প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৫ত স্বৰ্ণ পদক লাভ আৰু স্কেটিঙত ভাৰতৰ প্ৰথম বিশ্ব চেম্পিয়ন হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আনন্দকুমাৰ ভেলকুমাৰক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
16 SEP 2025 8:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ-২০২৫ত পুৰুষৰ ছিনিয়ৰ শাখাত ১০০০ মিটাৰ স্প্ৰিণ্টত সোণৰ পদক লাভ কৰাৰ বাবে আনন্দকুমাৰ ভেলকুমাৰক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয়, "তেওঁৰ ধৈৰ্য, গতি আৰু উৎসাহে তেওঁক স্কেটিঙত ভাৰতৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন কৰি তুলিছে। তেওঁৰ এই কৃতিত্বই অগণন যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব।"
এক্সত আজি এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
"স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ-২০২৫ত পুৰুষৰ ছিনিয়ৰ শাখাত ১০০০ মিটাৰ স্প্ৰিণ্টত স্বৰ্ণ পদক লাভ কৰা আনন্দকুমাৰ ভেলকুমাৰক লৈ গৌৰৱান্বিত। তেওঁৰ ধৈৰ্য্য, গতি আৰু উৎসাহে তেওঁক স্কেটিঙত ভাৰতৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন কৰি তুলিছে। তেওঁৰ এই কৃতিত্বই অগণন যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব। তেওঁলৈ অভিনন্দন আৰু ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
***
MJPS/VJ/KD
(रिलीज़ आईडी: 2167045)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Telugu
,
Bengali-TR
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada