প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মদিনৰ অগণন শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
17 SEP 2025 8:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিনত সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰা জনোৱা অগণন শুভেচ্ছা, আশীৰ্বাদ আৰু মৰমৰ বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই স্নেহে তেওঁক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিছে।
আজি এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-
“জন শক্তিৰ প্ৰতি কৃতজ্ঞতা।
সমগ্ৰ দেশ আৰু বিদেশৰ পৰা জনোৱা অগণন শুভকামনা, আশীৰ্বাদ আৰু মৰমৰ বাৰ্তাই মোক সঁচাকৈয়ে আপ্লুত কৰিছে। এই স্নেহে মোক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিছে। ইয়াৰ বাবে ৰাইজক ধন্যবাদ জনাইছো।"
*****
MJPS/VJ/SKS/DM
(ৰিলিজ আই ডি : 2167892)
অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam