iffi banner

পাণ্ডুলিপি বিহীন প্ৰতিভা: বিধু বিনোদ চোপ্রাই ‘আইএফএফআই’ক বাক-পটুতা, জ্ঞান আৰু চলচ্চিত্ৰীয় আশ্চৰ্যৰে উজলাই তুলিছে

উদ্বাউল দৰ্শকৰ হাঁহি আৰু হাতচাপৰিৰ মাজেৰে প্ৰবাহিত হয় কাহিনীৰ লহৰ

কামনা চন্দ্ৰই তেওঁ যাত্ৰাৰ বিষয়ে অৱগত কৰাৰ মুহূৰ্তত এক জীৱন্ত উত্তৰাধিকাৰিত্বই চৰ্চা লাভ কৰে

আই এফ এফ আই-ত “আনস্ক্রিপ্টড – দ্য আৰ্ট এণ্ড ইমোশ্যন অব ফিল্মমেকিং” শীৰ্ষক এক বাৰ্তালাপ অধিৱেশনে আজি কলা একাডেমীক যেন চিনেমাৰ চেটলৈহে ৰূপান্তৰিত কৰিলে। প্ৰসিদ্ধ চিত্ৰনাট্যকাৰ অভিজাত যোশীৰ সৈতে হোৱা এক মুকলি বাৰ্তালাপত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক বিধু বিনোদ চোপ্ৰা মঞ্চলৈ উঠাৰ লগে লগে এক অবিস্মৰণীয় চলচ্চিত্ৰীয় উদযাপনৰ সূচনা হয়। দুই বিশিষ্টৰ কথোপকথনে শ্ৰোতা-দৰ্শকক ব্লকবাষ্টাৰ ছবি এখনৰ শুকুৰবাৰীয়া দৰ্শনীৰ দৰেই সন্মোহিত কৰি ৰাখিছিল।

যুটীয়া সচিব (চলচ্চিত্ৰ) ড° অজয় ​​নাগাভূষণ এম এন-য়ে চোপ্ৰা আৰু যোশীক সন্মান জনোৱাৰ লগতে বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক শ্ৰী ৰবি কোত্তৰাক্কাৰে দুয়োকে শ্বল উপহাৰ দিয়ে। লগে লগে উষ্ম সম্বৰ্ধনা আৰম্ভ হয়। ড° অজয়ে আশা প্ৰকাশ কৰে যে চোপ্ৰাই তেওঁৰ স্বভাৱ সুলভ সততাৰে যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক পথ প্ৰদৰ্শন কৰি যাব। ৰবিয়ে চোপ্ৰাৰ ‘পৰিন্দা’ক ভাৰতীয় চিনেমাক পুনৰ সংজ্ঞায়িত কৰা “গেম চেঞ্জিং ছবি” বুলি প্ৰশংসা কৰে।

 

নিজেই নিজক গঢ়া এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা

 

কথোপকথনৰ আৰম্ভণিতে অভিজাত যোশীয়ে বিধু বিনোদ চোপ্ৰাক লগ পোৱা প্ৰথম দিনটোৰ কথা মনত পেলাই দিছিল, নৱেম্বৰৰ সেই দিনটো তেওঁৰ স্পষ্টকৈয়ে মনত আছে, যিটো মুহূৰ্তই অৱশেষত ‘লাগে ৰাহো মুন্না ভাই’ আৰু ‘৩ ইডিয়টছ’ৰ দৰে ছবিক গঢ় দিছিল। ইয়াৰ পিছত তেওঁ চোপ্ৰাক সুধিছিল তেওঁৰ শৈলী ‘পৰিন্দা’ৰ পৰা ‘টুৱেলফ্ট ফেইল’লৈ বিবৰ্তিত হৈছে নেকি? চোপ্ৰাৰ উত্তৰ- ই যিমান কেঁচা আছিল সিমানেই মুক্তও আছিল।

তেওঁ কয়, ‘প্ৰতিখন ছবিয়েই নিৰ্দিষ্ট মুহূৰ্তটোত মই কোন সেইটোকে প্ৰতিফলিত কৰে। “‘পৰিন্দা’ নিৰ্মাণ কৰোতে মোৰ খং উঠিছিল। সেই উগ্ৰতা চিনেমাখনত দেখিবলৈ পোৱা গৈছে। আজি মই বহুখিনি শান্ত হৈ পৰিছো।”

তেওঁ লগতে কয় যে তেওঁৰ চৌপাশে চলি থকা দুৰ্নীতিৰ সাক্ষী হোৱাৰ পৰাই ‘টুৱেলফ্ট ফেইল’ জন্ম হৈছে। “চিনেমাখন আছিল এটা পৰিৱৰ্তনৰ বাবে সঁচা কথা কোৱাৰ মোৰ ধৰণ। যদি মই আমোলাতন্ত্ৰৰ ১%ও সলনি কৰিব পাৰো তেন্তে সেয়াই যথেষ্ট।” নতুনকৈ পুনৰুদ্ধাৰ কৰা ৮কে ভাৰ্ছনত ‘১৯৪২: এ লাভ ষ্ট’ৰী’ চাই তেওঁ কেনেকৈ আৱেগিক হৈ উঠিছিল, তেওঁ লগতে শ্বেয়াৰ কৰে। তেওঁ কয়, সেইখন ছবি, আজি তেওঁ নিৰ্মাণ কৰিব নোৱাৰিলেহেঁতেন, কাৰণ তেওঁ এতিয়া একেজন ব্যক্তি হৈ থকা নাই।

 

দৃঢ় বিশ্বাসৰ চিনেমা

 

যোশীয়ে দৃঢ়তাৰে কয় যে চোপ্ৰাৰ আটাইতকৈ ডাঙৰ স্মাৰক হ’ল তেওঁৰ আত্মবিশ্বাসৰ প্ৰতি অটল আনুগত্য। ‘পৰিন্দা’ আৰু ‘টুৱেলফ্ট ফেইল’ৰ আঁৰৰ সৃষ্টিশীল প্ৰক্ৰিয়াৰ দিশে কথোপকথন আগবঢ়াৰ পূৰ্বে তেওঁ কয়, “তেওঁ কেতিয়াও ছবি এখনৰ বাণিজ্যিক ভাগ্যৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেওঁ কেৱল ইয়াৰ কলাত্মক ভাগ্যকহে মূল্য দিয়ে।”

চোপ্ৰাই প্ৰস্তুতি, দূৰদৃষ্টি আৰু দৃশ্যগত সত্যৰ সন্ধানৰ বিষয়ে আবেগিকভাৱে কয়। ‘১৯৪২: এ লাভ ষ্ট’ৰী’ৰ এটা বিখ্যাত শ্বটৰ বিষয়ে তেওঁ বিশদভাৱে কয়, আনকি দৰ্শকে উল্লাস কৰাৰ সময়ত গীতটো আত্মাস্পৰ্শী ভাৱে গাইছিলো। তেওঁ পাহাৰৰ শিখৰটোৰ ওপৰেৰে উৰি যোৱা আচল চৰাইবোৰত গুৰুত্ব  দিয়াৰ কথা উল্লেখ কৰে আৰু তেওঁৰ দলটোৱে কেনেকৈ ব্ৰেডক্ৰামবোৰ সিঁচৰতি কৰি সেইটো সম্ভৱ কৰি তুলিছিল সেই বিষয়ে বৰ্ণনা কৰিছিল। কালি ৮ কে-ত সেই দৃশ্যটো দেখি তেওঁ কয়, “আনন্দিত হৈছিলো।”

 

 

কথা-কাহিনীয়ে প্ৰেক্ষাগৃহত হাঁহিৰ জোৱাৰ তুলিছিল

 

ইয়াৰ পিছত যি হ’ল সেয়া আছিল হাস্যৰসময় আৰু হৃদয়স্পৰ্শী স্মৃতিৰ লহৰ। চোপ্ৰাই এটা কোঠাৰ সৰু ফ্লেট এটাত ‘খামোছ’ লিখাৰ কথা মনত পেলাইছিল, য’ত তেওঁ সংলাপবোৰ চিঞৰি চিঞৰি মাতি লিখিছিল আৰু ছাদৰ পৰা “কাট, কাট” কৰা শুনি শংকিত হৈছিল চুবুৰীয়া। যোশীয়ে নিশ্চিত যে, “বিধুৱে ছবি এখন কল্পনা কৰাৰ সময়ত শিশুৰ দৰেই উত্তেজিত হৈ উঠিব পাৰে।”

দৰ্শকৰ আন এটা প্ৰিয় কাহিনী আছিল অভিনেতা জেকী শ্ৰফে আখৰাৰ সময়ত ভুলবশতঃ এটা  এপাৰ্টমেণ্টত সোমাই এগৰাকী আচৰিত মহিলাক জগাই তোলা আৰু ফুলৰ টোৰা আগবঢ়াই দিয়াৰ কাহিনী। চোপ্ৰাই হাঁহি হাঁহি কৈছিল, “মহিলাগৰাকীয়ে সকলোকে কৈছিল যে জেকী শ্ৰফ তেওঁৰ ওচৰলৈ অহা তেওঁ সপোনত দেখিছিল।

 

ক্লাছিকছৰ আঁৰৰ কণ্ঠ

 

এক হৃদয়স্পৰ্শী মুহূৰ্তত ‘১৯৪২: এ লাভ ষ্ট’ৰী’ৰ ৯২ বছৰীয়া লেখিকা আৰু চোপ্ৰাৰ শাহুৱেক কামনা চন্দ্ৰাইয়ো প্ৰযোজক যোগেশ ঈশ্বৰৰ সৈতে কথোপকথনত যোগ দিয়ে। কামনাই প্ৰতিটো সংলাপত কৰা পৰিশ্ৰমৰ কথা কৈছিল আৰু পুনৰুদ্ধাৰ কৰা সংস্কৰণটো চাই অনুভৱ কৰা আৱেগৰ কথা কৈছিল। জীৱনত কিবা এটা কৰা যেন লাগিছিল বুলিও কয় তেওঁ।

যোগেশে ইটালীত ৮ কে পুনৰুদ্ধাৰৰ নিখুঁত যাত্ৰাৰ বিশদ বিৱৰণ দিছিল, ফিল্মখনৰ ফ্ৰেম বাই ফ্ৰেম পৰিষ্কাৰ কৰিছিল আৰু ইয়াৰ শব্দ পুনৰ নিৰ্মাণ কৰিছিল। চোপ্ৰাই কয় যে পুনৰুদ্ধাৰ কৰা সংস্কৰণটো “মই কল্পনা কৰা ধৰণেই দেখা গৈছে।”

অধিৱেশনৰ সামৰণি পৰে এক সজীৱ প্ৰশ্নোত্তৰ কাৰ্যসূচীৰে যদিও প্ৰকৃত যাদু যে ইতিমধ্যে উন্মোচিত হৈছে সেয়া স্পষ্ট হৈ পৰিছিল। দৰ্শকসকলে বহু দশকৰ চিনেমাৰ মাজেৰে ভ্ৰমণ কৰিছিল, চলচ্চিত্ৰ নিৰ্মাণৰ আনন্দ আৰু অৰ্থহীনতাৰ কাহিনী উপভোগ কৰিছিল, আৰু ভাৰতৰ কেইখনমান প্ৰিয় ছবি গঢ় দিয়া বিধু আৰু অভিজাতৰ মাজৰ সৃষ্টিশীল অংশীদাৰিত্বৰ সাক্ষী হৈছিল।

 

 

 

 

 

For more information, click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56new/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/Sayyid Rabeehashmi/ Sreeshma K/Darshana Rane | IFFI 56 – 032/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2192960   |   Visitor Counter: 3