কৃষি মন্ত্ৰালয়
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠকত কৃষি খণ্ডৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনা কৰে
খাৰিফ সিঁচা এলেকা ৬.৫১ লাখ হেক্টৰ বৃদ্ধি; মুঠ ক’ভাৰেজ ১,১২১.৪৬ লাখ হেক্টৰত উপনীত
চাউল আৰু ঘেঁহুৰ ষ্টকৰ মাত্ৰা বাফাৰ নৰ্মছতকৈ অধিক হৈয়েই আছে
সমগ্ৰ দেশতে জলাশয় সংৰক্ষণৰ মাত্ৰা সন্তোষজনক যিয়ে অধিক উৎপাদনৰ অংগীকাৰকে প্ৰতিফলিত কৰিছে
Posted On:
13 OCT 2025 3:48PM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি কৃষি খণ্ডৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনাৰ বাবে এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হয়। ইয়াত খাৰিফ শস্যৰ অৱস্থা, ৰবি বীজ সিঁচাৰ প্ৰস্তুতি, বানপীড়িত অঞ্চলসমূহৰ শস্যৰ পৰিস্থিতি, মূল্যৰ ধাৰা, সাৰৰ উপলব্ধতা আৰু জলাশয় সংৰক্ষণৰ মাত্ৰা আদি সম্পৰ্কে বিস্তৃত মূল্যায়ন কৰা হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলকো প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।

বৈঠকত বিষয়াসকলে জনোৱা মতে, বিগত বছৰৰ তুলনাত খাৰিফ শস্যৰ অধীনত মুঠ এলেকা ৬.৫১ লাখ হেক্টৰ বৃদ্ধি পাইছে। মুঠ বীজ সিঁচা এলেকা ১,১২১.৪৬ লাখ হেক্টৰ হৈছে। ইয়াৰ বিপৰীতে ২০২৪–২৫ ত ১,১১৪.৯৫ লাখ হেক্টৰ আছিল। বৈঠকত অৱগত কৰা হয় যে ঘেঁহু, ধান, মাকৈ, কুঁহিয়াৰ আৰু মাহ আদি প্ৰধান শস্যৰ বীজ সিঁচাৰ পৰিমাণ বিগত বছৰৰ তুলনাত বৃদ্ধি পাইছে। ইয়াৰ উপৰিও জনোৱা হয় যে মাটিমাহৰ খেতিৰ অধীনত এলেকা ১.৫০ লাখ হেক্টৰ বৃদ্ধি পাইছে — ২০২৪–২৫ ত ২২.৮৭ লাখ হেক্টৰৰ পৰা ২০২৫–২৬ ত ২৪.৩৭ লাখ হেক্টৰলৈ বৃদ্ধি পায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতি সম্পৰ্কেও পৰ্য্যালোচনা কৰে। শেহতীয়াকৈ একাংশ ৰাজ্যৰ বানপানী আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত জিলাসমূহ পৰিদৰ্শন কৰা শ্ৰী চৌহানক অৱগত কৰা হয় যে অত্যধিক বৰষুণে কিছুমান অঞ্চলত শস্যৰ ওপৰত প্ৰভাৱ পেলাইছে যদিও আন অঞ্চলসমূহ উন্নত বাৰিষাৰ ফলত লাভৱান হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শস্যৰ সুস্থ শ্ৰীবৃদ্ধি ঘটিছে। ইয়াৰ ফলশ্ৰুতিত ৰবি বীজ সিঁচা আৰু সামগ্ৰিক উৎপাদন বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

বিষয়াসকলে আৰু জনাই যে বিলাহী আৰু পিয়াঁজৰ বীজ সিঁচাৰ কাম সুচাৰুৰূপে অব্যাহত আছে। ২০২৪–২৫ ত পিঁয়াজ খেতিৰ এলেকা ৩.৬২ লাখ হেক্টৰৰ পৰা এতিয়া ৩.৯১ লাখ হেক্টৰলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আলু খেতিৰ এলেকা ০.৩৫ লাখ হেক্টৰৰ পৰা ০.৪৩ লাখ হেক্টৰলৈ বৃদ্ধি পাইছে। একেদৰে বিগত বৰ্ষৰ একে সময়ছোৱাত ১.৮৬ লাখ হেক্টৰ এলেকাৰ পৰা চলিত বৰ্ষত ২.৩৭ লাখ হেক্টৰলৈ বৃদ্ধি পাইছে বিলাহীৰ বীজ সিঁচা এলেকা। বৈঠকত আলু, পিয়াঁজ, বিলাহীৰ বীজ সিঁচাৰ ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যৰ অভিমুখে ভালদৰে আগবঢ়া হৈছে বুলি উল্লেখ কৰা হয়।
বিষয়াসকলে কেন্দ্ৰীয় কৃষি মন্ত্ৰীক এই কথাও অৱগত কৰে যে বৰ্তমানৰ চাউল আৰু ঘেঁহুৰ মজুতৰ মাত্ৰা নিৰ্ধাৰিত বাফাৰ নৰ্মছতকৈ অধিক হৈ আছে, এই কাৰ্য্যই যোগানৰ সুস্থিৰ অৱস্থাৰ ইংগিত বহন কৰে।
পানীৰ উপলব্ধতা সন্দৰ্ভত শ্ৰী চৌহানক অৱগত কৰা হয় যে সমগ্ৰ দেশতে জলাশয়ৰ সংৰক্ষণৰ মাত্ৰা যোৱা বছৰৰ একে সময়ৰ তুলনাত যথেষ্ট উন্নত হোৱাৰ লগতে বিগত দশকৰ গড়ৰ তুলনাত যথেষ্ট উন্নত। বৰ্তমানলৈকে ১৬১ টা বৃহৎ জলাশয়ে যোৱা বছৰৰ ১০৩.৫১% মজুত আৰু দহ বছৰৰ ১১৫% গড় মজুত ধাৰণ কৰিছে, যিয়ে কৃষি উৎপাদনশীলতাৰ অৰ্থে ইতিবাচক দৃষ্টিভংগীকে প্ৰতিফলিত কৰে।
শ্ৰী চৌহানে সাৰৰ উপলব্ধতা সন্দৰ্ভতো পৰ্য্যালোচনাৰে আগন্তুক মাহত মসৃণ আৰু সময়োপযোগী যোগান সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে। সকলো ধৰণৰ ব্যাঘাত ৰোধ কৰিবলৈ ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয় অক্ষুণ্ণ ৰাখিবলৈ নিৰ্দেশ দিয়ে। বিষয়াসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে যে আগন্তুক কৃষি বতৰৰ বাবে সাৰৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন আৰু পূৰণৰ বাবে ৰাজ্যসমূহৰ সৈতে নিৰন্তৰ সমন্বয় অব্যাহত ৰখা হৈছে।
******
RC/AR/MK/SB
(Release ID: 2178729)
Visitor Counter : 11
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam