তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আইএফএফআই ২০২৫ সংবাদ মাধ্যমৰ স্বীকৃতি: সময়সীমা ১০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে
Posted On:
05 NOV 2025 5:41PM by PIB Guwahati
মুম্বাইঃ ৫ নৱেম্বৰ ২০২৫
৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) বাতৰি পৰিৱেশন কৰিবলৈ সংবাদ মাধ্যমৰ স্বীকৃতিৰ সময়সীমা ২০২৫ চনৰ ১০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে। যিসকল সাংবাদিকে এতিয়াও আবেদন পত্ৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ বাবে সেইয়া পূৰ কৰিবলৈ এতিয়া অতিৰিক্ত সময় দিয়া আছে।
স্বীকৃতি পৰ্টেলটো খোলা থাকিব:
🔗https://accreditation.pib.gov.in/eventregistration/login.aspx-ত

স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ ব্যক্তিসকলে চলচ্চিত্ৰ প্ৰদৰ্শন, মাষ্টাৰক্লাছ, পেনেল আলোচনা, আৰু সংবাদমেলকে ধৰি একচেটিয়া উৎসৱৰ কাৰ্যসূচীৰ সুবিধা লাভ কৰিব। ২০২৫ চনৰ ২০ তাৰিখৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’ব এই মহোৎসৱ।
ইয়াৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানে ১৮ নৱেম্বৰত পানাজীত প্ৰেছ ইনফৰ্মেশ্বন ব্যুৰোৰ সহযোগত স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে চলচ্চিত্ৰ প্ৰশংসা পাঠ্যক্ৰম অনুষ্ঠিত কৰিব। স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক প্ৰথমে অহা প্ৰথমে লাভ কৰাৰ ভিত্তিত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ’ব।
ইতিমধ্যে আইএফএফআই ২০২৫ সংবাদ মাধ্যমৰ স্বীকৃতিৰ বাবে আবেদন কৰা সাংবাদিকসকলক শীঘ্ৰে যোগাযোগ কৰা হ’ব। সহায়ৰ বাবে সাংবাদিকসকলে পিআইবি আইএফএফআই মিডিয়া ছাপৰ্ট ডেস্কৰ সৈতে:
📧 iffi.mediadesk@pib.gov.in-ত যোগাযোগ কৰিব পাৰে
আইএফএফআই হৈছে এছিয়াৰ এক প্ৰধান চলচ্চিত্ৰৰ উদযাপন, যি প্ৰতি বছৰে গোৱাত হাজাৰ হাজাৰ চলচ্চিত্ৰ পেছাদাৰী আৰু অনুৰাগীক একত্ৰিত কৰে। সংশোধিত সময়সীমাৰ আগতেই সাংবাদিকসকলক নিজৰ দাখিল পত্ৰ সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
******
PIB Mumbai | Sayyid Rabeehashmi / Yash Rané / Priti Malandkar/AA
(Release ID: 2186796)
Visitor Counter : 5