iffi banner

নতুন উত্তৰ-পূব চিনেমা আলোচনাঃ কণ্ঠ, দৃষ্টিভংগী আৰু চলচ্চিত্ৰ শিক্ষাৰ ভৱিষ্যৎ

 

৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI), গোৱা, ২০২৫-ৰ অষ্টম দিনা কলা একাডেমী প্ৰেক্ষাগৃহত “নতুন উত্তৰ-পূব চিনেমা আৰু চলচ্চিত্ৰ বিদ্যালয়” শীৰ্ষক এক পেনেল আলোচনা অনুষ্ঠিত হয়। ইয়াত অঞ্চলটোৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু কাহিনী কথনৰ পৰম্পৰাক গঢ় দিয়াৰ ক্ষেত্ৰত চলচ্চিত্ৰ বিদ্যালয়সমূহৰ ৰূপান্তৰশীল ভূমিকাত আলোকপাত কৰা হয়। এই আলোচনাত উত্তৰ-পূবৰ আগৰণুৱাসকলে অঞ্চলটোত চিনেমাৰ বিৱৰ্তনশীল বাতাবৰণত ব্যক্তিগত যাত্ৰা, অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি ব্যক্ত কৰে।

ডমিনিক চাংমাই আঁত ধৰা এই আলোচনাত মণিপুৰৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা হাওবাম পৱন কুমাৰ তথা অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰীমা বৰা আৰু মহৰ্ষি তুহিন কাশ্যপে অংশগ্ৰহণ কৰে।

 

“স্বীকৃতি লাভৰ সংগ্ৰাম অব্যাহত আছে।” — হাওবাম পৱন কুমাৰ

মণিপুৰৰ এগৰাকী প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা হাওবাম পৱন কুমাৰে নব্বৈৰ দশকৰ আনুষ্ঠানিক চলচ্চিত্ৰ শিক্ষাৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ ব্যক্তিগত যাত্ৰা সম্পৰ্কে ব্যক্ত কৰে। সেই সময়ত মাত্ৰ দুখন মূল শিক্ষানুষ্ঠানহে আছিল— এফটিআইআই-পুনে আৰু এছআৰএফটিআই-কলকাতা— ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূবৰ উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলে সীমিত সুযোগেৰে তীব্ৰ প্ৰতিযোগিতাৰ মুখামুখি হৈছিল। তেওঁ এছআৰএফটিআই-ত নামভৰ্তিৰ বাবে ছবছৰীয়া যাত্ৰাৰ কথা কয়, সেই সময়ছোৱাত তেওঁ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা আৰিবাম শ্যাম শৰ্মাৰ অধীনতো এপ্ৰেন্টিছ হিচাপে কাম কৰিছিল। এনে কঠোৰ প্ৰশিক্ষণে তেওঁক তেওঁৰ কলাক পৰিশোধন কৰাত, সমালোচনাত্মক চিনেমাৰ দৃষ্টিভংগী গঢ়ি তোলাত আৰু আখ্যানমূলক কাহিনী কথনৰ সূক্ষ্মতাসমূহ বুজিবলৈ সহায় কৰা সন্দৰ্ভত অৱগত কৰে। তেওঁ কয় যে বছৰ-বছৰ ধৰি অগ্ৰগতিৰ পিছতো উত্তৰ-পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে এতিয়াও স্বীকৃতি আৰু নিজৰ কৰ্মৰাজি প্ৰদৰ্শনৰ অৰ্থে মঞ্চ লাভৰ বাবে চেষ্টা কৰে। তেওঁ কয় যে তেওঁৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ নিজৰ সমাজে কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰিছিল।

 

“ঘৰখনৰ পৰাই সঁচা কাহিনীৰ সৃষ্টি হয় আৰু ইয়াক বুজি পোৱা কাৰ্য্যই এজন চলচ্চিত্ৰ নিৰ্মাতাৰ কণ্ঠক গঢ় দিয়ে।” — মহৰ্ষি তুহিন কাশ্যপ

মহৰ্ষি তুহিন কাশ্যপে এছআৰএফটিআই-ত থকা সময়খিনিয়ে তেওঁৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে দৃষ্টিভংগীক গভীৰভাৱে নতুন ৰূপ প্ৰদান কৰা সম্পৰ্কে কয়। প্ৰথম অৱস্থাত মূলসুঁতিৰ বলীউডৰ জিলিকনিৰ প্ৰতি আকৰ্ষিত হোৱা কাশ্যপে অসমত শিপাই থকা প্ৰামাণিক কাহিনীসমূহক অন্বেষণ কৰাৰ গুৰুত্ব উপলব্ধি কৰিছিল। তেওঁ গভীৰভাৱে পৰ্য্যবেক্ষণ কৰিবলৈ, সমালোচনাত্মকভাৱে অনুধাৱন কৰিবলৈ আৰু স্বকীয় সাংস্কৃতিক ঐতিহ্যক সৃষ্টিশীল প্ৰেৰণাৰ উৎস হিচাপে আকোৱালি ল’বলৈ শিকোৱাৰ বাবে নিজস্ব চলচ্চিত্ৰ শিক্ষাক কৃতিত্ব প্ৰদান কৰে। তেওঁ কয়, “নিজৰ ভূমি আৰু ইতিহাসক বুজি পোৱা কাৰ্য্য কেৱল এক শৈক্ষিক অনুশীলনেই নহয়— বৰঞ্চ স্থানীয়ভাৱে আৰু বিশ্বব্যাপী উভয়তে অনুৰণিত হোৱা কাহিনী কথনৰ বাবেও অতিশয় প্ৰয়োজনীয়।”

 

“উত্তৰ-পূবৰ চিনেমাৰ এক চহকী ইতিহাস আছে যিসমূহ ৰাষ্ট্ৰীয় আৰু বিশ্বৰ স্ক্ৰীনৰ বাবে যোগ্য।” — ৰীমা বৰা

ৰীমা বৰাই আনুষ্ঠানিক পাঠ্যক্ৰমত উত্তৰ-পূবৰ চিনেমাৰ অনুপস্থিতি অনুভৱ কৰাৰ সময়তো এফটিআইআই-এ কেনেকৈ তেওঁৰ চিনেমাৰ সংবেদনশীলতা আৰু ব্যক্তিগত বিকাশক লালন-পালন কৰিছিল, সেই সম্পৰ্কে ব্যক্ত কৰে। তেওঁ কয় যে অঞ্চলটোৰ চহকী চিনেমাৰ ইতিহাস— ঈশানৌৰ পৰা গঙা চিলনীৰ পাখি লৈকে আৰু ১৯৩৫-ৰ পৰাই অগ্ৰণী অসমীয়া ছবি সত্ত্বেও— ৰাষ্ট্ৰীয় আলোচনাত দীৰ্ঘদিন ধৰি উত্তৰ-পূবৰ চিনেমাৰ প্ৰসংগই কমেইহে ঠাই পাইছিল। বৰাই অৰুণাচল প্ৰদেশত এখন নতুন চলচ্চিত্ৰ প্ৰতিষ্ঠান স্থাপন কৰাক প্ৰশংসা কৰি এই কাৰ্য্যক উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা, পৰম্পৰা আৰু কাহিনীসমূহ বহল দৰ্শকৰ মাজলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।

 

“নিজৰ মাটিৰ পৰাই শ্ৰেষ্ঠ কাহিনীসমূহ উদ্ভৱ হয় চলচ্চিত্ৰ বিদ্যালয়ে এনে কাহিনীক কেনেকৈ ক’ব লাগে, সেয়া শিকায়” — ডমিনিক চাংমা  

এই আলোচনাৰ আঁত ধৰোতা ডমিনিক চাংমাই কাহিনী কথন আৰু শিক্ষাৰ বিস্তৃত প্ৰেক্ষাপটৰ অৱলোকন কৰে। মৌলিক কাহিনী কথনৰ পৰম্পৰাৰে বদ্ধমূল চাংমাই কয় যে বিশ্বব্যাপী চিনেমাৰ সৈতে পৰিচিত হোৱা কাৰ্য্যই আখ্যানমূলক গাঁথনিৰ প্ৰতি তেওঁৰ ধাৰণাক প্ৰত্যাহ্বান জনাই লগতে সম্প্ৰসাৰিতও কৰিছিল। তেওঁ কয় যে অতিশয় আকৰ্ষণীয় কাহিনীসমূহ প্ৰায়ে নিজৰ সংস্কৃতি, পৰিবেশ আৰু সমাজ সম্পৰ্কে গভীৰ বুজাবুজিৰ পৰাই উদ্ভৱ হয়। তেওঁৰ মতে চলচ্চিত্ৰ শিক্ষাই চলচ্চিত্ৰ নিৰ্মাতাসকলক এই কাহিনীসমূহক ফলপ্ৰসূভাৱে পৰ্দাত প্ৰতিফলিত কৰিবলৈ কাৰিকৰী দক্ষতা, তাত্ত্বিক ভিত্তি আৰু আত্মবিশ্বাস প্ৰদান কৰে।

 

আলোচনাৰ সামৰণিত এই সিদ্ধান্তত উপনীত হোৱা যায় যে প্ৰতিভাৰ লালন-পালন, সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু উত্তৰ-পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক স্থানীয়ভাৱে তথা বিশ্বব্যাপী উভয়তে অনুৰণিত হোৱা চিনেমা নিৰ্মাণৰ বাবে সবলীকৰণত চলচ্চিত্ৰ বিদ্যালয়সমূহে এক অপৰিহাৰ্য্য ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও উত্তৰ-পূবৰ কাহিনী ৰচনা কৰোতাসকলৰ কণ্ঠ সবল কৰিবলৈ আন্তঃগাঁথনি, মেন্টৰশ্বিপ আৰু প্লেটফৰ্মত বিনিয়োগ অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰা হয়।

 

আইএফএফআই সম্পৰ্কে

১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ

আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/

পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/

পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji

 

PIB IFFI CAST AND CREW | Ritu Shukla/ Sayyid Rabeehashmi /Pushpa Maibam/Hidangmayum DK Sharma/Darshana Rane | IFFI 56 - 096


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2195658   |   Visitor Counter: 4