প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
থাইলেণ্ডৰ কুইন মাদাৰ মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
26 OCT 2025 3:39PM by PIB Guwahati
থাইলেণ্ডৰ কুইন মাদাৰ মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ৰাণীৰ জনসেৱাৰ প্ৰতি আজীৱন সমৰ্পণক শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁৰ উত্তৰাধিকাৰে সমগ্ৰ বিশ্বৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
“থাইলেণ্ডৰ কুইন মাদাৰ মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত মই গভীৰভাৱে মৰ্মাহত হৈছো।জনসেৱাৰ প্ৰতি তেওঁৰ আজীৱন সমৰ্পণে প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।এই গভীৰ শোকৰ মুহূৰ্তত মহামহিম ৰজা, ৰজাঘৰীয়া পৰিয়াল আৰু থাইলেণ্ডৰ জনসাধাৰণলৈ মোৰ আন্তৰিক সমবেদনা জনালো।”
***
MJPS/SR/DM
(ৰিলিজ আই ডি : 2182773)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam