প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱকাৰ মহামন্ত্ৰ দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 09 APR 2025 12:22PM by PIB Guwahati

জয় জিনেন্দ্ৰ,

শান্ত মন, স্থিৰ মন, মাথোঁ প্ৰশান্তি, এক আশ্চৰ্য্যকৰ অনুভূতি, যাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, যি চিন্তাৰো বাহিৰত, নৱকাৰ মহামন্ত্ৰ এতিয়াও মনত প্ৰতিধ্বনিত হৈ আছে। নমো অৰিহন্তনম। নমো সিদ্ধানম। নমো আৰ্য্যনম। নমো উৱজ্জায়নম। নমো লয়ে সৱ্ৱাসহুনম। (नमो अरिहंताणं॥ नमो सिद्धाणं॥ नमो आयरियाणं॥ नमो उवज्झायाणं॥ नमो लोए सव्वसाहूणं॥) এক কণ্ঠ, এক প্ৰবাহ, এক শক্তি, কোনো উত্থান নাই, কোনো পতন নাই, মাত্ৰ স্থিৰতা, মাথোঁ সমতা। তেনেকুৱা এক চেতনা, একে ধৰণৰ ছন্দ, ভিতৰত একেধৰণৰ পোহৰ। নৱকাৰ মহামন্ত্ৰৰ এই আধ্যাত্মিক শক্তি মোৰ ভিতৰত এতিয়াও অনুৰণিত হৈ আছে। কেইবছৰমান পূৰ্বে বেংগালুৰুতো একেধৰণৰ গণমন্ত্ৰ জপৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ, আজিও মোৰ একেই গভীৰতাৰে একেই অনুভৱ হৈছে। এইবাৰ একে চেতনাৰে সংযুক্ত লক্ষ-লক্ষ ধৰ্মপৰায়ণ আত্মা, একেলগে কোৱা শব্দ, একত্ৰিত শক্তিৰ জাগ্ৰত ৰূপ, ভাৰত-বিদেশত সকলোতে, এয়া সঁচাকৈয়ে অভূতপূৰ্ব।

শ্ৰাৱক আৰু শ্ৰাৱিকা, ভাই-ভনীসকল,

গুজৰাটত এই শৰীৰৰ জন্ম হৈছিল। যি স্থানত জৈন ধৰ্মৰ প্ৰভাৱ প্ৰতিটো গলিতে দেখা গৈছিল আৰু সৰুৰে পৰা জৈন আচাৰ্য্যৰ দয়ালু সংগ লাভ কৰিছিলোঁ।

বন্ধুসকল,

নৱকাৰ মহামন্ত্ৰ কেৱল এক মন্ত্ৰই নহয়, বৰঞ্চ এয়া আমাৰ বিশ্বাসৰ আধাৰ। আমাৰ জীৱনৰ মৌলিক সুৰ আৰু ইয়াৰ গুৰুত্ব কেৱল আধ্যাত্মিকতাতে সীমাবদ্ধ নহয়। এই মন্ত্ৰই আত্মৰ পৰা সমাজলৈকে সকলোকে পথ দেখুৱাইছে। মানুহৰ পৰা পৃথিৱীলৈ যাত্ৰা। এই মন্ত্ৰৰ কেৱল প্ৰতিটো শব্দই নহয়, আনকি প্ৰতিটো বৰ্ণও প্ৰকৃতাৰ্থত এটা-এটা মন্ত্ৰ। নৱকাৰ মহামন্ত্ৰ জপ কৰোঁতে আমি পঞ্চ পৰমেষ্ঠীক প্ৰণাম কৰোঁ। পঞ্চ পৰমেষ্ঠী কোন? অৰিহন্ত - যিসকলে কেৱল জ্ঞান লাভ কৰিছে, যিসকলে মহান সত্তাক আলোকিত কৰে, যিসকলৰ ১২ টা ঐশ্বৰিক গুণ আছে। সিদ্ধ - যিসকলে ৮ টা কৰ্ম পৰিত্যাগ কৰিছে, মোক্ষ লাভ কৰিছে, যিসকলৰ ৮ টা বিশুদ্ধ গুণ আছে। আচাৰ্য্য - মহাব্ৰতক অনুসৰণ কৰা, যিসকল পথ প্ৰদৰ্শক, তেওঁলোকৰ ব্যক্তিত্ব ৩৬ টা গুণেৰে পৰিপূৰ্ণ। উপাধ্যায় - যিসকলে মোক্ষ পথৰ জ্ঞান বিলাইছে, যিসকল ২৫ টা গুণেৰে পৰিপূৰ্ণ। সাধু - তপস্যাৰ অগ্নিত নিজকে পৰীক্ষা কৰোঁতা। যিসকল মোক্ষ লাভৰ দিশত আগবাঢ়িছে, তেওঁলোকৰো ২৭ টা মহান গুণ আছে।

বন্ধুসকল,

নৱকাৰ মহামন্ত্ৰ জপ কৰিলে আমি ১০৮ টা ঐশ্বৰিক গুণৰ আগত প্ৰণাম কৰোঁ, মানৱতাৰ কল্যাণৰ কথা মনত পেলাওঁ, এই মন্ত্ৰই আমাক সোঁৱৰাই দিয়ে – জ্ঞান আৰু কৰ্মই হৈছে জীৱনৰ দিশ, গুৰু হৈছে পোহৰ আৰু পথটোৱেই হৈছে ভিতৰৰ পৰা ওলাই অহা। নৱকাৰ মহামন্ত্ৰই কৈছে, নিজকে বিশ্বাস কৰক, নিজৰ যাত্ৰা আৰম্ভ কৰক, শত্ৰু বাহিৰত নাই, শত্ৰু ভিতৰতে আছে। নেতিবাচক চিন্তা, অবিশ্বাস, শত্ৰুতা, স্বাৰ্থপৰতা, এইবোৰেই শত্ৰু, এইসমূহক পৰাস্ত কৰাটোৱেই প্ৰকৃত জয়। আৰু এই কাৰণেই জৈন ধৰ্মই আমাক বাহিৰৰ জগতখনক নহয়, নিজকে জয় কৰিবলৈ অনুপ্ৰাণিত কৰে। আমি যেতিয়া নিজকে জয় কৰোঁ, তেতিয়া আমি অৰিহন্ত হৈ পৰোঁ। আৰু সেয়ে, নৱকাৰ মহামন্ত্ৰ কোনো দাবী নহয়, বৰঞ্চ এয়া এক পথ। মানুহক ভিতৰৰ পৰা শুদ্ধ কৰা পথ। যিয়ে এজন ব্যক্তিক সম্প্ৰীতিৰ পথ দেখুৱাইছে।

বন্ধুসকল,

নৱকাৰ মহামন্ত্ৰ সঁচাকৈয়ে মানুহৰ ধ্যান, সাধনা আৰু আত্মশুদ্ধিৰ এক মন্ত্ৰ। এই মন্ত্ৰৰ এক বৈশ্বিক দৃষ্টিভংগী আছে। ভাৰতৰ আন-আন শ্ৰুতি-স্মৃতি পৰম্পৰাৰ দৰে এই চিৰন্তন মহামন্ত্ৰও প্ৰথমে যুগ-যুগ ধৰি মৌখিকভাৱে, তাৰ পিছত শিলালিপিৰ জৰিয়তে আৰু শেষত প্ৰাকৃত পাণ্ডুলিপিৰ জৰিয়তে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰচাৰিত হৈ আহিছে আৰু আজিও ই আমাক পথ প্ৰদৰ্শন কৰি আছে। নৱকাৰ মহামন্ত্ৰ পঞ্চ পৰমেষ্ঠীৰ পূজাৰ লগতে সঠিক জ্ঞান। এয়া হৈছে প্ৰকৃত বিশ্বাস। সঠিক আচৰণ আৰু সৰ্বোপৰি পৰিত্ৰাণৰ পথ।

আমাৰ জ্ঞাত যে জীৱনৰ ৯ টা উপাদান আছে। এই ৯ টা উপাদানে জীৱনক নিখুঁততাৰ দিশে লৈ যায়। গতিকে আমাৰ সংস্কৃতিত ৯-ৰ এক বিশেষ তাৎপৰ্য্য আছে। জৈন ধৰ্ম, নৱকাৰ মহামন্ত্ৰত নটা উপাদান, নটা গুণ আৰু অন্যান্য পৰম্পৰাত নটা নিধি, নৱদ্বাৰ, নৱগ্ৰহ, নৱদুৰ্গ, নৱধৰ ভক্তি, ন সকলোতে আছে। প্ৰতিটো সংস্কৃতিত, প্ৰতিটো সাধনাতে এয়া বিদ্যমান। জপটোও ৯ বাৰ বা ২৭, ৫৪, ১০৮ বাৰ অৰ্থাৎ ৯ ৰ বহুগুণত কৰা হয়। কিয়? কাৰণ ৯ হৈছে নিখুঁততাৰ প্ৰতীক। ৯-ৰ পিছত সকলো পুনৰাবৃত্তি হয়। ৯-ক যিকোনো বস্তুৰে গুণ কৰিলে উত্তৰৰ মূল পুনৰ ৯। এয়া কেৱল গণিত নহয়। এয়াই দৰ্শন। যেতিয়া আমি নিখুঁততা লাভ কৰোঁ, তেতিয়া আমাৰ মন, আমাৰ মগজ সুস্থ হৈ পৰে। নতুন বিষয়ৰ প্ৰতি হেপাহ নাই। প্ৰগতিৰ পিছতো আমি আমাৰ উৎপত্তিৰ পৰা আঁতৰি নাযাওঁ আৰু এয়াই হৈছে নৱকাৰ মহামন্ত্ৰৰ সাৰমৰ্ম।

বন্ধুসকল,

নৱকাৰ মহামন্ত্ৰৰ এই দৰ্শন এখনি উন্নত ভাৰতৰ দৃষ্টিভংগীৰে সংগতিপূৰ্ণ। মই লালকিল্লাৰ পৰা কৈছিলোঁ - উন্নত ভাৰত মানে উন্নয়নৰ লগতে ঐতিহ্যও! যি ভাৰত ৰৈ নাথাকে, এখনি থমকি নপৰা ভাৰত। যিয়ে শিখৰত আৰোহণ কৰে, অথচ শিপাৰ পৰা বিচ্ছিন্ন নহয়। এখনি উন্নত ভাৰতে নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰিব। সেইবাবেই, আমি আমাৰ তীৰ্থংকৰৰ শিক্ষাৰাজিক সংৰক্ষণৰ প্ৰয়াস কৰিছোঁ। ভগৱান মহাবীৰৰ ২৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱ আমি সমগ্ৰ দেশতে উদযাপন কৰিলোঁ। আজি বহিঃৰাষ্ট্ৰৰ পৰা প্ৰাচীন মূৰ্তিৰাজি ঘূৰি অহাৰ সময়তে আমাৰ তীৰ্থংকৰৰ মূৰ্তিসমূহো আমি ঘূৰাই পাইছোঁ। আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে বিগত বছৰ কেইটাত বহিঃৰাষ্ট্ৰৰ পৰা ২০-ৰো অধিক তীৰ্থংকৰৰ মূৰ্তি ঘূৰাই পোৱা গৈছে, যিসমূহ ভিন্ন সময়ত চুৰি হৈছিল।

বন্ধুসকল,

ভাৰতৰ পৰিচয় সৃষ্টিৰ ক্ষেত্ৰত জৈন ধৰ্মৰ ভূমিকা অমূল্য। আমি ইয়াক সংৰক্ষণৰ বাবে অংগীকাৰবদ্ধ। আপোনালোকৰ নিশ্চয় নতুন সংসদ ভৱনৰ কথা জ্ঞাত। আৰু যদি আপোনাসৱ ইয়ালৈ গৈছে, তেন্তে আপোনাসৱে ভালদৰেই দেখিছে। আপোনাসৱে দেখিছে যে নতুন সংসদ ভৱন গণতন্ত্ৰৰ মন্দিৰত পৰিণত হৈছে। তাতো জৈন ধৰ্মৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। শাৰদুল দ্বাৰেৰে প্ৰৱেশ কৰাৰ লগে-লগে স্থাপত্যৰ গেলেৰীত দেখা যায় সন্মেদ শিখৰ। লোকসভাৰ প্ৰৱেশদ্বাৰত তীৰ্থংকৰৰ মূৰ্তি আছে, এই মূৰ্তিক অষ্ট্ৰেলিয়াৰ পৰা ঘূৰাই অনা হৈছে। সংবিধান গেলেৰীৰ চিলিঙত ভগৱান মহাবীৰৰ এখনি আশ্চৰ্য্যকৰ চিত্ৰ আছে। ২৪ গৰাকী তীৰ্থংকৰ একেলগে দক্ষিণ ভৱনৰ দেৱালত বিদ্যমান। এই দৰ্শনসমূহে আমাৰ গণতন্ত্ৰৰ দিশ দেখুৱাইছে, সঠিক পথ দেখুৱাইছে। প্ৰাচীন আগম গ্ৰন্থসমূহত জৈন ধৰ্মৰ সংজ্ঞাসমূহ অতি সংক্ষিপ্ত সূত্ৰত উল্লেখ কৰা হৈছে। যেনে - বত্থু সহভো ধম্মো, চৰিতম খালু ধম্মো, জীৱন ৰখনাম ধম্মো, (वत्थु सहावो धम्मो, चारित्तम् खलु धम्मो, जीवाण रक्खणं धम्मो), এই প্ৰমূল্যবোধক অনুসৰণেৰে আমাৰ চৰকাৰে সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰেৰে আগবাঢ়িছে।

