প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা’ৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ বাবে আৰ্থিক সুৰক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধা সন্দৰ্ভত আলোকপাত কৰে
प्रविष्टि तिथि:
04 SEP 2025 8:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাৰ্বজনীন আৰ্থিক সুৰক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ এক বৃহৎ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। #নেক্সটজেনজিএছটি সংস্কাৰৰ শেহতীয়া পৰ্যায়ত জীৱন আৰু স্বাস্থ্য বীমা সামগ্ৰীৰ ক্ষেত্ৰত যথেষ্ট কৰ ৰেহাইৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত প্ৰতিজন নাগৰিকৰ বাবে ইয়াক অধিক সুলভ কৰি তোলা হৈছে।
এক্সত শ্ৰী নৰেন্দ্ৰ ভৰিন্দৱালৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়-
“বছৰ বছৰ ধৰি আমি প্ৰতিজন নাগৰিকৰ বাবে আৰ্থিক সুৰক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰাৰ বাবে চেষ্টা কৰি আহিছো।
জীৱন আৰু স্বাস্থ্য বীমাক অধিক সুলভ কৰি তোলা পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে ‘২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা’ অভিযানক আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।
আমি একেলগে স্বাস্থ্যৱান আৰু সমৰ্থ ভাৰতৰ দিশে আগবাঢ়িছো।
#NextGenGST”
MJPS/SR/DM
(रिलीज़ आईडी: 2164073)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Bengali
,
Telugu
,
Malayalam
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Kannada