আইএফএফআই-ত বিশ্ব শান্তিৰ বাৰ্তা বিলোৱা চলচ্চিত্ৰৰ উদযাপন: সন্মানীয় আইচিএফটি–ইউনেস্কো গান্ধী পদকৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে দহখন ছবিয়ে
ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই ২০২৫)ত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, টেলিভিছন আৰু দৃশ্য-শ্ৰাব্য যোগাযোগ পৰিষদ (আই চি এফ টি)ৰ সহযোগত মহোত্সৱৰ বাৰ্ষিক আই চি এফ টি–ইউনেস্কো গান্ধী পদক প্ৰদান কৰা হয়। এয়া হৈছে ইউনেস্ক’ৰ আদৰ্শ—সহনশীলতা, আন্তঃসাংস্কৃতিক আলোচনা আৰু শান্তিৰ বিশ্বজোৰা সংস্কৃতিক ৰক্ষা কৰা ছবিসমূহক প্ৰদান কৰা সন্মান। ২০১৬ চনত ৪৬ সংখ্যক আই এফ এফ আই-ত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত এই বঁটাটো সহমৰ্মিতা, সমন্বয় আৰু সামাজিক দায়বদ্ধতাক অনুপ্ৰাণিত কৰা চলচ্চিত্ৰক উদযাপন কৰি উৎসৱটোৰ অন্যতম সন্মানীয় স্বীকৃতি হিচাপে পৰিগণিত হৈছে।
এইবাৰ বিশ্বৰ দহখন ব্যতিক্ৰমধৰ্মী ছবিয়ে এই সন্মানীয় পদকৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। এইসমূহৰ ভিতৰত ব্ৰিটেইন, নৰৱে, ক’ছ’ভ’, ইৰাক, চিলি, জাপান, আৰু ভাৰতৰ তিনিখন ছবি অন্ৰভুক্ত আছিল, যিয়ে বৈচিত্ৰময় গল্প-কথন আৰু বিশ্বজনীন প্ৰতিনিধিত্বৰ প্ৰতি আইএফএফআই-ৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছবিসমূহৰ ভিতৰত আছে ব্রাইডছ (ইউ কে), হানা (কছ’ভ’), কে পপাৰ (ইৰাণ), দ্য প্ৰেচিডেণ্টছ কেক (আমেৰিকা–ইৰাক–কাটাৰ), ছেফ হাউছ (নৰৱে), তনভি দ্য গ্ৰেট (ভাৰত), দ্য ৱেভ (চিলি), বিমুক্ত (ভাৰত), হোৱাইট স্নো (ভাৰত) আৰু ইয়াকুছিমা’ছ ইলুজন (বেলজিয়াম–ফ্ৰান্স–জাপান–লাক্সেমবাৰ্গ)।
আই এফ এফ আই ২০২৫ৰ বাবে আই চি এফ টি–ইউনেস্কো গান্ধী পদক জুৰীমণ্ডলীৰ অধ্যক্ষতা কৰে ড° অধ্যাপক আহমেদ বেডজাউই (আলজেৰিয়া)য়ে, সদস্যসকল হৈছে জুইয়ুয়ান হুন (চীন), চাৰ্জ মিচেল (ফ্ৰান্স), টবিয়াছ বিয়ানকনে (ছুইজাৰলেণ্ড) আৰু জৰ্জ ডুপণ্ট (লাক্সেমবাৰ্গ)।
পিআইবি-ৰ সংবাদমেলত ভাষণ দি আইচিএফটি–ইউনেস্কো পেৰিছৰ সন্মানীয় প্ৰতিনিধি প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মনোজ কদামে কয় যে এই বঁটাৰ জৰিয়তে অহিংসা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক ন্যায় প্ৰতিফলিত কৰা মানৱীয় মূল্যবোধ আৰু দৃশ্য প্ৰক্ষেপ কৰা ছবিসমূহক স্বীকৃতি দিয়া হয়। তেওঁ উল্লেখ কৰে যে ২০২৫ চনটো হৈছে আই এফ এফ আই-ৰ সৈতে আই চি এফ টি-ৰ অংশীদাৰিত্বৰ একাদশ বছৰ, যিয়ে অৰ্থপূৰ্ণ চলচ্চিত্ৰক প্ৰচাৰৰ বাবে এক সহভাগ কৰা অভিযানত গুৰুত্ব আৰোপ কৰিছে।
মনোজ কদামে আলোকপাত কৰে যে ১৯৫৬ চনত প্ৰতিষ্ঠা হোৱা আইচিএফটি হৈছে চলচ্চিত্ৰ কাৰিকৰী বিদ্যাবিদসকলৰ বাবে আটাইতকৈ পুৰণি গোলকীয় সংস্থা আৰু ই বিভিন্ন দৃশ্য-শ্ৰাব্য বিষয়বস্তুৰ মাজেৰে কাম কৰি আছে। তেওঁ চলচ্চিত্ৰ নিৰ্মাণত এআইক কেন্দ্ৰ কৰি হোৱা উদীয়মান কথোপকথনসমূহৰ বিষয়েও আলোচনা আগবঢ়াই উল্লেখ কৰে যে এআই-য়ে শ্বুটিং কৰিবলৈ কঠিন দৃশ্য সৃষ্টি কৰাত সহায় কৰিব পাৰে যদিও “চলচ্চিত্ৰত এটা মানৱীয় উপাদান থাকিবই লাগিব—আৱেগক কেতিয়াও কম্পিউটাৰাইজ কৰিব নোৱাৰি।”
এন এফ ডি চি-ৰ কলাত্মক সঞ্চালক (প্ৰগ্ৰেমিং) পংকজ ছাক্সেনাই দৃঢ়তাৰে কয় যে আই চি এফ টি–ইউনেস্কো গান্ধী পদক আই এফ এফ আই-ৰ তিনিটা প্ৰগ্ৰেম কৰা প্ৰতিযোগিতাৰ অন্যতম আৰু ইয়াক এক অনন্য জনাদেশৰে পৰিচালিত কৰা হয়। সেয়া হৈছে— শান্তি আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটোৱা চিনেমাৰ জৰিয়তে সভ্যতা আৰু সংস্কৃতিক একত্ৰিত কৰা। তেওঁ মহিলা কণ্ঠৰ নেতৃত্বত ক্ৰমাৎ বৃদ্ধি পোৱা শক্তিশালী ছবিৰ সংখ্যা লক্ষ্য কৰি মহোৎসৱত মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ক্ৰমবৰ্ধমান প্ৰতিনিধিত্ব পৰ্যবেক্ষণ কৰে আৰু পুনৰ কয় যে আই এফ এফ আই-ৰ লক্ষ্য হৈছে কোনো এটা অঞ্চলৰ আধিপত্য নোহোৱাকৈয়ে বিশ্বক প্ৰতিফলিত কৰা।
পংকজ ছাক্সেনাই জোৰ দি কয় যে চলচ্চিত্ৰ মহোৎসৱসমূহে ছবিৰ ৰুচিক উন্নীত কৰা, কলাত্মক অখণ্ডতাক উদযাপন কৰা আৰু মানৱ অৱস্থাক প্ৰতিফলিত কৰা কামৰ প্ৰতিপালন কৰিব লাগিব। হিংসাক এক আদিম প্ৰবৃত্তি বুলি স্বীকাৰ কৰিও তেওঁ ইয়াক ব্যৱসায়িক চাঞ্চল্যবাদৰ আহিলা হিচাপে নহয়, দায়িত্বশীলভাৱে চিত্ৰিত কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে।
আইচিএফটি–ইউনেস্কো গান্ধী পদকৰ বিষয়ে:
মহাত্মা গান্ধীৰ সাৰ্বজনীন আদৰ্শক প্ৰতিনিধিত্ব কৰি আইএফএফআই-ৰ আইচিএফটি–ইউনেস্কো খণ্ডই শান্তি, অহিংসা আৰু আন্তঃসাংস্কৃতিক বুজাবুজিক সামৰি লোৱা ছবিসমূহক সন্মান জনায়। বিশ্বজুৰি সন্মানীয় এই বঁটাটোৱে কলাত্মক উজ্জ্বলতাক অতিক্ৰম কৰি সমাৱেশন, সামাজিক সজাগতা আৰু নৈতিক প্ৰতিফলনৰ বিষয়বস্তু আঁকোৱালি লোৱা কামক স্বীকৃতি দিয়ে। বিগত বছৰসমূহত গান্ধী পদকে এনে চলচ্চিত্ৰ নিৰ্মাতাক গুৰুত্ব আৰোপ কৰি আহিছে, যাৰ আখ্যানে সংস্কৃতিৰ মাজত সহমৰ্মিতা, ঐক্য আৰু আলাপক প্ৰতিপালন কৰে—মানৱতাক আলোকিত কৰা আৰু সমাজৰ মাজত সেতু নিৰ্মাণৰ বাবে চলচ্চিত্ৰৰ পৰিৱৰ্তনশীল শক্তিক দৃঢ় কৰি তুলিছে।

Watch the full press conference:
আই এফ এফ আই-ৰ বিষয়ে
১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ সৈতে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
For more information, Click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Santosh Venkatraman/Sriyanka Chatterjee/Darshana Rane | IFFI 56 – 102/KB
रिलीज़ आईडी:
2196243
| Visitor Counter:
3
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Gujarati
,
Konkani
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam