প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউনাইটেড আৰৱ এমিৰেটছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
Posted On:
01 DEC 2023 7:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ ডিচেম্বৰ ২০২৩ তাৰিখে সংযুক্ত আৰব আমিৰাত অনুষ্ঠিত চিঅ'পি-২৮ সন্মিলনৰ প্ৰাক্ মুহূৰ্তত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হয়।
ক'প-২৮ সন্মিলনৰ সফল আয়োজনৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্বেইখ মহম্মদ বিন জায়েদক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে ক'প-২৮ত সেউজ জলবায়ু কাৰ্যসূচী (জিচিপি) ৰ উচ্চ পৰ্যায়ৰ অনুষ্ঠানত সহ-আয়োজক হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পৰিসৰৰ পৰ্যালোচনা কৰে। তেওঁলোকে ইজৰাইল-হামাস সংঘৰ্ষৰ বিষয়েও মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানক অহা মাহত ভাৰতত অনুষ্ঠিত হ'বলগীয়া গুজৰাট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।
DS/ST
(Release ID: 2181816)
Visitor Counter : 2
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam