প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি ট্ৰাম্পে জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বন্ধুত্বৰ মনোভাৱৰ গভীৰ শলাগ লয়

প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক্ষেপলৈ ভাৰতৰ সমৰ্থন আগবঢ়ায়

प्रविष्टि तिथि: 16 SEP 2025 11:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ড’নাল্ড জে. ট্ৰাম্পৰপৰা এটা ফোন কল লাভ কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি ট্ৰাম্পে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাই তেওঁৰ বন্ধুত্বৰ মনোভাৱৰ গভীৰ শলাগ লয়।

দুয়োগৰাকী নেতাই ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন বৈশ্বিক কৌশলগত অংশীদাৰিত্বক অধিক গভীৰকৰণৰ অংগীকাৰৰ কথা দোহাৰে।

তেওঁলোকে ইয়াৰ উপৰিও ভিন্ন আঞ্চলিক আৰু বৈশ্বিক পৰিস্থিতি সন্দৰ্ভত মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক্ষেপলৈ ভাৰতৰ সমৰ্থন আগবঢ়ায়।

নেতাদ্বয়ে এইদৰে যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

***

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2168325) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam