প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিহাৰৰ গয়াজীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

Posted On: 22 AUG 2025 3:20PM by PIB Guwahati

বিশ্বখ্যাত, জ্ঞান আৰু মোক্ষৰ পবিত্ৰ নগৰী গয়া জীক প্ৰণাম জনাইছোঁ।

 

বিষ্ণুপদ মন্দিৰৰ এই গৌৰৱময় ভূমিত আমাৰ সকলোকে শুভেচ্ছা জনাইছোঁ।

 

বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ জিতন ৰাম মাঝি ডাঙৰীয়া, ৰাজীৱ ৰঞ্জন সিং, চিৰাগ পাছোৱান ডাঙৰীয়া, ৰাম নাথ ঠাকুৰ ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, সতীশ চন্দ্ৰ ডুবে ডাঙৰীয়া, ৰাজ ভূষণ চৌধাৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়া, বিজয় কুমাৰ সিনহা ডাঙৰীয়া, বিহাৰ চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সতীৰ্থ উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, আন-আন সাংসদসকল আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!

 

এই গয়াজীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ক্ষেত্ৰ। এইখনেই সেই পবিত্ৰ ভূমি য'ত ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। গয়াজীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য অতি প্ৰাচীন আৰু অতি চহকী। ইয়াৰ ৰাইজে বিচাৰিছিল যে এই চহৰখনক গয়াজী বুলি কোৱা হওঁক, গয়া বুলি নহয়। এই সিদ্ধান্তৰ বাবে বিহাৰ চৰকাৰক অভিনন্দন জনাইছোঁ। মই সুখী যে বিহাৰৰ ডাবল ইঞ্জিন চৰকাৰে গয়াজীৰ দ্ৰুত উন্নয়নৰ বাবে অহৰহ কাম কৰি আছে।

 

ভাই-ভনীসকল,

 

আজিও গয়াজীৰ পবিত্ৰ ভূমিৰ পৰা এদিনতে ১২ হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত শক্তি, স্বাস্থ্য আৰু নগৰ উন্নয়নৰ সৈতে জড়িত বহু বৃহৎ প্ৰকল্পও আছে। এইবোৰে বিহাৰৰ উদ্যোগসমূহক শক্তিশালী কৰিব, লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। এই প্ৰকল্পসমূহৰ বাবে বিহাৰবাসীক অভিনন্দন জনাইছোঁ। আজি বিহাৰত উন্নত স্বাস্থ্য সুবিধাৰ বাবে ইয়াত এখন চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰও উদ্বোধন কৰা হৈছে। এতিয়া বিহাৰৰ ৰাইজে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আন এক সুবিধা পাইছে।

 

বন্ধুসকল,

 

ৰাইজৰ সেৱক হিচাপে দৰিদ্ৰ লোকৰ জীৱনৰ পৰা অসুবিধা আঁতৰাই, নাৰীৰ জীৱন-যাত্ৰাক সহজ কৰি সৰ্বাধিক সন্তোষ লভিছোঁ। দৰিদ্ৰ লোকসকলক স্থায়ী ঘৰো প্ৰদান কৰিছোঁ...

 

বন্ধুসকল,

 

মোৰ এটা ডাঙৰ সংকল্প আছে। প্ৰতিজন আৰ্তজনে স্থায়ী ঘৰ নোপোৱালৈকে শান্তিৰে বহি নাথাকে এই মোদী। এই চিন্তাৰে বিগত ১১ বছৰত ৪ কোটিৰো অধিক দৰিদ্ৰ লোকক স্থায়ী ঘৰ দিয়া হৈছে। কেৱল আমাৰ বিহাৰতে ৩৮ লাখৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। গয়া জিলাতো ২ লাখৰো অধিক পৰিয়ালে স্থায়ী ঘৰ পাইছে। আৰু আমি কেৱল ঘৰ অৰ্থাৎ ৪ খন বেৰ দিয়াই নহয়, এই ঘৰসমূহৰ লগতে দৰিদ্ৰ লোকক আত্ম-সন্মান প্ৰদান কৰিছোঁ। এই ঘৰসমূহত বিদ্যুৎ, পানী, শৌচাগাৰ আৰু গেছ সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে। অৰ্থাৎ দৰিদ্ৰ পৰিয়ালসমূহেও সুবিধা, নিৰাপত্তা আৰু সন্মানেৰে জীয়াই থকাৰ নিশ্চয়তা পাইছে।

 

বন্ধুসকল,

 

আজি এখোজ আগুৱাই গৈ বিহাৰৰ মগধ অঞ্চলৰ ১৬ হাজাৰৰো অধিক পৰিয়ালক স্থায়ী ঘৰ দিয়া হৈছে। অৰ্থাৎ এইবাৰ এই পৰিয়ালসমূহত দীপাৱলী আৰু ছঠ পূজাত অধিক আনন্দৰ সৃষ্টি হ’ব। ঘৰ পোৱা সকলো হিতাধিকাৰী পৰিয়ালক অভিনন্দন জনাইছোঁ। আৰু যিসকলে এতিয়াও পি এম আৱাস যোজনাৰ সুবিধা লাভ কৰা নাই, তেওঁলোকক আশ্বাস দিছোঁ যে প্ৰতিজন দৰিদ্ৰ লোকেই নিজৰ স্থায়ী ঘৰ নোপোৱালৈকে পি এম আৱাস অব্যাহত থাকিব।

 

বন্ধুসকল,

বিহাৰ চন্দ্ৰগুপ্ত মৌৰ্য্য আৰু চাণক্যৰ ভূমি। যেতিয়াই কোনো শত্ৰুৱে ভাৰতক প্ৰত্যাহ্বান জনাইছে, তেতিয়াই বিহাৰে দেশৰ ঢাল হিচাপে থিয় দিছে। বিহাৰৰ ভূমিত লোৱা প্ৰতিটো সংকল্প এই ভূমিৰ শক্তি, এই ভূমিত লোৱা প্ৰতিটো সংকল্প কেতিয়াও অসাৰ নহয়।

আৰু সেইবাবেই ভাই-ভনীসকল,

যেতিয়া কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল, আমাৰ নিৰীহ নাগৰিকক তেওঁলোকৰ ধৰ্ম সুধি হত্যা কৰা হৈছিল, মই এই বিহাৰৰ ভূমিৰ পৰা সন্ত্ৰাসবাদীক নিঃশেষ কৰাৰ কথা কৈছিলোঁ। আজি বিশ্বই চাই আছে, এই বিহাৰৰ ভূমিৰ পৰা লোৱা সেই সংকল্প পূৰণ হ’ল। আপোনালোকৰ মনত থাকিব, পাকিস্তানে আমাৰ ওপৰত ড্ৰোন আক্ৰমণ চলাইছিল, মিছাইল দলিয়াইছিল আৰু ইয়াত ভাৰতে পাকিস্তানৰ মিছাইলবোৰ ধ্বংস কৰিছিল। পাকিস্তানৰ এটাও ক্ষেপণাস্ত্ৰই আমাৰ ক্ষতি কৰিব নোৱাৰিলে।

বন্ধুসকল,

অপাৰেচন সিন্দূৰে ভাৰতৰ প্ৰতিৰক্ষা নীতিত এক নতুন সাঁচ বহুৱালে। এতিয়া ভাৰতলৈ সন্ত্ৰাসবাদী পঠিয়াই আক্ৰমণ চলাই কোনো সাৰি যাব নোৱাৰিব। সন্ত্ৰাসবাদী পাতালত লুকাই থাকিলেও ভাৰতৰ ক্ষেপণাস্ত্ৰই সিহঁতক মাটিৰ সৈতে মিহলাই দিব।

 

বন্ধুসকল,

 

