প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰিছ অলিম্পিকঃ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় দলক শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 26 JUL 2024 10:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ অলিম্পিকত ভাৰতীয় দলক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰতিগৰাকী ক্ৰীড়াবিদক ভাৰতৰ গৌৰৱ বুলি অভিহিত কৰি শ্ৰী মোদীয়ে চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ ৩৩ সংখ্যক সংস্কৰণত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সফলতা কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

"পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় দলক মোৰ শুভেচ্ছা জনাইছো। প্ৰতিগৰাকী খেলুৱৈ ভাৰতৰ গৌৰৱ। তেওঁলোকৰ ব্যতিক্ৰমী প্ৰদৰ্শনেৰে আমাক অনুপ্ৰাণিত কৰি, তেওঁলোক সকলোৱে উজ্জ্বল হওক আৰু ক্ৰীড়াৰ প্ৰকৃত মনোভাৱক প্ৰদৰ্শন কৰক।

 

DS/RT


(रिलीज़ आईडी: 2178277) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam