প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহায়কে
তেওঁলোকে সংযোগ, জাহাজ নিৰ্মাণ আৰু নীলা অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত মত বিনিময় কৰে
প্ৰধানমন্ত্ৰীয়ে কয় যে অহা মাহত ভাৰতত ৰাষ্ট্ৰপতি পুটিনক আতিথ্য প্ৰদান কৰিবলৈ তেওঁ আগ্ৰহী
प्रविष्टि तिथि:
18 NOV 2025 9:05PM by PIB Guwahati
ৰাছিয়ান ফেডাৰেচনৰ সভাপতি আৰু মেৰিটাইম ব’ৰ্ডৰ অধ্যক্ষ মহামহিম নিকোলাই পাত্ৰুশ্বেভ ডাঙৰীয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
সংযোগ, দক্ষতা বিকাশ, জাহাজ নিৰ্মাণ আৰু নীলা অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন সুযোগকে ধৰি সামুদ্ৰিক ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত তেওঁলোকে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি কয় যে অহা মাহত তেওঁক ভাৰতত আতিথ্য প্ৰদান কৰিবলৈ তেওঁ আগ্ৰহী।
.
***
MJPS/ST/DM
(रिलीज़ आईडी: 2191551)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam