কৃষি মন্ত্ৰালয়
দিল্লীৰ আইচিএআৰ পুছা কেম্পাছত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ অনুষ্ঠানত ভাৰ্চুৱেলী ভাষণ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ
“কৃষিক্ষেত্ৰত মহাকাশ বিজ্ঞানে অলৌকিক পৰিৱৰ্তন আনিছে” – শ্ৰী শিৱৰাজ সিং
“দেশত অভিলেখ পৰ্যায়ৰ উৎপাদন মহাকাশ বিজ্ঞানৰ প্ৰতি অতুলনীয় অৱদানৰ ঋণী” – শ্ৰী চৌহান
“ইছৰোৰ ‘জিঅ’ পৰ্টেল’ৰ পৰা সঠিক তথ্যৰ জৰিয়তে লাভৱান হৈছে কৃষক” – শ্ৰী শিৱৰাজ সিং
“ৰিম’ট চেন্সিঙে শস্যৰ ক্ষতিৰ সঠিক মূল্যায়ন সম্ভৱ কৰি তুলিছে” – শ্ৰী চৌহান
“চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান অৱতৰণ সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়” – শ্ৰী শিৱৰাজ সিং
“ভাৰতৰ মহাকাশ কৃতিত্বত বিশ্ব আচৰিত; মহাকাশচাৰী শ্ৰী সুভাংশু শুক্লালৈ অভিনন্দন” – শ্ৰী চৌহান
Posted On:
23 AUG 2025 4:35PM by PIB Guwahati
ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে নতুন দিল্লীৰ পুছাস্থিত আইচিএআৰত আয়োজিত এক কাৰ্যসূচীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ভাৰ্চুৱেলী ভাষণ দিয়ে। কাৰ্যসূচীৰ বিষয়বস্তু আছিল ‘কৃষি ৰূপান্তৰৰ বাবে মহাকাশ প্ৰযুক্তিৰ গৱেষণা আৰু উন্নয়ন’। অনুষ্ঠানত এই উপলক্ষে জ্যেষ্ঠ বিজ্ঞানীসকলৰ সৈতে আইচিএআৰৰ সঞ্চালক প্ৰধান ড° এম.এল. জাট উপস্থিত থাকে।
শ্ৰী চৌহানে কয় যে তেওঁ আইচিএআৰতো ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰাটো দেখি আদন্দিত হৈছে। তেওঁ কয়, ‘মহাকাশ বিজ্ঞানৰ জৰিয়তে আমি ভাৰত আৰু বিশ্বৰ পৰিৱৰ্তন আনিছো।কৃষিক্ষেত্ৰত প্ৰযুক্তি আৰু বিজ্ঞান কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো আৰু ইয়াক আৰু আগুৱাই নিব লাগিব।’
বিজ্ঞানীসকলক “আধুনিক ঋষি” বুলি অভিহিত কৰি শ্ৰী চৌহানে কয়, “আমি খেতি, ইয়াৰ দিশ সলনি কৰিছো আৰু কৃষকৰ জীৱন ৰূপান্তৰিত কৰিছো। আমি জনসাধাৰণৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিছো। কঁপাহ, কুহিয়াৰ উৎপাদন, একৰ মূল্যায়ন, বতৰৰ তথ্যলৈকে মহাকাশ প্ৰযুক্তিয়ে মূল ভূমিকা পালন কৰে।”
তেওঁ কয় যে আগতে বতৰৰ পূৰ্বাভাস লোককথা আৰু অনুমানৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও আজি ইছৰোৰ জিঅ’ পৰ্টেলে বৰষুণ, খৰাং, বতৰৰ বিষয়ে প্ৰায় সঠিক তথ্য প্ৰদান কৰে। তেওঁ কয়, ‘এতিয়া কৃষকসকলে ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ খেতিৰ পৰিকল্পনা কৰে।পৰ্টেলটোৱে মাটিৰ আৰ্দ্ৰতাৰ তথ্যও দিয়ে, শস্যৰ স্বাস্থ্যৰ তথ্য একত্ৰিত কৰে আৰু নিখুঁত তথ্য প্ৰদান কৰে।’
