গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, নৱৰাত্ৰিৰ শুভক্ষণত মোদী চৰকাৰে দেশৰ সকলো মাতৃ-ভগ্নীলৈ নেক্সট জেন জিএছটি সংস্কাৰৰ উপহাৰ আগবঢ়াইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দিয়া জিএছটি সংস্কাৰৰ প্ৰতিশ্ৰুতি আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে

৩৯০ টাতকৈও অধিক বস্তুৰ ওপৰত জিএছটি ঐতিহাসিকভাৱে হ্ৰাস কৰা হৈছে

স্বাৱলম্বী ভাৰতৰ সংকল্প বাস্তৱায়িত কৰাত নেক্সট জেন জিএছটি সংস্কাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিব

দৰিদ্ৰ, যুৱক-যুৱতী, কৃষক, আৰু মহিলাৰ সেৱাৰ প্ৰতি মোদী জীৰ তীখাৰ দৰে সংকল্পৰ প্ৰমাণ নেক্সট জেন জিএছটি সংস্কাৰ
অসংখ্য দুগ্ধজাত সামগ্ৰীৰ জিএছটি শূন্য হওক বা চাবোন, টুথব্ৰাছ, চেম্পুৰ দৰে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস হওক, এই সংস্কাৰে সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে উপহাৰ কঢ়িয়াই আনে

কৃষি, স্বাস্থ্যসেৱা, বস্ত্ৰশিল্প, মানৱসৃষ্ট আঁহ আদি খণ্ডত জিএছটি হ্ৰাস কৰি উৎপাদন বৃদ্ধিৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে

খাদ্য আৰু ঘৰুৱা সামগ্ৰী, ঘৰ নিৰ্মাণ সামগ্ৰী, অটোম’বাইল, কৃষি, সেৱা, শিক্ষা, স্বাস্থ্যসেৱা, বীমাৰ দৰে খণ্ডত জিএছটিৰ সকাহে মানুহৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব আৰু তেওঁলোকৰ সঞ্চয় বৃদ্ধি কৰিব

সকলোৱে নিজৰ দৈনন্দিন ব্যৱহাৰত থলুৱা সামগ্ৰী গ্ৰহণ কৰক, প্ৰতিটো ঘৰক স্বাৱলম্বিতাৰ প্ৰতীক হিচাপে গঢ়ি তোলক

Posted On: 22 SEP 2025 1:17PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নৱৰাত্ৰিৰ শুভক্ষণত মোদী চৰকাৰে দেশৰ সকলো মাতৃ-ভগ্নীক নেক্সট জেন জিএছটি সংস্কাৰ উপহাৰ দিছে।

এক্স প্লেটফৰ্মত এলানি পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয়, নৱৰাত্ৰিৰ শুভ উপলক্ষে মোদী চৰকাৰে দেশৰ মাতৃ-ভগ্নীসকলক নেক্সট জেন জিএছটি সংস্কাৰৰ উপহাৰ আগবঢ়াইছে! মোদী জীয়ে দেশবাসীক দিয়া জিএছটি সংস্কাৰৰ প্ৰতিশ্ৰুতি আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে। এই জিএছটি সংস্কাৰত ৩৯০ টাতকৈও অধিক বস্তুৰ ওপৰত কৰ ঐতিহাসিকভাৱে হ্ৰাস অন্তৰ্ভুক্ত কৰা হৈছে। খাদ্য আৰু ঘৰুৱা সামগ্ৰী, ঘৰ নিৰ্মাণ সামগ্ৰী, অট’ম’বাইল, কৃষি, সেৱা, খেলনা, ক্ৰীড়া, হস্তশিল্প, শিক্ষা, স্বাস্থ্যসেৱা আৰু বীমা আদি খণ্ডত জিএছটিৰ অভূতপূৰ্ব সকাহে জনসাধাৰণৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব আৰু তেওঁলোকৰ সঞ্চয় বৃদ্ধি কৰিব।

শ্ৰী অমিত শ্বাহে কয়, নেক্সট জেন জিএছটি সংস্কাৰে স্বাৱলম্বী ভাৰতৰ সংকল্প বাস্তৱায়িত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব। দেশবাসীক দিয়া ভাষণত মোদী জীয়ে থলুৱা সামগ্ৰী গ্ৰহণৰ আহ্বান জনাই নেক্সট জেন জিএছটিয়ে কেনেদৰে আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰিব সেই বিষয়ে ব্যাখ্যা কৰে। কৃষি, স্বাস্থ্যসেৱা, বস্ত্ৰশিল্প আৰু মানৱসৃষ্ট আঁহ আদি খণ্ডত জিএছটি হ্ৰাস কৰি উৎপাদন বৃদ্ধিৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। আপুনিও নিজৰ দৈনন্দিন ব্যৱহাৰত থলুৱা সামগ্ৰী গ্ৰহণ কৰি প্ৰতিটো ঘৰকে আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক কৰি স্বাৱলম্বী জাতি গঢ়াত অৰিহণা যোগাব পাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে মোদী চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ বাবে প্ৰচুৰ সুযোগ মুকলি কৰি তেওঁলোকৰ আয় বৃদ্ধি কৰিছে আৰু নেক্সটজেন জিএছটি সংস্কাৰৰ জৰিয়তে তেওঁলোকৰ সঞ্চয় অহৰহ বৃদ্ধি হোৱাটো নিশ্চিত কৰিছে। তেওঁ কয় যে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী, স্বাস্থ্যসেৱাৰ সামগ্ৰী, ইলেক্ট্ৰনিক সঁজুলি আৰু শিক্ষামূলক সামগ্ৰীৰ জিএছটিৰ হাৰ তীব্ৰ হ্ৰাসে তেওঁলোকৰ ব্যৱহাৰযোগ্য আয় বৃদ্ধি কৰিব আৰু তেওঁলোকক আৰু অধিক সঞ্চয় কৰিবলৈ উৎসাহিত কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে নেক্সটজেন জিএছটি সংস্কাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে দৰিদ্ৰ, যুৱক-যুৱতী, কৃষক আৰু মহিলাৰ সেৱাৰ তীখাৰ দৰে সংকল্পৰ প্ৰমাণ। নতুন সংস্কাৰে বিস্তৃত সামগ্ৰীৰ জিএছটিৰ হাৰত ভয়াৱহ কৰ্তনৰ সৈতে তেওঁলোকৰ ব্যয় আৰু অধিক হ্ৰাস কৰিব আৰু বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী দেশ হোৱাৰ পথত ভাৰতৰ বৃদ্ধিৰ চকা আৰু অধিক দ্ৰুতগতিত আগুৱাই নিব।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে, সেয়া অসংখ্য দুগ্ধজাত সামগ্ৰীৰ জিএছটি শূন্য হওক বা চাবোন, টুথব্ৰাছ, টুথপেষ্ট, চুলিত ঘঁহা তেল আৰু চেম্পুৰ দৰে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভূতপূৰ্ব হ্ৰাস হওক, নেক্সটজেন জিএছটি সংস্কাৰে প্ৰতিটো ঘৰতে আনন্দৰ উপহাৰ কঢ়িয়াই আনে। জীৱন বীমা, স্বাস্থ্য বীমা, জ্যেষ্ঠ নাগৰিক পলিচি, ৩৩বিধ জীৱন দায়িনী ঔষধ আৰু চিকিৎসা সঁজুলিৰ জিএছটি শূন্যৰ পৰা আৰম্ভ কৰি অক্সিজেন, অস্ত্ৰোপচাৰৰ যন্ত্ৰ, চিকিৎসা, দন্ত চিকিৎসা আৰু পশু চিকিৎসা সঁজুলিৰ ওপৰত ন্যূনতম জিএছটিলৈকে জিএছটি সংস্কাৰৰ ফলত জনসাধাৰণৰ সঞ্চয়ৰ ঐতিহাসিক বৃদ্ধি হ’ব। কৃষি সঁজুলি আৰু সাৰ খণ্ডৰ জিএছটি হ্ৰাসক লৈ কৃষকসকল উৎসাহিত হৈছে আৰু এতিয়া মানুহে বাহন ক্ৰয় কৰাৰ আগতে দুবাৰ ভাবিব নালাগিব। এই জিএছটি সংস্কাৰে আত্মনিৰ্ভৰশীলতাও বৃদ্ধি কৰিব। আপুনিও দৈনন্দিন ব্যৱহাৰত থলুৱা সামগ্ৰী গ্ৰহণ কৰিব লাগে।

***

RK/VV/PS/PR/DB


(Release ID: 2169638)