প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ সুখ আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে

Posted On: 30 SEP 2025 9:24PM by PIB Guwahati

শুভ মহা অষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত আয়োজিত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰে।

শ্ৰী মোদীয়ে কয় যে চিত্তৰঞ্জন পাৰ্কৰ বাংলা সংস্কৃতিৰ সৈতে থকা  শক্তিশালী সম্পৰ্কৰ বাবে বহুলভাবে জনাজাত । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইয়াত কৰা  উদযাপনসমূহে সঁচাকৈয়ে আমাৰ সমাজত ঐক্য আৰু সাংস্কৃতিক সজীৱতাৰ মনোভাৱক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ সুখ আৰু মংগলৰ বাবেও প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে উদযাপনৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰি কয়- দিল্লীত এক অতি স্মৰণীয় দুৰ্গা পূজা উদযাপন এয়া ়! চৌদিশে আনন্দ আৰু সমৃদ্ধি হওক....

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

“আজি শুভ মহা অষ্টমী  উপলক্ষে মই দিল্লীৰ চিত্তৰঞ্জন পাৰ্কলৈ গৈ দুৰ্গা পূজা উদযাপনত অংশ লওঁ। চিত্তৰঞ্জন পাৰ্ক বাংলা সংস্কৃতিৰ সৈতে থকা শক্তিশালী সম্পৰ্কৰ বাবে পৰিচিত। এনে উদযাপনসমূহে সঁচাকৈয়ে আমাৰ সমাজত ঐক্য আৰু সাংস্কৃতিক সজীৱতাৰ মনোভাৱক প্ৰতিফলিত কৰে।সকলোৰে সুখ আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।”

“তেওঁ উদযাপনৰ উল্লেখযোগ্য দিশসমূহ  শ্বেয়াৰ কৰি কয়, “দিল্লীত এক অতি স্মৰণীয় দুৰ্গা পূজা উদযাপন এয়া! চৌদিশে  আনন্দ আৰু সমৃদ্ধি হওক...।”

 

 MJPS/ST/DM


(Release ID: 2173399) Visitor Counter : 8