প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আয়ুষ্মান ভাৰতৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্য

পোষ্ট কৰা হৈছে: 23 SEP 2025 12:52PM by PIB Guwahati

আয়ুষ্মান ভাৰতৰ ৭ বছৰ পূৰ্তি উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে আয়ুষ্মান ভাৰতে লক্ষ-লক্ষ নাগৰিকৰ ব্যয়সাধ্যতা, আৰ্থিক সুৰক্ষা আৰু মৰ্য্যাদা নিশ্চিতকৰণেৰে গুণগত স্বাস্থ্যসেৱাৰ সুবিধাক পুনৰ সংজ্ঞায়িত কৰিছে।

মাইগভইণ্ডিয়া-ই এক্স-ত কৰা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“আজি আমি #7YearsOfAyushmanBharat-ত উপনীত হৈছোঁ! এই পদক্ষেপৰ জৰিয়তে ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ পূৰ্বানুমান কৰা হৈছিল আৰু জনতাৰ বাবে উচ্চমানৰ লগতে সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণ কাৰ্য্যত মনোনিৱেশ কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ জন স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক বিপ্লৱ প্ৰত্যক্ষ হৈছে। ই আৰ্থিক সুৰক্ষা আৰু মৰ্য্যাদা নিশ্চিত কৰিছে। ভাৰতে মাত্ৰা, মমতা আৰু প্ৰযুক্তিৰ জৰিয়তে মানৱ সবলীকৰণ কাৰ্য্যক ত্বৰান্বিতকৰণৰ দৃষ্টান্ত দাঙি ধৰিছে।”

*****

MJPS/SR/SKS/SB
 


(ৰিলিজ আই ডি : 2170417) অতিথি কক্ষ : 25