বন্ধুসকল,

জৈন সাহিত্য ভাৰতৰ বৌদ্ধিক গৌৰৱৰ মেৰুদণ্ডস্বৰূপ। এই জ্ঞানক সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য। আৰু সেইবাবেই আমি প্ৰাকৃত আৰু পালিক ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদান কৰিছোঁ। এতিয়া জৈন সাহিত্য সন্দৰ্ভত অধিক গৱেষণা সম্ভৱ হৈ উঠিব।

আৰু বন্ধুসকল,

ভাষা বাচি থাকিলে জ্ঞান বাচি থাকিব। ভাষাৰ প্ৰসাৰ হ’লে জ্ঞানৰ সম্প্ৰসাৰণ হ’ব। আমাৰ দেশত শ-শ বছৰ পুৰণি জৈন পাণ্ডুলিপি আছে। ইয়াৰ প্ৰতিটো পৃষ্ঠা ইতিহাসৰ দাপোন। এয়া এক জ্ঞানৰ সাগৰ। “সময় ধম্মা মুদাহৰে মুনি” ("समया धम्म मुदाहरे मुणी”) - ধৰ্ম সমতাত নিহিত হৈ আছে। “জো সয়ম জাহ ভেছিজ্জা তেনো ভাৱৈ বান্দগো” ("जो सयं जह वेसिज्जा तेणो भवइ बंद्गो") - যিজনে জ্ঞানৰ অপব্যৱহাৰ কৰে তেওঁৰ ধ্বংস হয়। “কামো কাছায়ো খাভে জো, ছ’ মুনি – পৱকম্মা জাও।” ("कामो कसायो खवे जो, सो मुणी – पावकम्म-जओ।) “যিজনে কামনা আৰু আবেগক জয় কৰে, তেওঁ প্ৰকৃত মুনি।”

কিন্তু বন্ধুসকল,

দুৰ্ভাগ্যজনকভাৱে বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ লাহে-লাহে নোহোৱা হৈ আহিছিল। সেইবাবেই আমি জ্ঞান ভাৰতম অভিযান আৰম্ভ কৰিবলৈ ওলাইছোঁ। এইবাৰৰ বাজেটত ইয়াৰ ঘোষণা কৰা হৈছে। দেশৰ কোটি-কোটি পাণ্ডুলিপিৰ সমীক্ষা চলোৱাৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। প্ৰাচীন ঐতিহ্যক ডিজিটাইজ কৰি আমি প্ৰাচীনতাক আধুনিকতাৰ সৈতে সংযোগ কৰিম। বাজেটৰ এয়া এক অতিশয় গুৰুত্বপূৰ্ণ ঘোষণা আছিল আৰু ইয়াকে লৈ আপোনালোকে অধিক গৌৰৱ কৰা উচিত।

বন্ধুসকল,

আমি আৰম্ভ কৰা মিছনটো এক অমৃত সংকল্প! নৱ্য ভাৰতে এআই-ৰ জৰিয়তে সম্ভাৱনাৰ সন্ধান কৰিব আৰু আধ্যাত্মিকতাৰ জৰিয়তে বিশ্বক বাট দেখুৱাব।

বন্ধুসকল,

জৈন ধৰ্মৰ বিষয়ে মই যিমানদূৰ জানোঁ আৰু বুজোঁ, জৈন ধৰ্ম অতি বিজ্ঞানসন্মত আৰু অতি সংবেদনশীল। বিশ্ব আজি বহু পৰিস্থিতিৰ সন্মুখীন হৈছে, যেনেঃ যুদ্ধ, সন্ত্ৰাসবাদ বা পৰিবেশ সমস্যা, এনে প্ৰত্যাহ্বানৰ সমাধান জৈন ধৰ্মৰ মৌলিক নীতিত নিহিত হৈ আছে। ইয়াক জৈন পৰম্পৰাৰ প্ৰতীক হিচাপে লিখা হৈছে - “পৰস্পৰগ্ৰহ’ জীৱনাম” ("परस्परोग्रहो जीवानाम")। ইয়াৰ অৰ্থ হৈছে বিশ্বৰ সকলো জীৱ পৰস্পৰে-পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে জৈন পৰম্পৰাত ক্ষুদ্ৰতম হিংসাকো নিষিদ্ধ কৰা হৈছে। পৰিবেশ সুৰক্ষা, পাৰস্পৰিক সম্প্ৰীতি আৰু শান্তিৰ সৰ্বোত্তম বাৰ্তা এয়া। জৈন ধৰ্মৰ ৫ টা মূল নীতিৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু আন এটা মূল নীতি আছে - অনেকান্তবাদ। অনেকান্তবাদৰ দৰ্শন আজিৰ যুগত অধিক প্ৰাসংগিক হৈ পৰিছে। অনেকান্তবাদত বিশ্বাস কৰোঁতে যুদ্ধ আৰু সংঘাতৰ পৰিস্থিতি নাথাকে। তেতিয়া মানুহে আনৰ অনুভৱ বুজি পায় আৰু লগতে তেওঁলোকৰ দৃষ্টিভংগীও বুজি পায়। মই ভাবোঁ আজি সমগ্ৰ বিশ্বই অনেকান্তবাদৰ দৰ্শন আটাইতকৈ বেছিকৈ বুজিব লাগিব।

বন্ধুসকল,

আজি ভাৰতৰ ওপৰত বিশ্বৰ আস্থা গভীৰ হৈ আহিছে। আমাৰ প্ৰচেষ্টা, আমাৰ ফলাফল এক প্ৰেৰণা হৈ পৰিছে। বিশ্বৰ প্ৰতিষ্ঠানসমূহে ভাৰতৰ ফালে চাই আছে। কিয়? কাৰণ ভাৰত আগবাঢ়িছে। আৰু আমি যেতিয়া আগবাঢ়ি যাওঁ, এয়াই ভাৰতৰ বিশেষত্ব, যেতিয়া ভাৰত আগবাঢ়ি যায়, তেতিয়া আনৰ বাবে পথ মুকলি হয়। এয়াই জৈন ধৰ্মৰ আত্মা। মই আকৌ ক’ম, পৰস্পৰগ্ৰহ’ জীৱনাম! (परस्परोग्रहो जीवानाम!) জীৱন আগবাঢ়ে কেৱল পাৰস্পৰিক সহযোগিতাৰ মাজেৰে। জীৱন কেৱল পাৰস্পৰিক সহযোগিতাৰেহে আগবাঢ়ি যায়। এনে চিন্তাধাৰাৰ বাবেই ভাৰতৰ পৰা বিশ্বৰ আশাও বাঢ়িছে। আৰু আমিও আমাৰ প্ৰচেষ্টা গ্ৰহণ কাৰ্য্য ব্যাপক কৰি তুলিছোঁ। আজি আটাইতকৈ ডাঙৰ সংকটটো হ’ল, বহু সংকটৰ ভিতৰত এটা সংকটৰ বিষয়ে আটাইতকৈ বেছি আলোচনা কৰা হৈছে - জলবায়ু পৰিৱৰ্তন। ইয়াৰ সমাধান কি? বহনক্ষম জীৱনশৈলী। সেইবাবেই ভাৰতে মিছন লাইফ আৰম্ভ কৰিছে। মিছন লাইফ মানে 'পৰিবেশৰ বাবে জীৱন শৈলী' (LIFE- Life Style for Environment)। আৰু জৈন সমাজে যুগ-যুগ ধৰি এনেদৰে জীৱন-নিৰ্বাহ কৰি আহিছে। সৰলতা, সংযম আৰু বহনক্ষমতা আপোনালোকৰ জীৱনৰ ভিত্তি। জৈন ধৰ্মত কোৱা হয় - অপৰিগ্ৰহ, এতিয়া এই কথাটো সকলোৰে মাজত বিয়পাই দিয়াৰ সময়। মই আপোনালোকক আহ্বান জনাইছোঁ, আপুনি য’তেই নাথাকক, পৃথিৱীৰ যিকোনো কোণতেই নাথাকক কিয়, যিখন দেশতে নাথাকক কিয়, নিশ্চিতভাৱে যেন মিছন লাইফৰ একো-একোগৰাকী ধ্বজাবাহক হৈ উঠে।

বন্ধুসকল,

আজিৰ পৃথিৱীখন তথ্যৰ জগত। জ্ঞানৰ ভঁৰাল দৃশ্যমান হৈ আহিছে। কিন্তু, ন বিজ্জা বিন্ননাম কৰোতি কিঞ্চি! (न विज्जा विण्णाणं करोति किंचि!) প্ৰজ্ঞা অবিহনে জ্ঞান কেৱল গধুৰতা, গভীৰতা নহয়। জৈন ধৰ্মই আমাক শিকাইছে যে সঠিক পথ কেৱল জ্ঞান আৰু প্ৰজ্ঞাৰ দ্বাৰাহে পোৱা যায়। এই ভাৰসাম্য আমাৰ যুৱ প্ৰজন্মৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। য’ত টেক আছে তাত টাচ্চো থাকিব লাগে। য'ত দক্ষতা আছে তাত আত্মাও থাকিব লাগে। নৱকাৰ মহামন্ত্ৰ এই প্ৰজ্ঞাৰ উৎস হ’ব পাৰে। নতুন প্ৰজন্মৰ বাবে এই মন্ত্ৰ কেৱল জপ নহয়, বৰঞ্চ এয়া এক দিশ।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বতে ইমান সংখ্যক লোকে একেলগে নৱকাৰ মহামন্ত্ৰ জপ কৰাৰ সময়তে মই বিচাৰোঁ যে আমি সকলোৱে, আজি আমি য'তেই বহি আছোঁ, কেৱল এই কোঠাটোতেই নহয়, এই ৯ টা সংকল্প গ্ৰহণ কৰিব লাগে। প্ৰথম সংকল্প- পানী ৰাহি কৰাৰ সংকল্প। আপোনালোকৰ বহুতেই নিশ্চয় মহুদীলৈ তীৰ্থযাত্ৰাত গৈছিল। বুদ্ধিসাগৰ জী মহাৰাজে ১০০ বছৰ আগতে তাত কিবা এটা কৈছিল, তাত লিখা আছে। বুদ্ধিসাগৰ মহাৰাজ জীয়ে ১০০ বছৰ আগতেই কৈছিল - "এদিন গেলামালৰ দোকানত পানী বিক্ৰী হ'ব...।" আজি এয়া বাস্তৱ। আমি খোৱাৰ বাবে গেলামালৰ দোকানৰ পৰা পানী কিনো। এতিয়া আমি প্ৰতি টোপাল পানীৰ মূল্য বুজিব লাগিব। প্ৰতি টোপাল পানী ৰাহি কৰাটো আমাৰ কৰ্তব্য।

দ্বিতীয় সংকল্প- মাতৃৰ নামত এজোপা গছ (এক পেড় মান কে নাম)। যোৱা কেইমাহমানত দেশত ১০০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। এতিয়া প্ৰতিজন ব্যক্তিয়ে মাতৃৰ নামত এটিকৈ গছপুলি ৰোপণ কৰক, মাতৃৰ আশীৰ্বাদত লালন-পালন কৰক। মোক গুজৰাট ভূমিক সেৱা কৰাৰ সুযোগ প্ৰদান কৰোঁতে মই এটা পৰীক্ষা কৰিছিলোঁ। মই তৰংগা জীত এখন তীৰ্থংকৰ বনাঞ্চল গঢ়ি তুলিছিলোঁ। তৰংগা জীৰ অৱস্থা নিৰ্জন, তীৰ্থযাত্ৰী আহিলে তেওঁলোকে বহিবলৈ ঠাই পায় আৰু মোৰ এই তীৰ্থংকৰ অৰণ্যত আমাৰ ২৪ জন তীৰ্থংকৰ যি গছৰ তলত বহিছিল, সেই গছসমূহ বিচাৰি ৰোপণ কৰিবলৈ মন গৈছিল। মই মোৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে, মাত্ৰ ১৬ জোপা গছৰ পুলিহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ, আঠজোপাৰ পুলি বিচাৰি নাপাইছিলোঁ। তীৰ্থংকৰসকলে যিসমূহ গছৰ তলত বহি ধ্যান কৰিছিল, সেইসমূহ গছ বিলুপ্ত হৈ গ’লে আমাৰ হৃদয়ত বিষ অনুভৱ নহ’ব জানোঁ? সেয়ে আপোনাসৱেও সংকল্প গ্ৰহণ কৰে যেন, যি গছৰ তলত প্ৰতিজন তীৰ্থংকৰ বহিছিল, মই সেই পুলি ৰোপণ কৰিম আৰু সেই পুলিটো মাৰ নামত ৰোপণ কৰিম।

তৃতীয় সংকল্প- স্বচ্ছতা অভিযান। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজেৰে অহিংসাৰ পথ প্ৰশস্ত হয়, হিংসাৰ পৰা মুক্তি লাভ কৰিব পাৰি। আমাৰ প্ৰতিটো ৰাস্তা, প্ৰতিটো অঞ্চল, প্ৰতিখন চহৰ পৰিষ্কাৰ হ’ব লাগে, প্ৰতিজন ব্যক্তিয়ে ইয়াত অৰিহণা যোগাব লাগে নহয়নে? চতুৰ্থ সংকল্প- ভকেল ফৰ লোকেল। আমি এটা কাম কৰিব লাহে। বিশেষকৈ মোৰ যুৱ বন্ধুসকলে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে আপোনালোকৰ ঘৰত যি-যি বস্তু ব্যৱহাৰ কৰে, ব্ৰাছ, কম্বল, যিয়েই নহওঁক কিয়, কিমান বস্তু বিদেশী তাৰ এখন তালিকা যুগুত কৰে যেন। আপোনাসৱ নিজেই আচৰিত হ’ব, আপোনালোকৰ জীৱন-যাত্ৰাত কিমান বিদেশী বস্তু সোমাই পৰিছে। আৰু তাৰ পিছত এই সংকল্প গ্ৰহণ কৰে যেন, এই সপ্তাহত মই তিনিটা এনে বস্তু ব্যৱহাৰ নকৰোঁ, অহা সপ্তাহত পাঁচটালৈ এয়া হ্ৰাস কৰিম আৰু তাৰ পিছত লাহে-লাহে প্ৰতিদিনে নটাকৈ কমাই যাম, নৱকাৰ মন্ত্ৰ আবৃত্তি কৰি যাম।

বন্ধুসকল,

মই ভকেল ফৰ লোকেল বুলি কৈ ভাৰতত নিৰ্মিত সামগ্ৰীসমূহ কিনিবলৈ আহ্বান জনাইছোঁ। আমি স্থানীয় সামগ্ৰীক বিশ্বজনীন কৰি তুলিব লাগিব। যিসমূহ সামগ্ৰীত ভাৰতীয়ৰ ঘামৰ সুগন্ধি আৰু ভাৰতৰ মাটিৰ সুগন্ধি থাকে, সেইসমূহ সামগ্ৰী আমি কিনিব লাগিব আৰু আনকো এই কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগিব।

পঞ্চম সংকল্প- দেশ দৰ্শন। আপোনালোকে সমগ্ৰ বিশ্বখন ভ্ৰমণ কৰিব পাৰে, কিন্তু প্ৰথমে ভাৰতখনক চিনি পাব লাগে, নিজৰ ভাৰতক চিনি পাব লাগে। আমাৰ প্ৰতিখন ৰাজ্য, প্ৰতিটো সংস্কৃতি, প্ৰতিটো প্ৰান্ত, প্ৰতিটো পৰম্পৰা আশ্চৰ্য্যকৰ, অমূল্য, আমি এয়া চাব লাগে। এতিয়া আমি আমাৰ সন্তানক ইয়াৰ সৈতে পৰিচয় কৰাব লাগিব।

ষষ্ঠ সংকল্প- প্ৰাকৃতিক কৃষিকাৰ্য্য। জৈন ধৰ্মই কৈছে- জীৱ জীৱস নো হন্তা - (जीवो जीवस्स नो हन्ता) “এটা জীৱই আন এটা জীৱক হানি কৰিব নালাগে।” আমি ধৰিত্ৰী মাতৃক ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত কৰিব লাগিব। আমি আমাৰ কৃষক ৰাইজৰ কাষত থিয় দিব লাগিব। প্রাকৃতিক কৃষিকাৰ্য্যৰ মন্ত্রক আমি প্রতিখন গাঁৱলৈকে লৈ যাব লাগিব।

সপ্তম সংকল্প- সুস্থ জীৱনশৈলী গ্ৰহণ কৰা। আমি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত ভাৰতীয় পৰম্পৰালৈ ঘূৰি অহা উচিত। শ্ৰী অন্ন বাজৰা যিমান পাৰি, সিমান গ্ৰহণ কৰিব লাগে। আৰু খাদ্যত তেলৰ ব্যৱহাৰ ১০% হ্ৰাস কৰিব লাগে, যাতে মেদবহুলতাক দূৰৈতে ৰাখিব পাৰি! আৰু ইয়াৰ ফলশ্ৰুতিত ব্যয়ো ৰাহি হ’ব।

বন্ধুসকল,

জৈন পৰম্পৰাত কৈছে – ‘তপেনাম তনু মনসাম হয়।’ (‘तपेणं तणु मंसं होइ।’) তপস্যা আৰু আত্মসংযমে শৰীৰ সুস্থ আৰু মন শান্তিপূৰ্ণ কৰি তোলে। আৰু ইয়াৰ বাবে এটা পৰম মাধ্যম হ’ল যোগ আৰু ক্ৰীড়া। গতিকে আমি যোগ আৰু ক্ৰীড়াক জীৱনৰ অংশ কৰি তোলাৰ অষ্টম সংকল্প গ্ৰহণ কৰিব লাগে। ঘৰেই হওঁক বা অফিচেই হওঁক, স্কুলেই হওঁক বা পাৰ্কেই হওঁক, আমি খেলা-ধূলা আৰু যোগাসন কৰাটো আমাৰ জীৱনৰ এটা অংশ কৰি ল’ব লাগিব। নৱম সংকল্প হৈছে দৰিদ্ৰ নাৰায়ণক সহায় কৰা। কাৰোবাৰ হাতখন ধৰা, কাৰোবাক ভোজন কৰোঁৱা কাৰ্য্যই হৈছে প্ৰকৃত সেৱা।

বন্ধুসকল,

এই নতুন সংকল্পৰাজিয়ে আমাক নতুন শক্তি প্ৰদান কৰিব, এয়া মোৰ নিশ্চয়তা। আমাৰ নতুন প্ৰজন্মই নতুন দিশ পাব। আৰু আমাৰ সমাজখনত শান্তি, সম্প্ৰীতি আৰু মমতাৰ মনোভাৱ বাঢ়িব। সকলো মহাৰাজ চাহাবেও মোৰ কথা শুনি আছে, মই আপোনাসৱক আহ্বান জনাইছোঁ যে মোৰ এই কথাখিনি যদি আপোনালোকেও কয়, তেতিয়া সংকল্পৰাজিৰ শক্তি বাঢ়িব।

বন্ধুসকল,

আমাৰ ৰত্নত্ৰয়, দশলক্ষণ, সোলাহ কৰণ,পৰ্যুষণ আদি উৎসৱসমূহে আত্মকল্যাণৰ বাট মুকলি কৰে। একেই বিশ্ব নৱকাৰ মহামন্ত্ৰ, এই দিনটোৱে বিশ্বত নিৰন্তৰ সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি কৰিব, আমাৰ আচাৰ্য্য ভগৱতসকলৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু সেয়েহে আপোনাসৱৰ ওপৰতো মোৰ বিশ্বাস আছে। আজি মই সুখী। এই অনুষ্ঠানত চাৰিওটা পন্থা একত্ৰিত হোৱাত মই অতিশয় সন্তোষ পাইছোঁ। এই সুখানুভূতিক মই সেই চাৰিটা পন্থাৰ সকলো মহাপুৰুষৰ চৰণত উৎসৰ্গা কৰিছোঁ। এই অনুষ্ঠান আমাৰ প্ৰেৰণা, আমাৰ ঐক্য, আমাৰ সংহতি আৰু একতাৰ শক্তি তথা ঐক্যৰ পৰিচয়ৰ অনুভূতি হৈ পৰিছে। আমি এনেদৰে দেশখনক ঐক্যৰ বাৰ্তা প্ৰদান কৰিব লাগিব। ভাৰত মাতা কী জয় বুলি কোৱা সকলোৰে সৈতে আমি সংযোগ স্থাপন কৰিব লাগিব। এয়াই হৈছে এখনি উন্নত ভাৰত গঢ়াৰ শক্তি, ই ইয়াৰ ভেটি সুদৃঢ় কৰিব।

বন্ধুসকল,

আজি মোৰ দেশৰ বহু প্ৰান্তৰ গুৰু ভগৱতৰ আশীৰ্বাদ লাভৰ সৌভাগ্য হৈছে। এইদৰে বিশ্বজুৰি অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে সমগ্ৰ জৈন পৰিয়ালক প্ৰণাম জনাইছোঁ। সমগ্ৰ দেশ-বিদেশত সমবেত হোৱা আমাৰ আচাৰ্য্য ভগৱত, মাৰা চাহাব, মুনি মহাৰাজ, শ্ৰাৱক আৰু শ্ৰাৱিকাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰণাম জনাইছোঁ। আৰু এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে জিআইটিঅ'-ক বিশেষভাৱে অভিনন্দন জনাইছোঁ। ইয়াৰ এপেক্স অধ্যক্ষ পৃথ্বী ৰাজ কোথাৰী জী, সভাপতি বিজয় ভাণ্ডাৰী জী, গুজৰাটৰ গৃহমন্ত্ৰী হৰ্ষ সংঘবী জী, জিআইটিঅ'-ৰ আন-আন বিষয়-ববীয়া আৰু দেশৰ লগতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ গণ্যমান্য ব্যক্তিসকলক এই ঐতিহাসিক অনুষ্ঠানৰ বাবে শুভেচ্ছা জনাইছোঁ। অশেষ ধন্যবাদ জনালোঁ।

জয় জিনেন্দ্ৰ

জয় জিনেন্দ্ৰ।

জয় জিনেন্দ্ৰ।

 

***

MJPS/VJ/SS/SB


(Release ID: 2161679) Visitor Counter : 14