‘হাৰ মানি লোৱাটো কেতিয়াও বিকল্প হ’ব নোৱাৰে,’ মাষ্টাৰক্লাছত অনুপম খেৰে উদাহৰণসহ ইয়াৰ বৰ্ণনা কৰিছে
“বিফলতা এক পৰিঘটনাহে, কেতিয়াও ব্যক্তিগৰাকী নহয়”: খেৰ
এটা মন্ত্ৰমুগ্ধকৰ উপস্থাপন, প্ৰখ্যাত অভিনেতা অনুপম খেৰে গোৱাৰ পানাজীৰ কলা মন্দিৰত আজিৰ প্ৰথমটো মাষ্টাৰক্লাছত শ শ লোকৰ এক সমাৱেশক সম্পূৰ্ণৰূপে নিমগ্ন কৰি ৰাখিছিল আৰু ‘গিভিং আপ ইজ নট এ চয়ছ’ শীৰ্ষক অধিৱেশনটোত তেওঁৰ নিজা শৈলীৰ বুদ্ধিদীপ্ততা আৰু জ্ঞানেৰে শ্ৰোতা-দৰ্শকক আকৰ্ষিত কৰিছিল।
অনুপম খেৰে চিত্ৰগ্ৰহণৰ মাত্ৰ কেইদিনমান পূৰ্বে ‘সাৰংশ’ ছবিত মুখ্য চৰিত্ৰটো হেৰুৱাই পুনৰ লাভ কৰাৰ কাহিনীৰে অধিৱেশনৰ আৰম্ভণি কৰে। ছমাহ ধৰি এই ভূমিকাত সৰ্বস্ব উজাৰি দিয়াৰ পিছত হঠাতে হোৱা প্ৰত্যাখ্যানে তেওঁক প্ৰচণ্ড আঘাত দিছিল। মুম্বাই চহৰক চিৰদিনৰ বাবে বিদায় দিবলৈ সংকল্প লোৱাৰ সময়তে তেওঁ হতাশাৰ মাজতো শেষবাৰৰ বাবে ছবিখনৰ পৰিচালক মহেশ ভাটক অন্তিম বাৰৰ বাবে লগ কৰিবলৈ গৈছিল। অনুপম খেৰৰ দৃঢ়তাপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰি ভাটে পুনৰ বিবেচনাৰে তেওঁক চৰিত্ৰটো কৰিবলৈ দিয়াৰ বাবে সন্মতি জনায় আৰু ছবিখন খেৰৰ কেৰিয়াৰৰ এক সংজ্ঞায়িত মুহূৰ্তত পৰিণত হয়। অভিজ্ঞতাৰ আধাৰত খেৰে ‘সাৰংশ’-য়ে তেওঁক কেনেকৈ কেতিয়াও হাৰ নামানিবৰ বাবে পাঠ শিকাইছিল সেই বিষয়ে বিৱৰি কয়। প্ৰথমৰ এই বিপৰ্যয়টো তেওঁৰ অভিনয় জীৱনৰ উত্থানৰ আৰম্ভণিহে আছিল বুলি অভিমত ব্যক্ত কৰে খেৰে।
“মোৰ সকলো প্ৰেৰণাদায়ক ভাষণেই মোৰ জীৱনৰ অভিজ্ঞতা আধাৰিত”
অনুপম খেৰে গোটেই অধিৱেশনটোত নিজৰ জীৱনৰ একাধিক উদাহৰণ দাঙি ধৰে। প্ৰসংগক্ৰমে তেওঁ পৰিয়ালৰ ১৪ গৰাকী সদস্যৰ সৈতে তেনেই সাধাৰণ এটা নিম্ন মধ্যবিত্তীয় ঘৰৰ বাসিন্দা হোৱা স্বত্বেও তেওঁৰ ককাৱকে কেনেকৈ জীৱনক লৈ নিৰ্বিকাৰ মনোভাৱ আৰু অনন্য দৃষ্টিভংগী পোষণ কৰিছিল সেই বিষয়েও সবিস্তাৰে কয়। অনাহূত পৰিস্থিতিৰ মাজতো তেওঁ নিজৰ সুখী শৈশৱক আনন্দেৰে স্মৰণ কৰে আৰু সৰু সৰু কথাতে সুখ বিচাৰি লোৱাৰ বাবে ককাৱেকে দিয়া শিক্ষাৰ কথা মনত পেলায়।
“বিফলতা এটা পৰিঘটনাহে, কেতিয়াও ব্যক্তি নহয়।”
অনুপম খেৰে তেওঁৰ যৌৱনৰ এক মৰ্মস্পৰ্শী স্মৃতি সহভাগ কৰি বন বিভাগৰ কেৰাণী পিতৃয়ে তেওঁৰ বিশ্বমুখী দৃষ্টিভংগীক কেনেদৰে গঢ় দিছিল সেই কথা বিৱৰি কয়। তেনে এক বাখ্যা দাঙি ধৰিবলৈ গৈ তেওঁ কয় যে এবাৰ ৰিপ’ৰ্ট কাৰ্ডৰ পৰা গম পালে যে ৬০গৰাকী শিক্ষাৰ্থী থকা শ্ৰেণীটোত তেওঁ ৫৮ নং স্থান লাভ কৰিছে। ভয়ে ভয়ে খবৰটো ঘৰত দিয়াত তেওঁৰ ফলাফলত বিচলিত হোৱাতকৈ দেউতাকে বোলে কিছু সময় থমকি ৰৈ কৈ উঠিছিল, “যিজন ব্যক্তিয়ে নিজৰ ক্লাছত বা খেলাত প্ৰথম স্থান লাভ কৰে, তেওঁৰ ট্ৰেক ৰেকৰ্ড বৰ্তাই ৰখাৰ হেঁচা সদায়েই থাকে, কিয়নো শীৰ্ষ গ্ৰেডতকৈ তলৰ যিকোনো কথাই তেওঁৰ বাবে ব্যৰ্থতা যেন লাগে। কিন্তু ৫৮ নম্বৰত উত্তীৰ্ণ হোৱা ব্যক্তি এজনৰ বাবে নিজকে উন্নত কৰাৰ বাবে সকলো সুযোগেই মুকলি থাকে, গতিকে, মোক এটা উপকাৰ কৰক, অহাবাৰ ৪৮ নম্বৰ স্থানলৈ অহাৰ বাবে চেষ্টা কৰক।”
“নিজৰ জীৱনীখনৰ মুখ্য ভূমিকাত অৱতীৰ্ণ হওক”
গোটেই অধিৱেশনটোত তেওঁ নিজৰ জীৱনৰ অসংখ্য কাণ্ড আৰু উদাহৰণেৰে সমাৱেশক তেওঁলোকৰ দৃষ্টিভংগী উন্নত কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ স্পষ্টভাৱে বুজাই দিছিল ব্যক্তিত্বৰ অৰ্থ হ’ল আপুনি সেইজন যিজনৰ লগত আপুনি আৰামদায়ক অনুভৱ কৰে। তেওঁ বাৰে বাৰে দৰ্শকক নিজকে বিশ্বাস কৰি নিজৰ জীৱনগাঁথাৰ কেন্দ্ৰীয় চৰিত্ৰ হ’বলৈ আহ্বান জনায়। তেওঁ প্ৰশ্ন কৰে, "জীৱনটো কিয় সহজ বা সৰল হ'ব লাগে? জীৱনত সমস্যা কিয় নাথাকিব লাগে? কিয়নো আপোনাৰ সমস্যাইহে আপোনাৰ জীৱনীখনক ‘ছুপাৰষ্টাৰ জীৱনী’ কৰি তুলিব।"
গোটেই প্ৰশ্নোত্তৰ অধিৱেশনটোত এই আনন্দময় ‘ৱান মেন শ্ব’টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সামৰণি উত্তৰত তেওঁ কয়, “‘হাৰ মানি লোৱাটো কোনো বিকল্প হ’ব নোৱাৰে’ বোলা কথাষাৰ কেৱল এটা বাক্যাংশই নহয়। ই হৈছে বিশ্বাস কৰিব নোৱাৰা কঠোৰ পৰিশ্ৰম। মোৰ বিশ্বাস যদি আপুনি কিবা এটা বিচাৰে তেন্তে আপুনি ত্যাগ কৰিবই লাগিব আৰু নিজকে অধ্যৱসায়ত নিবৃত্ত হ‘বলৈ পতিয়ন নিয়াব লাগিব। আপুনি হতাশা সহ্য কৰিব লাগিব। কিন্তু যদি আপুনি হাৰ মানিলে, তেন্তে কাহিনীবোৰ তাতেই শেষ হৈ যাব বন্ধু।”
আই এফ এফ আইৰ বিষয়ে
১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ সৈতে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Smita Vats Sharma/Sangeeta Godbole/Debayan Bhadury/Darshana Rane | IFFI 56 – 048/KB
Release ID:
2193904
| Visitor Counter:
5
Read this release in:
Konkani
,
Telugu
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Malayalam