প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণ (২২-২৫ আগষ্ট, ২০২৩)
পোষ্ট কৰা হৈছে:
19 AUG 2023 11:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাতামেলা চাইৰিল ৰামাফোছাৰ আমন্ত্ৰণত পঞ্চদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ২২-২৪ আগষ্ট, ২০২৩ত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ কৰিব।
২০১৯ চনৰ পিছত এয়া হ’ব তেওঁৰ প্ৰথম ব্ৰিকছ সন্মিলন।এই সন্মিলনে গোটটোৱে আৰম্ভ কৰা পদক্ষেপসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ কামৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ সুযোগ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পিছত অনুষ্ঠিত হ'বলগীয়া "ব্ৰিকছ-আফ্ৰিকা আউটৰীচ্চ এণ্ড ব্ৰিকছ প্লাছ ডাইলগ" নামৰ এক বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব, য'ত দক্ষিণ আফ্ৰিকাই আমন্ত্ৰিত অন্যান্য দেশসমূহো অন্তৰ্ভুক্ত হ'ব।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জোহান্সবাৰ্গত উপস্থিত থকা একাংশ নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম কিৰিয়াকোছ মিটছ’টাকিছৰ আমন্ত্ৰণত ২৫ আগষ্ট, ২০২৩ত গ্ৰীচ ভ্ৰমণ কৰিব। ৪০ বছৰৰ পাছত এইটোৱেই হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো গ্ৰীচ ভ্ৰমণ।
ভাৰত আৰু গ্ৰীচৰ সভ্যতা সম্পৰ্ক আছে, যিটো সামুদ্ৰিক পৰিবহণ, প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগ আৰু জনসাধাৰণৰ সম্পৰ্কৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ জৰিয়তে শেহতীয়া বছৰবোৰত শক্তিশালী হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মিটছোটাকিছৰ সৈতে আলোচনাত মিলিত হৈ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। তেওঁ দুয়োখন দেশৰ ব্যৱসায়িক নেতাৰ লগতে গ্ৰীচৰ ভাৰতীয় সমূদায়ৰ সৈতেও মত বিনিময় কৰিব।
***
DS
(ৰিলিজ আই ডি : 2189507)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam