গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কুকি-জো পৰিষদে যাতায়ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মুক্ত চলাচলৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ-০২ মুকলি কৰাৰ এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে


যোৱা কেইদিনমানৰ পৰা নতুন দিল্লীত গৃহ দপ্তৰৰ বিষয়া আৰু কে জে ডি চিৰ এটা প্ৰতিনিধি দলৰ মাজত ধাৰাবাহিকভাৱে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে

২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শান্তি বজাই ৰখাৰ বাবে চৰকাৰে নিয়োজিত কৰা নিৰাপত্তা বাহিনীৰে সহযোগিতা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিলে কেজেডচিয়ে

গৃহ দপ্তৰৰ প্ৰতিনিধি , মণিপুৰৰ চৰকাৰ , আৰু কুকি নেচনেল অৰ্গেনাইজেশ্যন/কে এন অ’ তথা ইউনাইটেড পিপলছ ফ্ৰণ্ট/ইউ পি এফেৰ প্ৰতিনিধিৰ উপস্থিতিত নতুন দিল্লীত এখন ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত হয়

চুক্তিখন স্বাক্ষৰিত হোৱাৰ দিনৰে পৰা এবছৰৰ বাবে কাৰ্যকৰী হৈ থাকিব আৰু পুনৰ আলোচনাৰ চৰ্ত তথা নিয়ম ( নিয়ম)ৰ বিষয়ত ত্ৰিপাক্ষিক ছাচপেন্সন অব অপাৰেছন চুক্তি স্বাক্ষৰেৰে বৈঠকৰ সামৰণি মৰা হয়

प्रविष्टि तिथि: 04 SEP 2025 1:43PM by PIB Guwahati

এক উল্লেখযোগ্য সিদ্ধান্ত অনুসৰি  কুকি-জো পৰিষদে আজি ৰাষ্ট্ৰীয় ঘাইপথ-২ যাতায়তৰ বাবে মুক্ত চলাচল তথা  অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহনৰ  বাবে মুকলি কৰি দিয়াৰ  সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা কেইদিনমানৰ পৰা নতুন দিল্লীত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়া আৰু কেজেডচিৰ এটা প্ৰতিনিধি দলৰ মাজত ধাৰাবাহিকভাৱে অনুষ্ঠিত বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত  শান্তি বজাই ৰখাৰ বাবে চৰকাৰে নিয়োজিত কৰা  নিৰাপত্তা বাহিনীৰে সহযোগিতা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে  কেজেডচিয়ে।

 

২) একেদৰে গৃহ দপ্তৰৰ  প্ৰতিনিধি ,  মণিপুৰৰ চৰকাৰ , আৰু কুকি নেচনেল অৰ্গেনাইজেশ্যন/কে এন অ’ তথা ইউনাইটেড পিপলছ ফ্ৰণ্ট/ইউ পি এফেৰ প্ৰতিনিধিৰ উপস্থিতিত  নতুন দিল্লীত আজি এখন ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত হয়। চুক্তিখন স্বাক্ষৰিত হোৱাৰ দিনৰে পৰা এবছৰৰ বাবে কাৰ্যকৰী হৈ থাকিব আৰু পুনৰ আলোচনাৰ চৰ্ত তথা নিয়ম ( নিয়ম)ৰ বিষয়ত  ত্ৰিপাক্ষিক ছাচপেন্সন অব অপাৰেছন চুক্তি স্বাক্ষৰেৰে বৈঠকৰ সামৰণি মৰা হয়

অন্যান্য বিধানৰ লগতে সংশোধিত ভিত্তিত গ্ৰহণ কৰা  নিয়মসমূহ  পুনৰ উল্লেখ কৰা হৈছে -

 

১.মণিপুৰৰ ভূখণ্ডীয় অখণ্ডতা।

২. মণিপুৰলৈ  স্থায়ী শান্তি আৰু স্থিতিশীলতা ঘূৰাই অনাৰ বাবে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ প্ৰয়োজন।

৩. কে এন অ’ আৰু ইউ পি এফেও এই কথাত সন্মত হৈছে:

 

১.সংঘাতৰ আশংকা থকা অঞ্চলৰ পৰা সাতটা ডেজিগনেটেড শিবিৰ স্থানান্তৰ কৰা।

২. ডেজিগনেটেড  শিবিৰৰ সংখ্যা হ্ৰাস কৰা।

৩.ওচৰৰ চি আৰ পি এফ/বি এছ এফৰ শিবিৰলৈ অস্ত্ৰ-শস্ত্ৰসমূহ স্থানান্তৰ কৰা।

৪.বিদেশী নাগৰিক, যদি আছে তেন্তে তেওঁলোকক তালিকাভুক্ত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে কেডাৰৰ কঠোৰ শাৰীৰিক পৰীক্ষণ কৰা ।

 যৌথ নিৰীক্ষণ গোটে এতিয়াৰে পৰা নিয়ম বলৱৎকৰণৰ বিষয়টো নিবিড়ভাৱে নিৰীক্ষণ কৰিব আৰু ভৱিষ্যতে ছাচপেন্সন অব অপাৰেছন চুক্তিৰ পৰ্যালোচনাকে ধৰি ইয়াৰ  উলংঘাৰ বিষয়ৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰা হ’ব।

*****

RK/VV/RR/PR/PS/DM


(रिलीज़ आईडी: 2164066) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Malayalam