শ্ৰী চৌহানে উল্লেখ কৰে যে কৃষকসকলে আপলোড কৰা ফটোৰ পৰা কীট-পতংগ ধৰা পেলাব পৰাকৈ আৰু সঠিক সময়ত ঘেঁহু নিৰীক্ষণ, বীজ সিঁচা আৰু চপোৱা ক্ষেত্ৰৰ অনুমানৰ বাবে প্ৰযুক্তি বিকশিত কৰা হৈছে। কৃষি মন্ত্ৰালয়ৰ পৰিসংখ্যা এতিয়া এন আৰ এছ চিৰ চি আৰ অ’ পি কাঠামো (কম্প্ৰেহেন্সিভ ৰিম’ট চেন্সিং অবজাৰ্ভেচন অন ক্ৰপ প্ৰগ্ৰেছ)ৰ সৈতে মিল খাইছে। নাছা-ইছৰোৰ নিছাৰ অভিযানৰ জৰিয়তে মাটিৰ আৰ্দ্ৰতা, শস্যৰ স্বাস্থ্য, আৰু জৈৱবস্তুৰ সঠিক অনুমান সৰু সৰু প্লটৰ পৰা আৰম্ভ কৰি বৃহৎ অঞ্চললৈকে সম্ভৱ হৈ উঠিছে।
তেওঁ আঙুলিয়াই দিয়ে যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাক লৈ উদ্বেগসমূহৰ ভিতৰত আছিল ত্ৰুটিপূৰ্ণ শস্য কটাৰ পৰীক্ষা আৰু স্বচ্ছতাৰ অভাৱ। ‘কেতিয়াবা যিসকল কৃষকৰ শস্যৰ ক্ষতি হৈছিল তেওঁলোকে ক্ষতিপূৰণ লাভ কৰা নাছিল, আনহাতে অপ্ৰভাৱিতসকলে লাভ কৰিছিল।কিন্তু উপগ্ৰহ ভিত্তিক ৰিম’ট ছেন্সিঙৰ সহায়ত এতিয়া শস্যৰ ক্ষতিৰ সঠিক মূল্যায়ন কৰিব পৰা যাব, যাৰ ফলত উপগ্ৰহৰ ছবিৰ জৰিয়তে সঠিক ক্ষতিপূৰণ সম্ভৱ হৈ উঠিছে।’
তেওঁ দৃঢ়তাৰে কয় যে মহাকাশ বিজ্ঞানে বৃদ্ধি পোৱা উষ্ণতা, ধুমুহা বা খৰাঙৰ সময়ত সময়মতে সতৰ্কবাণী প্ৰদান কৰাত সহায় কৰে, যিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু শস্য সুৰক্ষাত সহায় কৰে। তথ্য পোনপটীয়াকৈ কৃষকৰ ওচৰলৈ যাব লাগিব আৰু সজাগতা গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। তেওঁ লগতে কয় যে ‘বিকশিত কৃষি সংকল্প অভিযান’ হুবহু কৃষিক্ষেত্ৰত বৈজ্ঞানিক সাফল্যসমূহ পোনপটীয়াকৈ কৃষকৰ মাজলৈ আনিবলৈ আৰম্ভ কৰা হৈছিল।
তেওঁ কয়, ‘আমাৰ বৰ্তমানৰ প্ৰত্যাহ্বান হৈছে কৃষকসকলক সঠিক সময়ৰ তথ্য প্ৰদান কৰা, যাতে তেওঁলোকে কৃষিৰ সিদ্ধান্তত উপকৃত হ’ব পাৰে।আমাৰ বিজ্ঞানীসকলৰ সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কৃষকসকলে অভিযানৰ সময়ত কেইবাটাও ব্যৱহাৰিক দাবী উত্থাপন কৰিছিল, য’ত ভুৱা সাৰ আৰু কীটনাশক ধৰা পেলাব পৰা যন্ত্ৰৰ বাবে অনুৰোধ জনোৱা হৈছিল আৰু ইয়াৰ ভিতৰৰ বস্তু চিনাক্ত কৰা হৈছিল। কৃষকসকলে লোকচানৰ সন্মুখীন হোৱাৰ বাবে এইটো এটা গুৰুতৰ বিষয়।সৰিয়হৰ পথাৰত কীটনাশকৰ ব্যৱহাৰে শস্য নিঃশেষ কৰিছে।মই বিজ্ঞানীসকলক এই সন্দৰ্ভত জৰুৰীভাৱে কাম কৰিবলৈ আহ্বান জনাইছো।’-তেওঁ লগতে কয়।
শ্ৰী চৌহানে স্পষ্ট কৰি দিয়ে যে বিজ্ঞান বুলি ক’লে তেওঁ কেৱল মহাকাশ বিজ্ঞানক বুজাব বিচৰা নাই। "য'তেই মহাকাশ বিজ্ঞান উপযোগী, তাতেই প্ৰয়োগ কৰক। কিন্তু ইয়াৰ সমান্তৰালভাৱে অন্যান্য কৃষি বিজ্ঞানৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাই প্ৰগতিৰ নতুন মাত্ৰা নিৰ্ধাৰণ কৰিব লাগিব। অভিযানৰ পৰা প্ৰায় ৫০০ নতুন গৱেষণা বিষয়ৰ উন্মেষ ঘটিছে, আৰু এইবোৰৰ ওপৰত কাম কৰাৰ প্ৰয়োজন। ‘এক দেশ এক দল এক লক্ষ্য’ৰ মনোভাৱেৰে আগবাঢ়ি যাওক। এটা দলে এটা বিষয়ত গৱেষণা কেন্দ্ৰ কৰি যুক্তিসংগত ফলাফল দিব লাগে।"
তেওঁ কয়, ‘বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে আমি কৃষকৰ জীৱনক ৰূপান্তৰিত কৰিছো কিন্তু আৰু বহু কাম বাকী আছে।ক্ষুদ্ৰ কৃষকৰ প্লটৰ বাবে ফলপ্ৰসূ পদক্ষেপৰ প্ৰয়োজন, কুঁহিয়াৰ আৰু কঁপাহত ভাইৰাছৰ আক্ৰমণৰ সমাধান বিচাৰি উলিয়াব লাগিব আৰু দালি, তৈলবীজ আৰু সৰিয়হৰ উৎপাদনশীলতা বৃদ্ধি কৰিব লাগিব।’
শ্ৰী চৌহানে ভাৰতৰ মহাকাশ সাফল্যক লৈ গৌৰৱ প্ৰকাশ কৰি কয়, “আজি মহাকাশত আমাৰ সাফল্যত বিশ্ব বিস্মিত হৈ পৰিছে।মই মহাকাশচাৰী শ্ৰী সুভাংশু শুক্লাক আন্তৰিকতাৰে অভিনন্দন জনাইছো। তেওঁৰ সফল অভিযানে এই ক্ষেত্ৰত দ্ৰুত অগ্ৰগতিৰ নতুন দুৱাৰ মুকলি কৰিছে।এই অভিযান সদায় মানৱতাৰ বাবে শুভ হৈ থাকিব।”
ভাৰতৰ বৈজ্ঞানিক পৰম্পৰা প্ৰাচীন বুলি উল্লেখ কৰি তেওঁ কয়, “আমি আনৰ পৰা শিকিব পৰা নাই বৰঞ্চ বিশ্বক শিকাইছো। হাজাৰ হাজাৰ বছৰৰ আগতে আৰ্যভট্টে গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল। আমি সেই পৰম্পৰাক আগুৱাই লৈ গৈছো।চন্দ্ৰযানৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাটো অতি গৌৰৱৰ বিষয়।আজি আমি গগনযান আৰু আমাৰ দেশ দ্ৰুতগতিত আগবাঢ়িছে।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজ্ঞানীসকলক কৃষিক্ষেত্ৰত মহাকাশ প্ৰযুক্তিবিদ্যা অতীত আৰু ভৱিষ্যত কৃষি জৰীপ, পশুধন, উদ্যান শস্য, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু বিভিন্ন শস্য আদি বিষয়সমূহৰ ওপৰত গভীৰভাৱে বিবেচনা কৰিবলৈ আহ্বান জনায়। ‘আজিৰ অধিবেশনত ভাগ কৰা ধাৰণাসমূহে কৃষি উন্নয়নৰ বাবে অমৃতৰ দৰে ৰোডমেপৰ সৃষ্টি কৰিব।’
শ্ৰী চৌহানে ৰাষ্ট্ৰীয় মহাকাশ দিৱসত শুভেচ্ছা জ্ঞাপন কৰি সকলোকে কৃষি, পশুপালন আৰু কৃষিৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰি উন্নত ফলাফল লাভ কৰিবলৈ আহ্বান জনায়। 'ভাৰতত প্ৰতিভাৰ অভাৱ নাই।আমাৰ বিজ্ঞানীসকলৰ সামৰ্থ্য অসাধাৰণ আৰু মই তেওঁলোকক বাৰে বাৰে প্ৰণাম জনাইছো।মই নিশ্চিত যে তেওঁলোকে নিজৰ দক্ষতা আৰু সামৰ্থ্যৰে উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰি যাব।'
***
RC/KSR/AR/DB
(Release ID: 2161024)
Visitor Counter : 11
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam