iffi banner

বন্দে মাতৰম গীতটি হৃদয়স্পৰ্শীভাবে পৰিবেশন কৰি গোৱাত প্ৰশংসিত শ্ৰীমতী জেৱন কিম

ভাৰতে বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে এই মন চুই যোৱা পৰিবেশন

গোৱাত ৱেভছ  ফিল্ম বজাৰৰ উদ্বোধনী অনুষ্ঠানত দৰ্শকক এক অতুলনীয় আৰু হৃদয়স্পৰ্শী মুহূৰ্তৰে আদৰণি জনায়   সন্মানীয় অতিথি শ্ৰীমতী জেৱন কিমে। কোৰিয়াৰ নেছনেল এচেম্বলীৰ সদস্যা   শ্ৰীমতী জেৱন কিমে বন্দে  মাতৰম গীতটি হৃদয়স্পৰ্শী হিচাবে পৰিবেশন কৰে। 

ভাৰতৰ ৰাষ্ট্ৰীয়  গীতটিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে তেওঁৰ এই  আন্তৰিক পৰিবেশনে  উৎসৱত এক  গভীৰ অৰ্থ   সংযোগ কৰিলে। তেওঁ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক যি আন্তৰিকতাৰে সন্মান জনাইছিল, সেই কথাই প্ৰেক্ষাগৃত উপস্থিত থকা সকলোকে আপ্লুত কৰি তোলে।

 

অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে এই পৰিবেশনৰ  বাবে শ্ৰীমতী কিমৰ শলাগ লয়। তেওঁ শ্ৰীমতী কিমক  কেৱল তেওঁৰ  পৰিবেশনৰ বাবেই নহয়, গীতটিৰ সম্পূৰ্ণ সংস্কৰণটো গোৱাৰ বাবেও   প্ৰশংসা কৰে। শ্ৰীমতী কিমৰ পৰিবেশনে বন্ধুত্ব আৰু সাংস্কৃতিক সম্প্ৰীতিৰ মনোভাৱৰ প্ৰতীক হিচাবে পৰিগণিত হয়, যিটো ৱেভছ ফিল্ম বজাৰৰ দৰে অনুষ্ঠানক অধিক জাকত জিলিকা কৰি তোলে। কোৰিয়ান গীতেৰেও তেওঁ সমবেতসকলক আদৰণি জনাই  আন্তঃ সাংস্কৃতিক বিনিময়ৰে  অনুষ্ঠানটোক জীপাল কৰি তোলে

সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, সমল সৃষ্টিকৰ্তা, প্ৰতিনিধি আৰু গল্পকাৰেৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহত শ্ৰীমতী কিমৰ মন চুই যোৱা পৰিবেশনে  শিল্প আৰু আবেক নতুন ৰূপত প্ৰতিফলিত কৰে।

 

 

ৱেভছ  চলচ্চিত্ৰ বজাৰৰ বিষয়ে

পূৰ্বে ফিল্ম বাজাৰ নামেৰে জনাজাত এই পদক্ষেপ ২০০৭ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) আৰম্ভ কৰিছিল আৰু ই দক্ষিণ এছিয়াৰ আটাইতকৈ প্ৰভাৱশালী চলচ্চিত্ৰ বজাৰ হিচাবে পৰিগণিত হৈছিল 

আজি উদ্বোধন কৰা এই বজাৰখনে নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে  ৩০০ৰো অধিক চলচ্চিত্ৰ প্ৰকল্পৰ বিস্তৃত নিৰ্বাচনক একত্ৰিত কৰিছে, য’ত চিত্ৰনাট্যকাৰ লেব, বজাৰ প্ৰদৰ্শনী, ভিউইং ৰুম পুথিভঁৰাল আৰু সহ-প্ৰডাকচন মাৰ্কেট আদি অন্তৰ্ভুক্ত কৰা হৈছে। সহ-প্ৰডাকচন মাৰ্কেটত ২২খন বৈশিষ্ট্যপূৰ্ণ ছবি আৰু ৫খন তথ্যচিত্ৰৰ বৈশিষ্ট্য আছে, আনহাতে ৱেভছ ফিল্ম বাজাৰ ৰিক'মেণ্ডছ  শিতানত একাধিক ফৰ্মেটত ২২খন উল্লেখযোগ্য ছবি উপস্থাপন কৰা হৈছে। সাতখনতকৈও অধিক দেশৰ প্ৰতিনিধি দল আৰু ভাৰতৰ দহখনতকৈও অধিক  ৰাজ্যৰ চলচ্চিত্ৰৰ উদগনিমূলক প্ৰদৰ্শনীয়ে মঞ্চখনক আৰু অধিক সমৃদ্ধ কৰি তুলিছে ।

 অধিক তথ্যৰ বাবে ক্লিক কৰক

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56new/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/ Sreeshma K/Nikhitha A S/Darshana Rane | IFFI 56 - 018


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2192416   |   Visitor Counter: 6