প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিকছ দেশীয় নেতাসকলৰ ৰিট্ৰিট বৈঠকত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 22 AUG 2023 11:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ আগষ্টত জোহান্সবাৰ্গৰ ছামাৰ প্লেচত অনুষ্ঠিত ব্ৰিকছ লিডাৰ্ছ ৰিট্ৰিটত অংশগ্ৰহণ কৰে।

ছামাৰ প্লেচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি তথা ১৫ সংখ্যক ব্ৰিকছ সন্মিলনৰ অধ্যক্ষ চাইৰিল ৰামাফোছাই উষ্ম আদৰণি জনায়।

ৰূদ্ধদ্বাৰ আৰ্হিত অনুষ্ঠিত এই ৰিট্ৰিট বৈঠকে অংশগ্ৰহণকাৰী নেতাসকলক বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান বিচাৰিবলৈ ব্ৰিকছ মঞ্চখন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে অন্বেষণ কৰে।

***

DS


(ৰিলিজ আই ডি : 2188279) অতিথি কক্ষ : 16