প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ-পূব ভাৰত কেনেদৰে দক্ষিণ-পূব এছিয়াৰ বাবে ভাৰতৰ প্ৰাকৃতিক প্ৰৱেশদ্বাৰ হৈ পৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
09 NOV 2025 11:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে য'ত উত্তৰ-পূব ভাৰত কেনেদৰে দক্ষিণ-পূব এছিয়াৰ বাবে ভাৰতৰ প্ৰাকৃতিক প্ৰৱেশদ্বাৰ হৈ পৰিছে সেই বিষয়ে উল্লেখ কৰা হৈছে। "উত্তৰ-পূবক 'অষ্টলক্ষ্মী' হিচাপে অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে ই কেনেকৈ দক্ষিণ-পূব এছিয়াৰ বাবে ভাৰতৰ প্ৰাকৃতিক প্ৰৱেশদ্বাৰ হৈ পৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূব কেৱল ভাৰতৰে সীমান্ত নহয়, ই এতিয়া ইয়াৰ অগ্ৰগামী মুখ ", শ্ৰী মোদীয়ে কয়।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই এক্সত কৰা এটা পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী মোদীয়ে কয়ঃ
"এই অন্তর্দৃষ্টিসম্পন্ন প্ৰবন্ধটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JM_Scindia-ই উত্তৰ-পূব ভ্ৰমণৰ অভিজ্ঞতা ভাগ বাটোৱাৰা কৰি ইয়াৰ সৌন্দৰ্য আৰু ইয়াত বসবাস কৰা লোকসকলৰ অদম্য মনোভাৱ বৰ্ণনা কৰিছে।
উত্তৰ-পূবক 'অষ্টলক্ষ্মী' বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কেনেদৰে ই দক্ষিণ-পূব এছিয়াৰ বাবে ভাৰতৰ প্ৰাকৃতিক প্ৰৱেশদ্বাৰ হৈ পৰিছে সেই বিষয়ে বৰ্ণনা কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূব কেৱল ভাৰতৰে সীমান্ত নহয়, ই এতিয়া ইয়াৰ অগ্ৰগামী মুখ "
***
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2188219)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam