প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

আৰক্ষী স্মৃতি দিৱসঃ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত মাল্যাৰ্পণৰে ৰাষ্ট্ৰক সেৱা কৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে

Posted On: 21 OCT 2025 12:02PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি (২১ অক্টোবৰ) আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত মাল্যাৰ্পণ কৰে। ১৯৫৯-ৰ আজিৰ দিনটোতে লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত ১০ গৰাকী বীৰ আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল।

ইয়াত ভাষণ প্ৰদানেৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে শ্বহীদ বীৰসকললৈ গভীৰ শ্ৰদ্ধা নিবেদনেৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীলৈ ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ সশস্ত্ৰ বাহিনী আৰু আৰক্ষী বাহিনীক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্তম্ভ বুলি অভিহিতকৰণেৰে কয় যে সশস্ত্ৰ বাহিনীয়ে দেশ আৰু ইয়াৰ ভৌগোলিক অখণ্ডতাক সুৰক্ষিতকৰণৰ সমান্তৰালকৈ আৰক্ষী বাহিনীয়ে সমাজ আৰু সামাজিক অখণ্ডতা ৰক্ষা কৰে। তেওঁ কয়, “সামৰিক বাহিনী আৰু আৰক্ষীয়ে ভিন্ন মঞ্চত কাম কৰে যদিও তেওঁলোকৰ মিছন এটাই- সেয়া হৈছে ৰাষ্ট্ৰখনক সুৰক্ষিতকৰণ। আমি ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ অভিমুখে ধাৱমান হোৱাৰ সময়তে ৰাষ্ট্ৰৰ বাহ্যিক আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে।“

বৰ্তমানৰ প্ৰত্যাহ্বানৰাজি সন্দৰ্ভত শ্ৰী ৰাজনাথ সিঙে কয় যে সীমান্তৰ অস্থিৰতাৰ সময়তে সমাজত নতুন ধৰণৰ অপৰাধ, সন্ত্ৰাসবাদ আৰু মতাদৰ্শগত যুঁজে মূৰ দাঙি উঠিছে। তেওঁ কয় যে অপৰাধ অধিক সংগঠিত, অদৃশ্য আৰু জটিল হৈ পৰিছে। ইয়াৰ উদ্দেশ্য হৈছে সমাজত বিশৃংখলতা সৃষ্টি, আস্থা লাঘৱ কৰা আৰু ৰাষ্ট্ৰখনৰ সুস্থিৰতাক প্ৰত্যাহ্বান জনোৱা।

তেওঁ এনে অপৰাধসমূহ প্ৰতিৰোধৰ আনুষ্ঠানিক দায়িত্ব পালনৰ লগতে সমাজত আস্থা অক্ষুণ্ণ ৰখাৰ নৈতিক কৰ্তব্য পালনৰ বাবে আৰক্ষীক প্ৰশংসা কৰে। তেওঁ কয়, “আজি আমাৰ সজাগ সশস্ত্ৰ বাহিনী আৰু সতৰ্ক আৰক্ষীৰ ওপৰত থকা আস্থাৰ বাবেই জনসাধাৰণে শান্তিৰে শুব পাৰিছে। ৰাইজৰ এই আস্থাই হৈছে আমাৰ দেশৰ সুস্থিৰতাৰ আধাৰ।“

দীৰ্ঘদিন ধৰি অভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱা নক্সালবাদৰ কথা উল্লেখেৰে শ্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে আৰক্ষী, চিআৰপিএফ, বিএছএফ আৰু স্থানীয় প্ৰশাসনৰ সংহত আৰু সংগঠিত প্ৰচেষ্টাই সমস্যাটো নিৰ্মূল আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলৰ জনসাধাৰণে সকাহৰ উশাহ লোৱা কাৰ্য্য নিশ্চিত কৰিছে। অহা বছৰৰ মাৰ্চৰ ভিতৰত এই সমস্যাৰ অন্ত পৰিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে। তেওঁ কয়, “এই বছৰতে কেইবাটাও শীৰ্ষ নক্সালবাদীক নিধন কৰা হৈছে। পূৰ্বে ৰাজ্যৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাসকলে এতিয়া আত্মসমৰ্পণেৰে উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে। বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত জিলাৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে। এসময়ত নক্সালবাদীৰ ঘাটি হৈ পৰা অঞ্চলসমূহ এতিয়া শৈক্ষিক কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। এসময়ত ৰেড কৰিডৰ নামেৰে জনাজাত অঞ্চলসমূহ এতিয়া বিকাশৰ কৰিডৰলৈ ৰূপান্তৰিত হৈছে। আমাৰ আৰক্ষী আৰু সুৰক্ষা বাহিনীসমূহে এই সফলতাত যথেষ্ট অৰিহণা যোগাইছে।“

প্ৰতিৰক্ষা মন্ত্ৰীজনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিতকৰণৰ অংগীকাৰৰ কথা দোহাৰি আৰক্ষী বাহিনী এই প্ৰচেষ্টাত জড়িত বুলি কয়। তেওঁ কয়, “বহুদিন ধৰি আমি ৰাষ্ট্ৰ হিচাপে আৰক্ষীৰ অৱদানক সম্পূৰ্ণৰূপে স্বীকৃতি জনোৱা নাছিলোঁ। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে ২০১৮-ত আমাৰ আৰক্ষী বাহিনীৰ স্মৃতিৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক স্থাপন কৰিছিল। ইয়াৰ উপৰিও আৰক্ষীলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু উন্নত সা-সুবিধা আগবঢ়োৱা হৈছে। এতিয়া তেওঁলোকৰ হাতত নিৰীক্ষণ ব্যৱস্থা, ড্ৰোন, ফৰেনছিক লেব আৰু ডিজিটেল পুলিচিঙৰ দৰে আধুনিক সা-সৰঞ্জাম আছে। ৰাজ্যসমূহলৈ আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবে পৰ্য্যাপ্ত সমলো আগবঢ়োৱা হৈছে।“ শ্ৰী ৰাজনাথ সিঙে সম্পদৰাজিৰ অনুকূল ব্যৱহাৰৰ আহ্বান জনাই এয়া সুৰক্ষা সংস্থাসমূহৰ সৈতে সমন্বয় আৰু সংহতিৰ জৰিয়তেহে সম্ভৱ বুলি কয়।

সমাজ আৰু আৰক্ষী সমানে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখেৰে প্ৰতিৰক্ষা মন্ত্ৰীজনে নিৰাপত্তা ব্যৱস্থাটোক অধিক শক্তিশালী আৰু সজাগ কৰি তুলিবলৈ উভয়ৰে মাজত সুষম সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “নাগৰিকসকলে অংশীদাৰ হিচাপে কাম কৰিলে আৰু আইনক সন্মান কৰিলেহে পুলিচিং ফলপ্ৰসূ হ’ব। পাৰস্পৰিক বুজাবুজি আৰু দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি সমাজ আৰু আৰক্ষীৰ মাজৰ সম্পৰ্ক গঢ় লৈ উঠা মাত্ৰেকে উভয়েই সমৃদ্ধ হয়।“

এই কাৰ্য্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু দিল্লী আৰক্ষীৰ যৌথ পেৰেড অনুষ্ঠিত হয়। ইয়াত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰ, গৃহ সচিব শ্ৰী গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক শ্ৰী তপন ডেকা, বিএছএফ-ৰ ডিজি শ্ৰী দলজিৎ সিং চৌধাৰী, চিএপিএফ-ৰ মুৰব্বী, অৱসৰপ্ৰাপ্ত ডিজি আৰু আৰক্ষী সমাজৰ বিষয়াসকলে ভাগ লয়।

****

VK/SR/Savvy/SB
 


(Release ID: 2181438) Visitor Counter : 4