প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে শেহতীয়া ভাৰত ভ্ৰমণৰ ভিডিঅ' শ্বেয়াৰ কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, 'ভাৰত-ফ্ৰান্সৰ বন্ধুত্বক নিশ্চিতভাৱে শক্তিশালী কৰিব'
प्रविष्टि तिथि:
04 FEB 2024 11:17PM by PIB Guwahati
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ ভাৰত ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ এক্স পোষ্টৰ উত্তৰ দিছে য'ত মেক্ৰ'নে তেওঁৰ শেহতীয়া ভাৰত ভ্ৰমণৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। তেওঁ দিল্লীত গণৰাজ্য দিৱস উদযাপনৰ সময়ত তেওঁৰ শেহতীয়া ভ্ৰমণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয়;
ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন, আপোনাক ভাৰতত অতিথি হিচাপে পোৱাটো মোৰ বাবে সন্মানৰ কথা। আপোনাৰ এই ভ্ৰমণ আৰু গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণে ভাৰত-ফ্ৰান্সৰ বন্ধুত্বক আৰু অধিক শক্তিশালী কৰিব।
DS/ST/PM
(रिलीज़ आईडी: 2178180)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada