প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ দৰে ব্যক্তিত্ব ইতিহাসত বিৰল; গুৰু চাহিবৰ জীৱন পৰিক্ৰমা, ত্যাগ, চৰিত্ৰ প্ৰেৰণাৰ গভীৰ উৎস হৈয়েই আছে; মোগলৰ আক্ৰমণৰ যুগত গুৰু চাহিবে সাহস আৰু শৌৰ্য্যৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছিলঃ প্ৰধানমন্ত্ৰী
আমাৰ গুৰুসকলৰ পৰম্পৰাই হৈছে আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰ, আমাৰ সংস্কৃতি আৰু আমাৰ মূল আত্মাৰ আধাৰঃ প্ৰধানমন্ত্ৰী
কিছুদিন পূৰ্বে আফগানিস্তানৰ পৰা গুৰু গ্ৰন্থ চাহিবৰ তিনি মৌলিক ৰূপ ভাৰতলৈ অহা কাৰ্য্য প্ৰতিজন নাগৰিকৰ বাবেই গৌৰৱৰ মুহূৰ্ত হৈ পৰিছিলঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে গুৰুসকলৰ পবিত্ৰ স্থানসমূহক আধুনিক ভাৰতৰ দৃষ্টিভংগীৰে সংযুক্তকৰণৰ প্ৰয়াস কৰিছে- সেয়া কৰতাৰপুৰ কৰিডৰৰ কাম সম্পূৰ্ণ কৰাই হওক, হেমকুণ্ড চাহিবত ৰ’পৱে’ প্ৰকল্প স্থাপন কৰাই হওক, আনন্দপুৰ চাহিবত বিৰাসত-এ-খলছা সংগ্ৰহালয়ৰ সম্প্ৰসাৰণ কৰাই হওক— আৰু এই সকলোবোৰ প্ৰচেষ্টা সম্পূৰ্ণ নিষ্ঠা সহকাৰে, গুৰুসকলৰ গৌৰৱময় পৰম্পৰাৰ পৰা প্ৰেৰণা আহৰণেৰে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি সকলোৱে জানো যে মোগলে সাহসী চাহিবজাদাৰ সৈতেও নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰিছিল, চাহিবজাদাসকলে সকলো কষ্ট স্বীকাৰ কৰিও কেতিয়াও নিজৰ কৰ্তব্য বা বিশ্বাসৰ পথ পৰিত্যাগ কৰা নাছিল, এই আদৰ্শক সন্মানাৰ্থে আমি এতিয়া প্ৰতি বছৰে ২৬ ডিচেম্বৰত বীৰ বাল দিৱস পালন কৰোঃ প্ৰধানমন্ত্ৰী
যোৱা মাহত এক পবিত্ৰ যাত্ৰাৰ অংশ হিচাপে গুৰু মহাৰাজৰ পূজনীয় ‘যোদা চাহিব’ক দিল্লীৰ পৰা পাটনা চাহিবলৈ লৈ যোৱা হৈছিল, তাত ময়ো এই পবিত্ৰ অৱশেষত মূৰ দোঁৱাৰ সুযোগ পাই ধন্য হৈছিলোঁ, মই গুৰুসকলৰ বিশেষ কৃপাতে এই পবিত্ৰ ঐতিহ্যক সেৱা কৰা, নিজকে উৎসৰ্গা কৰা আৰু ইয়াৰ সৈতে জড়িত হ’বলৈ সুযোগ লাভ কৰিছোঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
25 NOV 2025 7:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। তেওঁ কয় যে ৰাতিপুৱা তেওঁ ৰামায়ণৰ নগৰ অযোধ্যাত আছিল আৰু এতিয়া তেওঁ গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনায়।
৫–৬ বছৰ পূৰ্বে আন এক উল্লেখযোগ্য কাকতলীয়া ঘটনা সংঘটিত হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ২০১৯-ৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ সন্দৰ্ভত ৰায়দান কৰাৰ সময়ত তেওঁ কৰতাৰপুৰ কৰিডৰ উদ্বোধনৰ বাবে ডেৰা বাবা নানকত আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে সেইদিনা তেওঁ ৰাম মন্দিৰ নিৰ্মাণৰ পথ মুকলি হোৱাৰ লগতে কোটি-কোটি ৰামভক্তৰ আকাংক্ষা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেওঁ উল্লেখ কৰে যে একেদিনাই ৰাম মন্দিৰৰ সপক্ষে ৰায়দান দিয়াত সকলোৰে প্ৰাৰ্থনাই বাস্তৱ ৰূপ পাইছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি অযোধ্যাত ধৰ্ম ধ্বজা প্ৰতিষ্ঠাতো তেওঁ পুনৰবাৰ শিখ সংগতৰ পৰা আশীৰ্বাদ বিচৰাৰ সুযোগ লাভ কৰিছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে কিছু সময়ৰ পূৰ্বে কুৰুক্ষেত্ৰৰ ভূমিত ‘পাঞ্চজন্য স্মৃতিসৌধ’ উদ্বোধন কৰা হৈছিল। তেওঁ কয় যে ঠিক এই মাটিতে ভগৱান শ্ৰীকৃষ্ণই সত্য আৰু ন্যায়ৰ সুৰক্ষাক সৰ্বোচ্চ কৰ্তব্য বুলি ঘোষণা কৰিছিল। কৃষ্ণৰ বাণীৰ কথা দোহাৰি শ্ৰী মোদীয়ে কয় যে সত্যৰ পথৰ বাবে আৰু নিজৰ কৰ্তব্যৰ বাবে নিজৰ জীৱন দিয়াটোৱেই সৰ্বোচ্চ। তেওঁ কয় যে শ্ৰী গুৰু টেগ বাহাদুৰ জীয়েও সত্য, ন্যায়, বিশ্বাসৰ প্ৰতিৰক্ষাক নিজৰ ধৰ্ম বুলি গণ্য কৰিছিল আৰু তেওঁ নিজৰ প্ৰাণ আহুতি দি এই ধৰ্মক সমৰ্থন কৰিছিল। এই ঐতিহাসিক উপলক্ষে ভাৰত চৰকাৰে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ স্মৰণত এটা স্মাৰক ডাক টিকট আৰু বিশেষ মুদ্ৰা উৎসৰ্গা কৰাৰ সৌভাগ্য লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এনেদৰে চৰকাৰে গুৰু পৰম্পৰাৰ সেৱা অব্যাহত ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে কুৰুক্ষেত্ৰৰ পবিত্ৰ ভূমি শিখ পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। তেওঁ কয় যে শিখ পৰম্পৰাৰ প্ৰায় সকলো গুৰুৱেই পবিত্ৰ যাত্ৰাৰ সময়ত এই ভূমি ভ্ৰমণ কৰিছিল। তেওঁ কয় যে নৱম গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ জী এই পবিত্ৰ ভূমিলৈ আহি গভীৰ তপস্যা আৰু নিৰ্ভীকতাৰ গভীৰ ছাপ এৰি থৈ গৈছিল।
“শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ দৰে ব্যক্তিত্ব ইতিহাসত বিৰল; গুৰু চাহিবৰ জীৱন পৰিক্ৰমা, ত্যাগ, চৰিত্ৰ প্ৰেৰণাৰ গভীৰ উৎস হৈয়েই আছে”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে মোগলৰ আক্ৰমণৰ যুগত গুৰু চাহিবে সাহস আৰু শৌৰ্য্যৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ শ্বহীদ বৰণৰ পূৰ্বে কাশ্মীৰী হিন্দুসকলক মোগল আগ্ৰাসীসকলে বলপূৰ্বকভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰাইছিল। এই সংকটত নিপীড়িতসকলৰ এটা দলে গুৰু চাহিবৰ সমৰ্থন বিচাৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু চাহিবে তেওঁলোকক স্পষ্টকৈ ঔৰংজেবক জনাবলৈ কৈছিল যে যদি শ্ৰী গুৰু টেগ বাহাদুৰে নিজেই ইছলাম মানি লয় তেন্তে তেওঁলোকেও ধৰ্ম গ্ৰহণ কৰিব।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই কথাই শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ নিৰ্ভীকতাৰ চূড়ান্ত ৰূপকে প্ৰতিফলিত কৰে। তেওঁ কয় যে যিটো আশংকা কৰা হৈছিল সেয়া অৱশেষত ঘটিছিল, কিয়নো নিষ্ঠুৰ ঔৰংজেবে গুৰু চাহিবক বন্দী কৰি ল’বলৈ নিৰ্দেশ দিছিল, কিন্তু গুৰু চাহিবে নিজেই দিল্লীলৈ যোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে মোগল শাসকসকলে তেওঁক প্ৰলোভনেৰে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও শ্ৰী গুৰু টেগ বাহাদুৰ অটল হৈ থাকি তেওঁৰ বিশ্বাস আৰু নীতিৰ সৈতে আপোচ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ কয় যে তেওঁৰ সংকল্প ভংগ কৰি তেওঁক নিজৰ পথৰ পৰা আঁতৰাই নিবলৈ মোগলে তেওঁৰ তিনিজন সংগী — ভাই দয়ালাজী, ভাই সতী দাস জী, ভাই মাটি দাস জীক তেওঁৰ চকুৰ সন্মুখত নিৰ্মমভাৱে মৃত্যুদণ্ড দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে তেতিয়াও গুৰু চাহিব অদম্য হৈয়েই আছিল, তেওঁৰ দৃঢ়তা অখণ্ড হৈ আছিল। তেওঁ কয় যে গুৰু চাহিবে ধৰ্মৰ পথ পৰিত্যাগ কৰা নাছিল আৰু গভীৰ ধ্যান-ধাৰণাৰ অৱস্থাত বিশ্বাসৰ ৰক্ষাৰ বাবে জীৱন বলি দিছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে মোগল ইয়াতেই থমকি ৰোৱা নাছিল, কিয়নো সিহঁতে গুৰু মহাৰাজক অসন্মান কৰাৰ অপচেষ্টা কৰিছিল। তেওঁ কয় যে ভাই জয়তা জীয়ে নিজৰ বীৰত্বৰ জৰিয়তে গুৰুৰ শিৰটো কঢ়িয়াই আনন্দপুৰ চাহিবলৈ লৈ গৈছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু গোবিন্দ সিং জীৰ কথা স্মৰণ কৰে।
আজি গুৰু চাহিবৰ বলিদানৰ ভূমিয়েই দিল্লীৰ ছিছ গঞ্জ গুৰুদ্বাৰে প্ৰেৰণাৰ জীৱন্ত স্থান হিচাপে থিয় দিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে আনন্দপুৰ চাহিবৰ তীৰ্থযাত্ৰা আমাৰ ৰাষ্ট্ৰীয় চেতনাৰ শক্তিকেন্দ্ৰ। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ যি ৰূপ আজিও আছে, সেই ৰূপটোৱেই গুৰু চাহিবৰ দৰে যুগান্তকাৰী ব্যক্তিসকলৰ ত্যাগ আৰু সমৰ্পণক মূৰ্ত কৰি তুলিছে। তেওঁ কয় যে এই পৰম ত্যাগৰ বাবেই শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবক ‘হিন্দ দি চাদাৰ’ হিচাপে শ্ৰদ্ধা কৰা হয়।
“আমাৰ গুৰুসকলৰ পৰম্পৰাই হৈছে আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰ, আমাৰ সংস্কৃতি আৰু আমাৰ মূল আত্মাৰ আধাৰ”, শ্ৰী মোদীয়ে কয়। তেওঁ বিগত ১১ বছৰত চৰকাৰে এই পবিত্ৰ পৰম্পৰা আৰু প্ৰতিটো শিখ উদযাপনক ৰাষ্ট্ৰীয় উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ চৰকাৰে শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫০ সংখ্যক প্ৰকাশ পৰ্ব, শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জীৰ ৪০০ সংখ্যক প্ৰকাশ পৰ্ব আৰু শ্ৰী গুৰু গোবিন্দ সিং জীৰ ৩৫০ সংখ্যক প্ৰকাশ পৰ্বক ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ উৎসৱ হিচাপে উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ জনতাই নিজৰ বিশ্বাস, পৰম্পৰা আৰু বিশ্বাসৰ উৰ্ধত থাকি এই উদযাপনত অংশগ্ৰহণ কৰিছে।
তেওঁলোকৰ চৰকাৰে গুৰুসকলৰ সৈতে জড়িত পবিত্ৰ স্থানসমূহক বিশাল আৰু ঐশ্বৰিক ৰূপ দিয়াৰ সৌভাগ্য লাভ কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বিগত দশকত তেওঁ ব্যক্তিগতভাৱে গুৰু পৰম্পৰাৰ সৈতে জড়িত অনুষ্ঠানসমূহৰ অংশ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুদিন পূৰ্বে আফগানিস্তানৰ পৰা গুৰু গ্ৰন্থ চাহিবৰ তিনি মৌলিক ৰূপ ভাৰতলৈ অহা কাৰ্য্য প্ৰতিজন নাগৰিকৰ বাবেই গৌৰৱৰ মুহূৰ্ত হৈ পৰিছিল।
তেওঁ কয় যে আমাৰ চৰকাৰে গুৰুসকলৰ পবিত্ৰ স্থানসমূহক আধুনিক ভাৰতৰ দৃষ্টিভংগীৰে সংযুক্তকৰণৰ প্ৰয়াস কৰিছে- সেয়া কৰতাৰপুৰ কৰিডৰৰ কাম সম্পূৰ্ণ কৰাই হওক, হেমকুণ্ড চাহিবত ৰ’পৱে’ প্ৰকল্প স্থাপন কৰাই হওক, আনন্দপুৰ চাহিবত বিৰাসত-এ-খলছা সংগ্ৰহালয়ৰ সম্প্ৰসাৰণ কৰাই হওক— আৰু এই সকলোবোৰ প্ৰচেষ্টা সম্পূৰ্ণ নিষ্ঠা সহকাৰে, গুৰুসকলৰ গৌৰৱময় পৰম্পৰাৰ পৰা প্ৰেৰণা আহৰণেৰে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছে।
তেওঁ কয়, আমি সকলোৱে জানো যে মোগলে সাহসী চাহিবজাদাৰ সৈতেও নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰিছিল, চাহিবজাদাসকলে সকলো কষ্ট স্বীকাৰ কৰিও কেতিয়াও নিজৰ কৰ্তব্য বা বিশ্বাসৰ পথ পৰিত্যাগ কৰা নাছিল, এই আদৰ্শক সন্মানাৰ্থে আমি এতিয়া প্ৰতি বছৰে ২৬ ডিচেম্বৰত বীৰ বাল দিৱস পালন কৰো। তেওঁ কয় যে চৰকাৰে শিখ পৰম্পৰাৰ ইতিহাস আৰু গুৰুসকলৰ শিক্ষাকো ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে যাতে সেৱা, সাহস, সত্যৰ আদৰ্শ নতুন প্ৰজন্মৰো চিন্তাধাৰাৰ আধাৰ হৈ পৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে সকলোৱে নিশ্চয় ‘যোদা চাহাব’ৰ পবিত্ৰ দৰ্শন লাভ কৰিছে। তেওঁ আৰু কয় যে তেওঁৰ কেবিনেট সতীৰ্থ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে তেওঁৰ সৈতে এই গুৰুত্বপূৰ্ণ অৱশিষ্টসমূহৰ বিষয়ে প্ৰথমবাৰৰ বাবে আলোচনা কৰাৰ সময়ত কৈছিল যে তেওঁৰ পৰিয়ালে গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘যোদা চাহিব’ প্ৰায় তিনিশ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছে। শ্ৰী মোদীয়ে কয় যে এতিয়া এই পবিত্ৰ ঐতিহ্য সমগ্ৰ দেশ আৰু বিশ্বৰ শিখ সমাজৰ বাবে উৎসৰ্গা কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ইয়াৰ পিছত পবিত্ৰ ‘যোদা চাহিব’ক সম্পূৰ্ণ সন্মান আৰু মৰ্যাদাৰে বৈজ্ঞানিক পৰীক্ষা কৰা হয় যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰিব পৰা যায়। সকলো তথ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰু মহাৰাজে শৈশৱৰ এক উল্লেখযোগ্য অংশ কটাবলগীয়া হোৱা পবিত্ৰ ‘যোদা চাহিব’ক তখত শ্ৰী পাটনা চাহিবলৈ উৎসৰ্গা কৰাৰ সামূহিক সিদ্ধান্ত লোৱা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা মাহত এক পবিত্ৰ যাত্ৰাৰ অংশ হিচাপে গুৰু মহাৰাজৰ পূজনীয় ‘যোদা চাহিব’ক দিল্লীৰ পৰা পাটনা চাহিবলৈ লৈ যোৱা হৈছিল, তাত ময়ো এই পবিত্ৰ অৱশেষত মূৰ দোঁৱাৰ সুযোগ পাই ধন্য হৈছিলোঁ, মই গুৰুসকলৰ বিশেষ কৃপাতে এই পবিত্ৰ ঐতিহ্যক সেৱা কৰা, নিজকে উৎসৰ্গা কৰা আৰু ইয়াৰ সৈতে জড়িত হ’বলৈ সুযোগ লাভ কৰিছো।
ভাৰতৰ সংস্কৃতি কিমান বিশাল, উদাৰ আৰু মানৱতাকেন্দ্ৰিক হৈ আহিছে, এই কথা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জীৰ স্মৃতিয়ে আমাক শিকাইছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে গুৰু চাহিবে জীৱনৰ মাজেৰে সৰ্ব্বত দা ভালৰ মন্ত্ৰক বৈধতা প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজিৰ এই অনুষ্ঠান কেৱল এই স্মৃতি আৰু পাঠসমূহক সন্মান জনোৱাৰ এক মুহূৰ্তই নহয়, বৰঞ্চ আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবেও এক গুৰুত্বপূৰ্ণ প্ৰেৰণা। তেওঁ গুৰু চাহিবৰ শিক্ষাৰ কথা স্মৰণেৰে কয় যে প্ৰতিকূল পৰিস্থিতিতো যি অটল হৈ থাকে তেওঁৱেই প্ৰকৃত জ্ঞানী আৰু প্ৰকৃত সাধক। প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰেৰণাৰে আমি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি আমাৰ ৰাষ্ট্ৰখনক আগুৱাই নিব লাগিব, ভাৰতক উন্নত কৰি তুলিব লাগিব। তেওঁ উল্লেখ কৰে যে গুৰু চাহিবে আমাক শিকাইছিল যে আমি কাকো ভয় খুৱাব নালাগে আৰু কাৰো ভয়ত জীয়াই থাকিব নালাগে। তেওঁ কয় যে এই নিৰ্ভয়ে সমাজ আৰু ৰাষ্ট্ৰক শক্তিশালী কৰে আৰু আজি ভাৰতেও এই নীতিৰে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে নিজৰ সীমান্ত ৰক্ষা কৰাৰ লগতে বিশ্বৰ আগত ভ্ৰাতৃত্ববোধৰ কথা কয়। তেওঁ কয় যে ভাৰতে শান্তি কামনা কৰিলেও নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে, অপাৰেচন সিন্দূৰ ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে যে নতুন ভাৰতে সন্ত্ৰাসবাদৰ আগত ভয় নকৰে, ৰৈ নাথাকে, প্ৰণাম নকৰে। তেওঁ লগতে কয় যে আজিৰ ভাৰত সম্পূৰ্ণ শক্তি, সাহস আৰু স্পষ্টতাৰে আগবাঢ়িছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত তেওঁ সমাজ আৰু যুৱক-যুৱতী সম্পৰ্কীয় এটা বিষয়ত কথা ক’ব বিচাৰিছে, যি গুৰু চাহিবৰ বাবেও চিন্তাৰ বিষয় আছিল — সেয়া হৈছে ড্ৰাগছ আসক্তি। তেওঁ কয় যে ড্ৰাগছ আসক্তিয়ে আমাৰ বহু যুৱক-যুৱতীৰ সপোনক গভীৰ প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিছে, চৰকাৰে এই সমস্যাটোক পুলিয়ে-পোখাই উভালি পেলাবলৈ সকলো প্ৰচেষ্টা চলাইছে, এয়াও সমাজৰ আৰু পৰিয়ালসমূহৰ যুঁজ। তেওঁ উল্লেখ কৰে যে এনে সময়ত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবৰ শিক্ষাই প্ৰেৰণা আৰু সমাধান দুয়োটা কাম কৰে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে যেতিয়া গুৰু চাহিবে আনন্দপুৰ চাহিবৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া তেওঁ অসংখ্য গাঁওক সংগতৰ সৈতে সংযোগ কৰিছিল, তেওঁলোকৰ ভক্তি আৰু বিশ্বাসৰ বিস্তাৰ কৰাৰ লগতে সমাজৰ আচৰণো ৰূপান্তৰিত কৰিছিল। তেওঁ মন্তব্য কৰে যে এই গাঁওসমূহৰ ৰাইজে সকলো ধৰণৰ মাদক দ্ৰব্য খেতি কৰা কাৰ্য্য পৰিত্যাগ কৰি গুৰু চাহিবৰ চৰণত নিজৰ ভৱিষ্যত অৰ্পণ কৰিছিল। শ্ৰী মোদীয়ে কয় যে গুৰু মহাৰাজে দেখুওৱা পথ অনুসৰণ কৰি যদি সমাজ, পৰিয়াল, যুৱক-যুৱতীসকলে মিলি ইয়াৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধ কৰে, তেন্তে এই সমস্যাটোক নিৰ্মূল কৰিব পৰা যাব।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবৰ শিক্ষা আমাৰ আচৰণত শান্তিৰ ভেটি হ’ব লাগে, আমাৰ নীতিত ভাৰসাম্য ৰক্ষা কৰিব লাগে, আমাৰ সমাজৰ ওপৰত বিশ্বাসৰ ভেটি হ’ব লাগে আৰু এইটোৱেই হৈছে এই অনুষ্ঠানৰ সাৰমৰ্ম। তেওঁ কয় যে সমগ্ৰ দেশতে শ্ৰী গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস যি ধৰণে পালন কৰা হৈছে, সেই কাৰ্য্যই প্ৰতিফলিত কৰিছে যে আজিও সমাজৰ চেতনাত গুৰুসকলৰ শিক্ষা সজীৱ হৈ আছে। এই মনোভাৱেৰে এই উদযাপনসমূহে যুৱ প্ৰজন্মৰ বাবে ভাৰতক আগুৱাই নিয়াৰ অৰ্থপূৰ্ণ প্ৰেৰণা হিচাপে কাম কৰিব লাগে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে আৰু পুনৰবাৰ সকলোকে শুভেচ্ছা জনায়।
এই কাৰ্য্যসূচীত হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নয়ব সিং ছাইনী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লাল, শ্ৰী ৰাও ইন্দ্ৰজিৎ সিং, শ্ৰী কৃষ্ণ পালকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
পটভূমিঃ
প্ৰধানমন্ত্ৰীয়ে ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ শংখৰ সন্মানাৰ্থে নৱনিৰ্মিত ‘পাঞ্চজন্য’ উদ্বোধন কৰে। ইয়াৰ পিছত তেওঁ মহাভাৰত অনুভৱ কেন্দ্ৰ পৰিদৰ্শন কৰে। ইয়াত মহাভাৰতৰ উল্লেখযোগ্য খণ্ডসমূহক চিত্ৰিত কৰি ইয়াৰ চিৰস্থায়ী সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্য্যক উজ্জ্বল কৰি তোলা হৈছে।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাৰ নৱম শিখ গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ স্মৃতিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাৰ গুৰুৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে এক বিশেষ স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰে।
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2194478)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam