প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৩ ডিচেম্বৰত নতুন দিল্লীৰ চি. বি. চি. আই. কেন্দ্ৰত ভাৰতৰ কেথলিক বিশ্বপ সন্মিলনৰ দ্বাৰা আয়োজিত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

কাৰ্ডিনাল আৰু বিশ্বপকে ধৰি খ্ৰীষ্টান সম্প্ৰদায়ৰ বিশিষ্ট নেতাসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ কেথলিক গীৰ্জাৰ মুখ্য কাৰ্যালয়ত এনে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

प्रविष्टि तिथि: 22 DEC 2024 2:39PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ডিচেম্বৰৰ সন্ধিয়া ৬.৩০ বজাত নতুন দিল্লীৰ চি. বি. চি. আই. কেন্দ্ৰ প্ৰাংগণত কেথলিক বিশ্বপছ কনফাৰেন্স অব ইণ্ডিয়া (চি. বি. চি. আই.)ৰ দ্বাৰা আয়োজিত বৰদিন উদযাপনত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে খ্ৰীষ্টান সম্প্ৰদায়ৰ মুখ্য নেতাসকলৰ সৈতে মত বিনিময় কৰিব, যাৰ ভিতৰত আছে কাৰ্ডিনাল, বিশ্বপ আৰু গীৰ্জাৰ বিশিষ্ট নেতাসকল।

ভাৰতৰ কেথলিক গীৰ্জাৰ মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰধানমন্ত্ৰীয়ে এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

১৯৪৪ চনত কেথলিক বিশ্বপছ কনফাৰেন্স অব ইণ্ডিয়া (চি. বি. চি. আই.) প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই হৈছে সমগ্ৰ ভাৰতৰ সকলো কেথলিকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা সংস্থা।

 

**********

MJPS/SKS/KD


(रिलीज़ आईडी: 2179264) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam