প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইকনমিক টাইমছ বিশ্ব নেতা মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 23 AUG 2025 9:44PM by PIB Guwahati

 

সকলো অংশগ্ৰহণকাৰীক স্বাগতম জনাইছো। এই সন্মিলন সুবিধাজনক সময়ত আহিছে, যিটো আমাৰ বাবে এক বৃহৎ আনন্দৰ কথা। যোৱা সপ্তাহত মই লালকিল্লাৰ পৰা পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰৰ কথা কৈছিলো আৰু এতিয়া এই মঞ্চই সেই মতাদৰ্শক আৰু আগুৱাই নিয়াৰ বাবে কাম কৰি আছে।

বন্ধুসকল,

বিশ্বৰ পৰিস্থিতি আৰু ভূ-অৰ্থনৈতিক পৰিৱেশৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনলৈ চালে ভাৰতৰ অৰ্থনীতিৰ শক্তি উপলব্ধি কৰিব। আজি বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতবৰ্ষই দ্ৰুতগতিত বৃদ্ধি পাইছে। অতি সোনকালে আমি তৃতীয় বৃহত্তম অৰ্থনীতি হ’ম। বিশেষজ্ঞসকলে কয় যে বিশ্বৰ মুঠ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে প্ৰায় ২০ শতাংশ অৰিহণা যোগাবলৈ গৈ আছে। যোৱা দশকত দেশৰ অৰ্থনীতিৰ সামগ্ৰিক সুস্থিৰতাৰ বাবেই এই অবিৰত বৃদ্ধি সম্ভৱ হৈছে। আজি আমাৰ বিত্তীয় ঘাটি ৪.৪ শতাংশলৈ হ্ৰাস পাব বুলি অনুমান কৰা হৈছে। ক’ভিডৰ দৰে সংকটজনক পৰিস্থিতিৰ মাজতো এয়া সম্ভৱ হৈ উঠিছে। আমাৰ কোম্পানীসমূহে মূলধনী বজাৰৰ পৰা অভিলেখ সৃষ্টি কৰিছে। এই দেশৰ অৱস্থা আগৰ তুলনাত ভাল। মুদ্ৰাস্ফীতি আৰু সুতৰ হাৰ যথেষ্ট কম। চলিত একাউণ্টৰ ঘাটি নিয়ন্ত্ৰণত আছে। কেৱল ইমানেই নহয়, প্ৰতিমাহে দেশৰ লাখ লাখ বিনিয়োগকাৰীয়ে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন (এছ আই পি)ৰ জৰিয়তে বজাৰত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰি আছে।

বন্ধুসকল,

আপুনি এইটোও জানে যে যেতিয়া অৰ্থনৈতিক ভিত্তি শক্তিশালী হয় তেতিয়া ইয়াৰ প্ৰভাৱ সকলো খণ্ডতে প্ৰতিফলিত হয়। ১৫ আগষ্টত এই বিষয়টোৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিলো।সেই কথা পুনৰ দোঁহৰাৰ প্ৰয়োজন নাই। কিন্তু, ১৫ আগষ্ট আৰু তাৰ পিছৰ সপ্তাহত যিটো ঘটিল সেয়া ভাৰতৰ উন্নয়নৰ কাহিনীত এক ডাঙৰ উদাহৰণ।

বন্ধুসকল,

শেহতীয়া তথ্য অনুসৰি দেখা গৈছে যে জুন মাহত, হয়, মই মাত্ৰ এমাহৰ কথা কৈছোঁ, ২২ লাখ চাকৰি প্ৰাৰ্থীয়ে সংগঠিত খণ্ডত চাকৰি পাইছিল। ইপিএফঅ’ৰ পৰিসংখ্যাই তেনেকৈয়ে কয়। এমাহৰ ভিতৰত এই সংখ্যা এতিয়ালৈকে সৰ্বাধিক। ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ২০১৭ চনৰ পিছত সৰ্বনিম্ন।বৈদেশিক মুদ্ৰাৰ সঞ্চয় অভিলেখ সৃষ্টিৰ কাষ চাপিছে। ২০১৪ চনত সৌৰ পিভি মডিউলৰ জৰিয়তে শক্তি উৎপাদন ক্ষমতা আছিল ২.৫ গিগাৱাট। বৰ্তমানৰ পৰিসংখ্যা অনুসৰি ই ১০০ গিগাৱাটৰ ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। আমাৰ দিল্লী বিমানবন্দৰটোৱে বিশ্বৰ অভিজাত ১০ কোটি প্লাছ ক্লাবত প্ৰৱেশ কৰিছে। এই বিমানবন্দৰটোৱে প্ৰতি বছৰে ১০ কোটি লোকক চম্ভালিব পাৰে। বিশ্বৰ মাত্ৰ ৬ টা বিমানবন্দৰহে এই তালিকাত আছে।

বন্ধুসকল,

শেহতীয়াকৈ আন এক খবৰৰ চৰ্চা চলিছে। এছ এণ্ড পি গ্ল’বেল ৰেটিঙে ভাৰতৰ ক্ৰেডিট ৰেটিং বৃদ্ধি কৰিছে। প্ৰায় দুটা দশকৰ পাছত সেই তালিকাত ভাৰতৰ ক্ৰেডিট ৰেটিং বৃদ্ধি পাইছে। অৰ্থাৎ ভাৰত সমগ্ৰ বিশ্বৰ বাবে আশা আৰু আকাংক্ষাৰ প্ৰতীক হৈ পৰিছে।

বন্ধুসকল,

সাধাৰণ কথা-বতৰাত "বাছখন নাপালো" বাক্যাংশটো বাৰে বাৰে ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ - সুযোগ আহে আৰু যায়। আমাৰ দেশৰ পূৰ্বৰ চৰকাৰে প্ৰযুক্তি আৰু উদ্যোগৰ সৈতে জড়িত বিষয়ত এনে বহু ‘বাছ’ হেৰুৱাইছিল। মই ইয়ালৈ কাকো সমালোচনা কৰিবলৈ অহা নাই। কিন্তু, গণতন্ত্ৰত তুলনামূলক আলোচনাই বহু ক্ষেত্ৰত পৰিস্থিতি বুজিবলৈ সহায় কৰে।

বন্ধুসকল,

পূর্বৰ চৰকাৰে ভোট বেংকৰ ৰাজনীতিত আবদ্ধ কৰি ৰাখিছিল দেশখন৷ নিৰ্বাচনৰ বাহিৰে চিন্তা-চৰ্চা নাছিল। তেওঁলোকৰ মতে উন্নত আৰু অত্যাধুনিক প্ৰযুক্তি কেৱল উন্নত দেশৰ বিষয়। প্ৰয়োজন হ’লে আমদানি কৰিব লাগিব। সেইবাবেই আমাৰ দেশ বছৰ বছৰ ধৰি পিছ পৰি আছিল। ইখনৰ পিছত সিখন বাছ আমি মিছ কৰিলোঁ। এটা উদাহৰণ দিওঁ। যোগাযোগ খণ্ডৰ কথা চিন্তা কৰোঁ আহক। সমগ্ৰ বিশ্বতে যেতিয়া ইণ্টাৰনেটৰ যুগ আৰম্ভ হৈছিল, তেতিয়া আমাৰ চৰকাৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। তাৰ পিছত, আমি ২জি যুগ আৰু কি হৈছিল দেখিলোঁ। আমি সেই বাছখন মিছ কৰিলোঁ। আমি ২জি, ৩জি আৰু ৪জিৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলোঁ। কিন্তু, এইটো কিমান দিনলৈ চলি থাকিব পাৰে? সেইবাবেই ভাৰতে ২০১৪ চনৰ পিছত নিজৰ নীতি সলনি কৰিলে।সিদ্ধান্ত হ’ল যে আমি আৰু বাছখন মিছ নকৰো, বৰঞ্চ ড্ৰাইভাৰৰ আসনত বহিম। সেই অনুসৰি ৫জি ষ্টেক সম্পূৰ্ণ থলুৱাভাৱে বিকশিত কৰা হৈছিল। কেৱল সেয়াই নহয়, ‘মেড ইন ইণ্ডিয়া’ ৫জি আন বহু দেশত দ্ৰুতগতিত মুকলি কৰা হ’ল। এতিয়া আমি 'মেড ইন ইণ্ডিয়া' ৬জিৰ ওপৰত দ্ৰুতগতিত কাম কৰি আছো।

