প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি (২১ ফেব্ৰুৱাৰী, ২০২৪)

Posted On: 21 FEB 2024 3:18PM by PIB Guwahati


মহামহিম প্ৰধানমন্ত্ৰী মিচোটাকিছ,
দুয়োখন দেশৰ প্ৰতিনিধিসকল ,
সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

প্ৰধানমন্ত্ৰী মিচোটাকিছ আৰু তেওঁৰ প্ৰতিনিধিমণ্ডলক ভাৰতলৈ স্বাগতম জনাই মই অতিশয় আনন্দিত। যোৱা বছৰ মোৰ গ্ৰীচ ভ্ৰমণৰ পিছত, তেওঁৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ শক্তি বৃদ্ধি কৰিছে। ১৬ বছৰৰ মূৰত গ্ৰীচৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ অহাটো এক ঐতিহাসিক ঘটনা।

বন্ধুসকল,

আমাৰ আজিৰ আলোচনা অতি তাৎপৰ্যপূৰ্ণ আৰু উপযোগী আছিল। ২০৩০ৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যৰ দিশে আমি দ্ৰুতগতিত অগ্ৰসৰ হোৱাটো অতিশয় আনন্দৰ কথা। আমি আমাৰ সহযোগিতাক নতুন শক্তি আৰু দিশ প্ৰদান কৰিবলৈ কেইবাটাও নতুন সুযোগ চিহ্নিত কৰিছো। কৃষি ক্ষেত্ৰত দুয়োখন দেশৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ বহু সম্ভাৱনা আছে। আৰু মই আনন্দিত যে দুয়োপক্ষই যোৱা বছৰ এই ক্ষেত্ৰত হোৱা চুক্তিসমূহ ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ফাৰ্মা, চিকিৎসা সঁজুলি, প্ৰযুক্তি, উদ্ভাৱন, দক্ষতা বিকাশ আৰু মহাকাশৰ দৰে বহু ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো।

আমি দুয়োখন দেশৰ ষ্টাৰ্ট-আপক সংযোগ কৰাৰ বিষয়েও আলোচনা কৰিলো। জাহাজ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই দুয়োখন দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। আমি এই ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰিলো।

বন্ধুসকল,

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বৃদ্ধি পোৱাত আমাৰ গভীৰ পাৰস্পৰিক বিশ্বাস প্ৰতিফলিত হৈছে। এই ক্ষেত্ৰত এটা কৰ্মী গোট গঠন কৰাৰ জৰিয়তে আমি প্ৰতিৰক্ষা, চাইবাৰ সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী আৰু সামুদ্ৰিক সুৰক্ষাৰ দৰে সাধাৰণ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত পাৰস্পৰিক সমন্বয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ম। ভাৰতৰ প্ৰতিৰক্ষা উত্পাদনত সহ-উৎপাদন আৰু সহ-উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰা হৈছে, যি দুয়োখন দেশৰ বাবেই লাভজনক হ'ব পাৰে। আমি দুয়োখন দেশৰ প্ৰতিৰক্ষা উদ্যোগক সংযোগ কৰিবলৈ সন্মত হৈছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু গ্ৰীছৰ উদ্বেগ আৰু অগ্ৰাধিকাৰসমূহ একে। এই ক্ষেত্ৰত আমাৰ সহযোগিতা কিদৰে আৰু অধিক শক্তিশালী কৰিব পাৰি সেই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিলো।

বন্ধুসকল,

দুখন প্ৰাচীন আৰু মহান সভ্যতা হিচাপে ভাৰত আৰু গ্ৰীছৰ মাজত সাংস্কৃতিক আৰু পাৰস্পৰিক সম্পৰ্ক সুদীর্ঘ। প্ৰায় আঢ়ৈ হাজাৰ বছৰ ধৰি দুয়োখন দেশৰ জনসাধাৰণে বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ক তথা ধাৰণাৰ আদান-প্ৰদান কৰিছে।

আজি আমি এই সম্পৰ্কক এক আধুনিক ৰূপ প্ৰদান কৰিবলৈ কেইবাটাও নতুন পদক্ষেপৰ চিনাক্তকৰণ কৰিছো। আমি দুয়োখন দেশৰ মাজত প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তি অতি শীঘ্ৰে স্বাক্ষৰ কৰাৰ বিষয়ে আলোচনা কৰিলো। ইয়ে আমাৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব।

আমি দুয়োখন দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাক প্ৰোৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আমি সিদ্ধান্ত লৈছো যে অহা বছৰ ভাৰত আৰু গ্ৰীচৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হ'ব। ইয়াৰ জৰিয়তে আমি বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱন, ক্ৰীড়া আৰু অন্যান্য ক্ষেত্ৰসমূহত দুয়োখন দেশৰ অভিন্ন ঐতিহ্য আৰু সফলতাক বিশ্ব পৰ্যায়ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম।

বন্ধুসকল,

আজিৰ বৈঠকত আমি বহু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰতো আলোচনা কৰিছো। আমি সন্মত যে সকলো বিবাদ আৰু উত্তেজনাৰ সমাধান সংলাপ আৰু কূটনীতিৰ জৰিয়তে হ'ব লাগে। আমি ইণ্ডো-পেচিফিক অঞ্চলত গ্ৰীছৰ সক্ৰিয় অংশগ্ৰহণ আৰু ইতিবাচক ভূমিকাক আদৰণি জনাইছো। গ্ৰীছে ইণ্ডো-পেচিফিক মহাসাগৰ উদ্যোগত যোগদান কৰাৰ সিদ্ধান্ত লোৱাটো আনন্দৰ কথা। পূব ভূমধ্যসাগৰীয় অঞ্চলত সহযোগিতাৰ বাবেও এক চুক্তি হৈছে। ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত মুকলি কৰা এই আইএমইচি কৰিড'ৰে দীৰ্ঘকালীনভাৱে মানৱতাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।

গ্ৰীচ এই উদ্যোগৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হ'ব পাৰে। আমি ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বিশ্বজনীন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে সন্মত হৈছো যাতে সেইবোৰক আধুনিক কৰি তোলা হয়। ভাৰত আৰু গ্ৰীছে বৈশ্বিক শান্তি আৰু সুস্থিৰতা বজাই ৰখাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।

মহামহিম,

আজি সন্ধিয়া আপুনি মুখ্য অতিথি হিচাপে ৰাইচিনা সংলাপত অংশগ্ৰহণ কৰিব। আমি সকলোৱে আপোনালোকৰ ভাষণ শুনিবলৈ আগ্ৰহী। আপোনাৰ ভাৰত ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ বাবে মই আপোনাক বহুত ধন্যবাদ জনাইছো।

DS/AK


(Release ID: 2179298) Visitor Counter : 5