প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কুৱেইটৰ নতুন আমিৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
20 DEC 2023 10:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ নতুন আমিৰ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে মহামান্য শ্বেইখ মেশাল আল-আহমেদ আল-জাবেৰ আল-চাবাহক অভিনন্দন জনায়।
তেওঁ লগতে আস্থা প্ৰকাশ কৰে যে ভাৰত-কুৱেইটৰ সম্পৰ্ক ভৱিষ্যতে শক্তিশালী হ'ব, যাৰ ফলত মধ্য প্ৰাচ্যৰ দেশত ভাৰতীয় সম্প্ৰদায়ৰ বিকাশ হ'ব।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"কুৱেইটৰ আমিৰ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে মহামান্য শ্বেইখ মেশাল আল-আহমেদ আল-জাবেৰ আল-চাবাহক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। মই আত্মবিশ্বাসী যে আনাগত বছৰবোৰত আমাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব আৰু কুৱেইটত থকা ভাৰতীয় সম্প্ৰদায়ৰ বিকাশ অব্যাহত থাকিব।"
***
DS/RT/KD
(रिलीज़ आईडी: 2183412)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam