প্ৰভাৱ স্বীকাৰ কৰিব লাগিব। তেওঁ কয় যে ছ’চিয়েল মিডিয়ায়েও প্ৰতিজন নাগৰিকক এক মঞ্চ প্ৰদান কৰিছে। এই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰতিষ্ঠান আৰু সমাজৰ ভেটি গঠন কৰা আস্থাক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে।
******
Mahesh Kumar/AA
(रिलीज़ आईडी: 2198417)
आगंतुक पटल : 4