বন্ধুসকল,

আমি সকলোৱে জানো যে ভাৰতত ৫০-৬০ বছৰ আগতে অৰ্ধপৰিবাহী নিৰ্মাণ আৰম্ভ হ’ব পাৰিলেহেঁতেন। কিন্তু, আমিও সেই বাছখন মিছ কৰিলোঁ৷ তাৰ পিছত বহু বছৰ পাৰ হৈ গ’ল। এতিয়া আমি পৰিস্থিতি সলনি কৰিছো। ভাৰতত অৰ্ধপৰিবাহী কাৰখানা স্থাপনৰ কাম আৰম্ভ হৈছে। চলিত বৰ্ষৰ শেষৰ ফালে বজাৰত উপলব্ধ হ’ব ‘মেড ইন ইণ্ডিয়া’ চিপছ।

বন্ধুসকল,

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস। এই উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। মহাকাশ খণ্ডৰ ওপৰত চমুকৈ চকু ফুৰাওঁ আহক। ২০১৪ চনৰ আগতে আমাৰ মহাকাশ অভিযানৰ সংখ্যা আৰু লক্ষ্য সীমিত আছিল। কিন্তু, একবিংশ শতিকাত যেতিয়া মহাকাশত বৃহৎ দেশসমূহে বিভিন্ন সম্ভাৱনাৰ সন্ধান কৰি আছে, তেতিয়া ভাৰত কেনেকৈ পিছ পৰি আছে? সেইবাবেই আমি মহাকাশ খণ্ডটো সংস্কাৰ কৰি ব্যক্তিগত কোম্পানীসমূহৰ বাবে মুকলি কৰি দিছো। কিছু পৰিসংখ্যা দিওঁ। ১৯৮৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত এই ৩৫ বছৰত ভাৰতীয় মহাকাশ অভিযানৰ সংখ্যা আছিল মাত্ৰ ৪২ টা।যোৱা ১১ বছৰত আমি ৬০ টাতকৈও অধিক মহাকাশ অভিযান চলাইছো। আগন্তুক দিনত আৰু বহু অভিযান চলাবলৈ গৈ আছে। আমি মহাকাশ ডকিঙৰ ক্ষমতা অৰ্জন কৰিছো। ভৱিষ্যতৰ মিছনৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। এতিয়া ভাৰতে গগণিয়ান অভিযানৰ জৰিয়তে মহাকাশলৈ মানুহ পঠিয়াবলৈ সাজু হৈছে। এই ক্ষেত্ৰত গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ অভিজ্ঞতা অতি উপযোগী হ’ব।

বন্ধুসকল,

মহাকাশ খণ্ডক গতি প্ৰদান কৰিবলৈ যিকোনো নেতিবাচক নিয়ম-নীতি আঁতৰোৱাটো প্ৰয়োজনীয় আছিল। সেইবাবেই ব্যক্তিগত কোম্পানীসমূহৰ অংশগ্ৰহণ সন্দৰ্ভত নিৰ্দিষ্ট নিয়ম প্ৰণয়ন কৰা হৈছে, বৰ্ণালী আবণ্টনৰ ক্ষেত্ৰত স্বচ্ছতা অনা হৈছে আৰু বিদেশী বিনিয়োগৰ দুৱাৰ আৰু মুকলি কৰা হৈছে। মহাকাশ ষ্টাৰ্টআপৰ বাবে এইবাৰৰ বাজেটত ১০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ড ঘোষণা কৰা হৈছে।

বন্ধুসকল,

ভাৰতৰ মহাকাশ খণ্ডই এই সংস্কাৰৰ সুফল প্ৰত্যক্ষ কৰিছে। ২০১৪ চনত এই খণ্ডত ষ্টাৰ্টআপৰ সংখ্যা আছিল ১, আৰু এতিয়া ৩০০।আমাৰ নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ এতিয়াও দেৰি হোৱা নাই।

বন্ধুসকল,

এইটো কোনো সাময়িক পৰিৱৰ্তন নহয়, আমি এটা জাঁপত বহু দূৰ আগবাঢ়িব বিচাৰো। সংস্কাৰ কোনো বাধ্যবাধকতা বা সংকটৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থা নহয়। ই আমাৰ দায়িত্ব। আমি সামগ্ৰিক দৃষ্টিভংগীৰে ইটোৰ পিছত সিটো সংস্কাৰ কাৰ্যসূচী হাতত লৈছো।

বন্ধুসকল,

মাত্ৰ কেইদিনমানৰ আগতে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অন্ত পৰিল। এই অধিবেশনতো আপোনালোকে সংস্কাৰৰ পদক্ষেপ অব্যাহত থকাৰ সাক্ষী হৈ পৰিছে। বিৰোধীৰ হুলস্থুলৰ মাজতো আমি সংস্কাৰৰ প্ৰতি দায়বদ্ধ হৈ আছো। জনবিশ্ব ২.০ প্ৰৱৰ্তন কৰা হৈছে, যিটো আস্থাভিত্তিক আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ দিশত এক অতি গুৰুত্বপূৰ্ণ সংস্কাৰৰ পদক্ষেপ। জনবিশ্বৰ প্ৰথম সংস্কৰণত আমি ২০০টা সৰু সৰু ধৰণৰ বিচ্যুতিক অপৰাধমুক্ত কৰিলোঁ। এই আইনখনৰ দ্বিতীয় পৰ্যায়ত আৰু ৩০টা এনে বিচ্যুতিক অপৰাধমুক্ত কৰা হৈছে। এই অধিবেশনত আয়কৰ আইনৰ সংস্কাৰো দেখা গ’ল। ৬০ বছৰীয়া এই আইনখন আৰু অধিক সৰল কৰি তোলা হৈছে। আন এটা কথা হ’ল আগতে এই আইনখনৰ ভাষা এনেকুৱা আছিল যে কেৱল উকীল আৰু চাৰ্টাৰ্ড একাউণ্টেণ্টেহে বুজিব পাৰিছিল। এতিয়া আয়কৰ আইনখনৰ ভাষা এনেদৰে কৰা হৈছে যে বিষয়টো সাধাৰণ কৰদাতাৰ বাবে বুজিব পৰা হৈছে। নাগৰিকৰ স্বাৰ্থৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰমাণ এয়া।

বন্ধুসকল,

বৰ্ষাকালীন অধিবেশনত খনন খণ্ডৰ আইনসমূহতো উল্লেখযোগ্য সংশোধনী কৰা হৈছে। জাহাজ আৰু বন্দৰৰ সৈতে জড়িত আইনসমূহো সলনি কৰা হৈছে। এই আইনসমূহ ব্ৰিটিছ যুগৰ পৰাই একেই আছে। বৰ্তমানৰ সংস্কাৰৰ ব্যৱস্থাই ভাৰতৰ নীলা অৰ্থনীতি আৰু বন্দৰকেন্দ্ৰিক উন্নয়ন ত্বৰান্বিত কৰিব। একেদৰে ক্ৰীড়াৰ ক্ষেত্ৰতো নতুন সংস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব আৰু সৰ্বাংগীন ক্ৰীড়া অৰ্থনীতি গঢ়ি তোলা হ’ব। সেই কথা মনত ৰাখি চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি - 'খেলো ভাৰত নীতি' প্ৰণয়ন কৰিছে।

বন্ধুসকল,

লক্ষ্যত উপনীত হোৱাত সন্তুষ্ট হোৱাটো মোৰ স্বভাৱত নহয়। সংস্কাৰৰ ক্ষেত্ৰতো একেই কথা। আমি আগবাঢ়িব লাগিব। বিভিন্ন দিশত কাম চলি আছে। অপ্ৰয়োজনীয় আইন বাতিল কৰি নিয়ম-নীতি সৰল কৰা হৈছে। ডিজিটেলাইজেচনৰ কাম চলি আছে। জি এছ টিৰ ক্ষেত্ৰতো বৃহৎ সংস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই কাম চলিত বৰ্ষৰ দেৱালীৰ পিছত সম্পূৰ্ণ হ’ব। ফলত জি এছ টি আৰু অধিক সৰল হ’ব আৰু সামগ্ৰীৰ মূল্য হ্ৰাস পাব।

বন্ধুসকল,

পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে ভাৰতত উৎপাদন আৰু চাহিদা বৃদ্ধি কৰিব। ঔদ্যোগিক খণ্ডত নতুন জীৱনে উশাহ ল’ব। নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। জীৱনটো সহজ কৰি তোলাৰ লগতে ‘ব্যৱসায়ৰ সহজতা’ও শক্তিশালী হ’ব।

বন্ধুসকল,

২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ বাবে আমি দায়বদ্ধ।এই উন্নত ভাৰতৰ ভেটি হ’ল – স্বাৱলম্বী ভাৰত। গতি, পৰিসৰ আৰু সম্ভাৱনা আৰু সুযোগ–উন্নত ভাৰতৰ তিনিটা মূল স্তম্ভ। সমগ্ৰ বিশ্বতে মহামাৰীৰ সময়ত ভাৰতৰ শক্তি ইয়াৰ প্ৰতিফলন ঘটিছিল। আপুনি নিশ্চয় মনত ৰাখিব যে সেই সময়ত বহু বস্তুৰ বিপুল চাহিদা আছিল। কিন্তু, পৃথিৱীৰ যোগান শৃংখল সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। সেই সময়ত আমি দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদন সম্ভৱপৰ কৰি তুলিবলৈ ইটোৰ পিছত সিটো খোজ আগবঢ়াইছিলো। অতি সোনকালে বৃহৎ সংখ্যক কিট, ভেণ্টিলেটৰ, অক্সিজেন প্লাণ্ট তৈয়াৰ কৰা হ’ল। ভাৰতৰ জনসাধাৰণে ২.২ বিলিয়ন ড’জ ভাৰতত নিৰ্মিত ভেকচিন বিনামূলীয়াকৈ লাভ কৰিছিল। আমি এটা Co-Win প্লেটফৰ্ম তৈয়াৰ কৰিছো, যাতে ভেকচিন দ্ৰুতভাৱে যোগান ধৰিব পৰা যায়। এই মঞ্চই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

বন্ধুসকল,

ভাৰতৰ গতি, পদক্ষেপৰ পৰিসৰ আৰু সম্ভাৱনা অন্বেষণ কৰাৰ ক্ষমতাও শক্তি খণ্ডত প্ৰতিফলিত হয়। আমি ২০৩০ চনৰ ভিতৰত মুঠ শক্তি উৎপাদনৰ ৫০ শতাংশ অজীৱাশ্ম উৎসৰ পৰা উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ।এই কাম বহু আগতেই সম্পূৰ্ণ হৈছে।

বন্ধুসকল,

আগতে সকলো নীতি আমদানি ভিত্তিক আছিল। ইয়াৰ লগত বহু লোকৰ ন্যস্ত স্বাৰ্থ জড়িত আছিল। কিন্তু, আজি স্বাৱলম্বী ভাৰতেও ৰপ্তানিৰ ক্ষেত্ৰত ইটোৰ পিছত সিটো অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বিগত এবছৰত ভাৰতে ৪ লাখ কোটি টকাৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিছে। যোৱা বছৰ বিশ্বজুৰি উৎপাদিত ৮ বিলিয়ন ড’জৰ ভেকচিনৰ ভিতৰত ৪ বিলিয়ন ড’জ ভাৰতত উৎপাদন কৰা হৈছিল। স্বাধীনতাৰ ৬৫ বছৰৰ পাছত ভাৰতৰ ইলেক্ট্ৰনিক সঁজুলিৰ ৰপ্তানি আছিল মাত্ৰ ৩৫ হাজাৰ কোটি টকা। অতি সোনকালে এই ধনৰাশি ৩.২৫ লাখ কোটি টকা হ’বলৈ গৈ আছে।

বন্ধুসকল,

২০১৪ চনৰ আগতে অটোমোবাইল খণ্ডত ভাৰতৰ ৰপ্তানিৰ মূল্য আছিল ৫০ হাজাৰ কোটি টকা। আজি ভাৰতে প্ৰতি বছৰে ১.২ লাখ কোটি টকাৰ বাহন আৰু অংশ ৰপ্তানি কৰি আছে। মেট্ৰ’ ডবা, ৰে’ল ডবা, ৰে’ল ইঞ্জিনলৈকে-আমি সকলো ৰপ্তানি কৰি আছো। অতি শীঘ্ৰে ভাৰতে বিশ্বৰ ১০০খন দেশলৈ বৈদ্যুতিক বাহন ৰপ্তানি আৰম্ভ কৰিব। এই সন্দৰ্ভত ২৬ আগষ্টতো এক কাৰ্যসূচী আয়োজন কৰা হৈছে।

বন্ধুসকল,

আপুনি জানে যে এখন দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গৱেষণামূলক পদক্ষেপৰ বিশেষ গুৰুত্ব আছে। গৱেষণাৰ ফলাফল আমদানি কৰিব পাৰি আৰু কাম অব্যাহত ৰাখিব পাৰি। কিন্তু, সপোন পূৰণ হ’ব নোৱাৰে। সেইবাবেই আমি গৱেষণা খণ্ডৰ সম্প্ৰসাৰণৰ বাবে উপযুক্ত নীতি আৰু মঞ্চ সৃষ্টিৰ উদ্যোগ লৈছো। ২০১৪ চনৰ তুলনাত গৱেষণা খণ্ডৰ বাবে ব্যয়ৰ আবণ্টন দুগুণতকৈও অধিক বৃদ্ধি পাইছে।বিগত এবছৰত বৌদ্ধিক সম্পত্তিৰ প্ৰয়োগ ১৭ গুণ বৃদ্ধি পাইছে। ৬০ হাজাৰ উচ্চ শিক্ষানুষ্ঠানত গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ স্থাপন কৰা হৈছে। “এক ৰাষ্ট্ৰ, এক সদস্যপদ” কাৰ্যসূচীৰ কথাও আপুনি নিশ্চয় শুনিছে। ইয়াৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিশ্বমানৰ গৱেষণা আলোচনী আৰু আলোচনীৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন স্থাপন কৰা হৈছে। গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন কাৰ্যসূচীৰ বাবে ১ লাখ কোটি টকাৰ অনুমোদন দিয়া হৈছে। ইয়াৰ লক্ষ্য ব্যক্তিগত খণ্ডতো গৱেষণা সম্প্ৰসাৰণ কৰা।

বন্ধুসকল,

উদ্যোগ খণ্ডৰ বিভিন্ন প্ৰতিভাও এই সন্মিলনত উপস্থিত থাকে। আমি বিচাৰো যে ব্যক্তিগত খণ্ডই পৰিৱেশ-অনূকুল শক্তি, কোৱাণ্টাম প্ৰযুক্তি, বেটাৰী সংৰক্ষণ আৰু জৈৱ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত গৱেষণাত অধিক বিনিয়োগ কৰক। এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এইটো গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

সংস্কাৰ, ৰূপান্তৰ আৰু ৰূপান্তৰৰ মন্ত্ৰৰে ভাৰত এতিয়া বিশ্বক লেহেমীয়া উন্নয়নৰ চক্ৰৰ পৰা মুক্ত কৰিবলৈ সাজু হৈছে। পুখুৰীৰ ওচৰত স্থবিৰ পানীত আবদ্ধ হৈ শিলগুটি নিক্ষেপ কৰা মানুহ আমি নহয়। আমি বেগৱতী নদীৰ গতিপথ সলনি কৰিব বিচাৰো। মই লালকিল্লাৰ পৰাই কৈছো যে আজিৰ ভাৰতবৰ্ষত সময়ৰ গতিও সলনি কৰাৰ ক্ষমতা আছে।

বন্ধুসকল,

আপোনালোক সকলোকে পুনৰ লগ পোৱাৰ সুযোগ দিয়াৰ বাবে মই দ্য ইকনমিক টাইমছৰ প্ৰতি কৃতজ্ঞ। আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা।

ধন্যবাদ!

***

MJPS/VJ/VK/DB


(Release ID: 2168085) Visitor Counter : 15