প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে বাৰ্তালাপ কৰে

পোষ্ট কৰা হৈছে: 30 SEP 2024 8:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

"পশ্চিম এছিয়াৰ সাম্প্ৰতিক ঘটনাৱলীৰ বিষয়ে প্ৰধানমন্ত্ৰী @netanyahu ৰ সৈতে কথা পাতিছো। আমাৰ পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। আঞ্চলিক উত্তেজনা বৃদ্ধি ৰোধ কৰা আৰু সকলো জিম্মিক সুৰক্ষিতভাৱে মুকলি কৰি দিয়াটো অতি গুৰুত্বপূৰ্ণ। শান্তি আৰু স্থিৰতা শীঘ্ৰে ঘূৰাই অনাৰ বাবে কৰা প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। 

MJPS/RT


(ৰিলিজ আই ডি : 2178238) অতিথি কক্ষ : 24