iffi banner

স্মাৰক ডাক টিকট মুকলিৰে বিশিষ্ট চিনেমাটোগ্ৰাফাৰ শ্ৰী কে বৈকুণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন আইএফএফআইৰ

কে বৈকুণ্ঠ সেইজন ব্যক্তি যাৰ কেমেৰাই ধ্ৰুপদী হিন্দী চিনেমাৰ দৃশ্য ভাষা গঢ় দিছিলঃ ড° প্ৰমোদ সাৱন্ত, গোৱাৰ মুখ্যমন্ত্ৰী

ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত আজি গোৱাৰ কিংবদন্তি চিনেমাটোগ্ৰাফাৰ শ্ৰী কে বৈকুণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ লগতে ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্মৃতিত এক স্মাৰক ডাক টিকট মুকলি কৰে। চলচ্চিত্ৰ বিভাগৰ বাবে বিখ্যাত কাহিনীকে ধৰি কেইবাখনো উল্লেখযোগ্য বৈশিষ্ট্যপূৰ্ণ ছবি আৰু তথ্যচিত্ৰত তেওঁৰ নিপুণ চিনেমাটোগ্ৰাফীৰ বাবে পৰিচিত শ্ৰী বৈকুণ্ঠক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ দৃশ্যমান কাহিনীকাৰ হিচাপে স্মৰণ কৰা হয় যাৰ উত্তৰাধিকাৰে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা শ্ৰী দীপক নাৰায়ণ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত, মহাৰাষ্ট্ৰ আৰু গোৱাৰ মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল শ্ৰী অমিতাভ সিং আৰু শ্ৰী অমিত কুংকলিয়েংকৰৰ উপস্থিতিত শ্ৰী কে বৈকুণ্ঠৰ পুত্ৰ, পৰিয়ালৰ সদস্যৰ সৈতেন আনুষ্ঠানিকভাৱে এই স্মাৰক ডাক টিকট মুকলি কৰে।

অতিৰিক্ত সচিব (আইএণ্ডবি) শ্ৰী প্ৰভাতে কয় যে ভাৰতৰ বিশিষ্ট ছবিৰ মাষ্টৰ আৰু ভূমিপুত্ৰ শ্ৰী কে বৈকুণ্ঠক সন্মান জনাবলৈ পাই ভাগ্যবান বুলি অনুভৱ কৰিছো। স্মাৰক ডাক সাধাৰণ ডাকটিকটতকৈ অধিক ব্যয়বহুল। ই এক ক্ষুদ্ৰ ৰাজহুৱা স্মাৰক যিয়ে সমগ্ৰ দেশৰ ঘৰ-দুৱাৰ আৰু প্ৰতিষ্ঠানসমূহত এটা জীৱন আৰু উত্তৰাধিকাৰৰ কাহিনী কঢ়িয়াই লৈ ফুৰে।

 

For more information, Click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Shilpa Nilkanth/Darshana Rane | IFFI 56 - 098

 


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2196195   |   Visitor Counter: 4