ভাৰতৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱেভছ ফিল্ম বজাৰৰ সামৰণি
২০সংখ্যক সংস্কৰণত ৱেভছ ফিল্ম বজাৰ সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতি ড০ নাগভুষনৰ
এনএফডিচি স্বাধীন মনক যত্ন ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধঃ এনএফডিচি, পৰিচালন সঞ্চালক প্ৰকাশ মগদুম
ভাৰতৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱেভছ ফিল্ম বজাৰৰ সামৰণি পৰে। পাঁচদিনীয়া এই কাৰ্যসূচীত সজীৱ বিনিময়, গোলকীয়া সহযোগিতা আৰু ব্যতিক্ৰমী চলচ্চিত্ৰ প্ৰদৰ্শনৰ সাক্ষী হয়। এই কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, উদ্যোগৰ নেতা, প্ৰযোজক আৰু উদীয়মান প্ৰতিভাসকলক একত্ৰিত কৰি সৃষ্টিশীলতা আৰু উদ্ভাৱনক উদযাপন কৰা হয়।
সামৰণি অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব ড০ অজয় নাগাভূষণ আৰু ড০ কে. কে. নিৰালা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি)ৰ পৰিচালন সঞ্চালক শ্বেখ প্ৰকাশ মগডুম, ৱেভছ ফিল্ম বজাৰৰ উপদেষ্টা জেৰম পেলাৰ্ড, ফেষ্টিভেলৰ পৰিচালক শ্বেখৰ কাপুৰ, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ হিৰানী আৰু শ্ৰীৰাম ৰাঘৱন, আন্তঃৰাষ্ট্ৰীয় অভিনেতা বাৰ্চেল গ্ৰীফিথছকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ স্মৃতিত এক মিনিটৰ মৌনতা অৱলম্বন কৰা হয়।
ড০ নাগভুষনে ভাষণত ২০সংখ্যক সংস্কৰণত ৱেভছ ফিল্ম বজাৰ সম্প্ৰসাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। শ্বেখ মগদুমে পূৰ্বৰ নিৰ্বাচিত প্ৰকল্পসমূহৰ সফলতাৰ ওপৰত আলোকপাত কৰে।
এই উপলক্ষে মহোৎসৱক আলোকপাত কৰি ভিডিঅ’ প্ৰদৰ্শন কৰা হয়।
প্ৰধান বঁটাসমূহৰ আভাস
ৱেভছ ফিল্ম বজাৰে ইয়াৰ সহ-প্ৰযোজনা, বিপণন, ৱৰ্ক-ইন-প্ৰগ্ৰেছ লেব, স্ক্ৰিপ্ট লেব আৰু নতুন এআই-চালিত অংশসমূহৰ অসাধাৰণ প্ৰকল্পসমূহক সন্মান জনায়।
কাকথেট – প্ৰথম সহ-প্ৰযোজনা অনুদান (১০,০০০ মাৰ্কিন ডলাৰ)
উল্টা – দ্বিতীয় সহ-প্ৰযোজনা অনুদান (৫,০০০ মাৰ্কিন ডলাৰ)
সিমহাষ্ট কুম্ভ – বিশেষ তথ্যচিত্ৰ অনুদান (৫,০০০ মাৰ্কিন ডলাৰ)
দ্য মেনেজাৰ, আজী, ঔস্তাদ বাণ্টু– ৰেড ছি ফাণ্ড বঁটা
নাজমা কা তৰকা – প্লাটুন ৱান স্ক্ৰীপ্ট ডেভেলপমেণ্ট গ্ৰাণ্ট
টীচাৰ্চ পেট, হোৱাইট গাই– কাষ্টিং কোম্পানী বঁটা
৭ টু ৭– ইউচিচিএন চিটি অৱ ফিল্ম শ্ৰেষ্ঠ প্ৰকল্পৰ বঁটা
পোষ্ট প্ৰডাকচনৰ সফলতা
খোৰিয়া, আজি, দ্য ইংক-ষ্টেইনড হেণ্ড এণ্ড দ্য মিছিং থাম্ব, বৰ্ণ য়েষ্টাৰডে, আক্কাট্টি আৰু খামোছৰ দৰে বিজয়ী ছবিয়ে নুবে ষ্টুডিঅ’, প্ৰসাদ কৰ্প’ৰেশ্যন, মুভিবাফ, আৰু অন্যান্য সংস্থাৰ পৰা উল্লেখযোগ্য সমৰ্থন লাভ কৰে।
প্ৰিমিয়াৰ গেপ ফাণ্ডিং আৰু বিতৰণ
ইকোজ অৱ দ্য হেৰ্ড – মেচবক্স গেপ বঁটা
ছ’ল হুইছপাৰ্ছ – এম ৫ গ্ল’বেল ফিল্ম ফাণ্ড
ছিংগম – পুনৰ জন্ম ভাৰত নাট্য বিতৰণ বঁটা
এআই ফিল্ম ফেষ্টিভেল আৰু চিনেএআই হেকাথন: এ গ্ল’বেল ইনিচিয়েটিভ
LTIMindtree ৰ দ্বাৰা চালিত এই বছৰৰ AI শ্বোকেছে ১৮খনতকৈও অধিক দেশৰ পৰা প্ৰৱেশ লাভ কৰিছিল, যিয়ে চলচ্চিত্ৰ নিৰ্মাণৰ অত্যাধুনিক উদ্ভাৱনক সন্মান জনাইছিল।
কাইৰা – শ্ৰেষ্ঠ এআই এনিমেচন
দ্য চিনেমা ডেট নেভাৰ ৱাজ– আটাইতকৈ উদ্ভাৱনীমূলক এআই ছবি
নাগৰী – শ্ৰেষ্ঠ এআই শ্বৰ্ট
বিশেষ বঁটাঃ দ্য লাষ্ট বেকআপ ফাইনেল পাৰ্ট, মিৰাকেল অন দ্য কাচুৱা বীচ্চ
চিনেএআই হেকাথনে শব্দ, দৃশ্য, গল্প কোৱা আৰু শ্ৰেষ্ঠ এআই ছবিৰ শাখাত সৃষ্টিশীলতাক সন্মান জনাই দ্য ৰেড ক্ৰেয়নক বঁটা প্ৰদান কৰে।
চৰ্চাত উদীয়মান প্ৰতিভা
ছাত্ৰ প্ৰযোজকৰ কৰ্মশালাত ভাৰতীয় চিনেমাৰ আশাব্যঞ্জক ভৱিষ্যত প্ৰদৰ্শন কৰি কাশৱিয়া ওমকাৰ, অনিকেত যোশী, ৰাধিকা কিনাৰে, ৰিয়া ভাৰ্গেছ, আৰু সাক্ষী মিশ্ৰকে ধৰি অসাধাৰণ যুৱ সৃষ্টিকৰ্তাক সম্বৰ্ধনা জনোৱা হয়।
ৱেভছ ফিল্ম বজাৰৰ মুৰব্বী বিনিতা মিশ্ৰৰ আন্তৰিক ধন্যবাদ জ্ঞাপনৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰে।


For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Ritu Shukla/ Sangeeta Godbole/Debayan Bhadury/Darshana Rane | IFFI 56 – 065DB
Release ID:
2194725
| Visitor Counter:
5
Read this release in:
Marathi
,
हिन्दी
,
Konkani
,
Manipuri
,
Punjabi
,
Kannada
,
Malayalam
,
Bengali
,
Khasi
,
English
,
Urdu
,
Tamil