কেন্দ্ৰৰ এনডিএ চৰকাৰে বিহাৰৰ দ্ৰুত উন্নয়ন সাধনত পৰম অগ্ৰাধিকাৰ প্ৰদান কৰিছে। সেইবাবেই আজি বিহাৰ সৰ্বাংগীন উন্নয়নৰ পথত আগবাঢ়িছে। বিগত বছৰবোৰত পুৰণি সমস্যাৰ সমাধান বিচাৰি পোৱা গৈছে আৰু নতুন নতুন প্ৰগতিৰ পথো সৃষ্টি হৈছে। মনত আছে, লালটেন যুগৰ শাসনৰ সময়ত কি দুৰ্দশা হৈছিল। লালটেন যুগৰ শাসনৰ সময়ত এই অঞ্চলটো ৰেড আতংকই আগুৰি ধৰিছিল। মাওবাদীৰ বাবে সন্ধিয়াৰ পিছত যাত্ৰা কৰাটো কঠিন হৈ পৰিছিল। গয়াজীৰ দৰে চহৰবোৰ আগতে লালটেন যুগৰ শাসনৰ সময়ত আন্ধাৰত ডুব গৈ আছিল। হাজাৰ-হাজাৰ গাঁও আছিল য’ত বিদ্যুতৰ খুঁটাও নাছিল। এনে পৰিস্থিতিয়ে সমগ্ৰ বিহাৰৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছিল। শিক্ষা নাছিল, কৰ্মসংস্থাপন নাছিল, সেয়ে বিহাৰৰ বহু প্ৰজন্ম বিহাৰৰ পৰা প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল।

 

বন্ধুসকল,

বিহাৰৰ জনসাধাৰণক আৰজেডি আৰু ইয়াৰ মিত্ৰসকলে কেৱল নিজৰ ভোট বেংক বুলি গণ্য কৰে, দুখীয়াৰ সুখ-দুখ, দুখীয়াৰ সন্মান আৰু সন্মানৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই। আপোনালোকে মনত ৰাখিব, এজন কংগ্ৰেছী মুখ্যমন্ত্ৰীয়ে মঞ্চৰ পৰাই কৈছিল যে তেওঁ বিহাৰৰ মানুহক নিজৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ নিদিয়ে। কংগ্ৰেছে বিহাৰৰ ৰাইজৰ প্ৰতি যি ঘৃণা, বিহাৰৰ জনসাধাৰণৰ প্ৰতি যি ঘৃণাৰ মনোভাৱ প্ৰকাশ কৰিছিল, সেই ঘৃণা কোনেও পাহৰিব নোৱাৰে। বিহাৰৰ জনসাধাৰণৰ প্ৰতি কংগ্ৰেছে কৰা অসৎ আচৰণ দেখাৰ পিছতো ইয়াৰ আজেডি-ৰ লোক গভীৰ নিদ্ৰাত আছিল।

ভাই-ভনীসকল,

কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ এই ঘৃণা প্ৰচাৰৰ প্ৰতি সঁহাৰি জনাইছে বিহাৰৰ এনডিএ চৰকাৰে। আমি এই চিন্তাৰে কাম কৰিছোঁ যে বিহাৰৰ পুত্ৰ-কন্যাই ইয়াত কৰ্মসংস্থাপন পাব লাগে, সন্মানৰ জীৱন লাভ কৰিব লাগে আৰু পিতৃ-মাতৃৰ যত্ন ল’ব পাৰে। এতিয়া বিহাৰত ডাঙৰ-ডাঙৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। গয়াজী জিলাৰ ডোভিত বিহাৰৰ সৰ্ববৃহৎ ঔদ্যোগিক এলেকা স্থাপন কৰা হৈছে। গয়াজীতো এটা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। আজি ইয়াৰ বক্সাৰ তাপ শক্তি কেন্দ্ৰৰো উদ্বোধন কৰা হৈছে। মাত্ৰ কেইমাহমানৰ আগতে ঔৰংগাবাদত নৱনগৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। ভাগলপুৰৰ পিৰপাইন্টিত নতুন তাপ বিদ্যুৎ কেন্দ্ৰও নিৰ্মাণ কৰা হ’ব। এই বিদ্যুৎ কেন্দ্ৰটোৱে বিহাৰত বিদ্যুতৰ যোগান বৃদ্ধি কৰিব। আৰু বিদ্যুতৰ উৎপাদন বৃদ্ধি হ’লে কি হয় আপোনালোক সকলোৱে জানে। ঘৰলৈ বিদ্যুতৰ যোগান বৃদ্ধি পাব, উদ্যোগসমূহেও অধিক বিদ্যুৎ লাভ কৰিব। আৰু ইয়াৰ ফলত নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হয়।

 

বন্ধুসকল,

নীতিশ জীয়ে বিহাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চৰকাৰী চাকৰি প্ৰদানৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। নীতিশ জীৰ বাবেই ইয়াত শিক্ষক নিযুক্তি সম্পূৰ্ণ স্বচ্ছতাৰে সম্পন্ন হৈছে।

 

বন্ধুসকল,

 

কেন্দ্ৰীয় চৰকাৰৰ এক নতুন আঁচনিয়ে সৰ্বাধিক সংখ্যক যুৱকে বিহাৰতে কৰ্মসংস্থাপন লাভ কৰা আৰু তেওঁলোকে চাকৰিৰ বাবে প্ৰব্ৰজন কৰিব নলগাটো নিশ্চিত কৰিছে। যোৱা সপ্তাহত, ১৫ আগষ্টৰ পৰা সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত যেতিয়া আমাৰ যুৱক-যুৱতীসকলে ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পাব তেতিয়া কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ১৫ হাজাৰ টকা প্ৰদান কৰিব। যিসমূহ ব্যক্তিগত কোম্পানীয়ে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন দিব, সেইসমূহকো চৰকাৰে সুকীয়াকৈ ধন দিব। মোৰ বিহাৰৰ যুৱক-যুৱতীসকলেও এই আঁচনিৰ দ্বাৰা এক বৃহৎ সুবিধা লাভ কৰিব।

 

বন্ধুসকল,

 

আমাৰ দেশত কংগ্ৰেছেই হওঁক বা আৰজেডিয়েই হওঁক, তেওঁলোকৰ চৰকাৰে কেতিয়াও ৰাজহুৱা ধনৰ মূল্য বুজি নাপালে। তেওঁলোকৰ বাবে ৰাজহুৱা ধনৰ অৰ্থ হৈছে নিজৰ পকেট ভৰোৱা। সেইবাবেই কংগ্ৰেছ-আৰজেডি চৰকাৰৰ দিনত বছৰ-বছৰ ধৰি প্ৰকল্প সম্পূৰ্ণ নহৈছিল। যিমানেই আঁচনি এখন বাকী আছিল সিমানেই তেওঁলোকে তাৰ পৰা ধন উপাৰ্জন কৰিব পাৰিছিল। এতিয়া এই ভুল চিন্তাধাৰাও সলনি কৰিছে এনডিএ চৰকাৰে। এতিয়া আধাৰশিলা স্থাপন হোৱাৰ পিছত যিমান পাৰি সোনকালে, সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা চলোৱা হয়। আজিৰ অনুষ্ঠানটোও ইয়াৰ এক ডাঙৰ উদাহৰণ। বিহাৰৰ ৰাইজে মোক আউতা - চিমৰিয়া শাখাৰ আধাৰশিলা স্থাপনৰ সৌভাগ্য প্ৰদান কৰিলে। আৰু চাওঁক আপোনালোকৰ দয়া, চাওঁক আপোনালোকৰ মৰমৰ ফলশ্ৰুতিত যিখন দলংৰ আধাৰশিলা মোক স্থাপন কৰিবলৈ কৈছিল, আজি আপোনালোকেই মোক উদ্বোধন কৰাৰ সুযোগ দিছে। এই দলংখনে কেৱল পথ সংযোগ কৰাই নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ আৰু দক্ষিণ বিহাৰক সংযোগ কৰিব। পূৰ্বে গান্ধী সেতুৰে ১৫০ কিমি দীঘলীয়া বাটভ্ৰমণ কৰা গধুৰ বাহনসমূহে এতিয়া পোনপটীয়া পথ লাভ কৰিব। ইয়াৰ ফলত বাণিজ্য ত্বৰান্বিত হ’ব, উদ্যোগসমূহ শক্তিশালী হ’ব, লগতে তীৰ্থযাত্ৰীসকলৰ বাবেও সুবিধা হ’ব। এনডিএ চৰকাৰৰ দিনত যিসমূহ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইসমূহ সম্পূৰ্ণ হ’ব, এয়া নিশ্চিত।

 

বন্ধুসকল,

 

এনডিএ-ৰ ডাবল ইঞ্জিন চৰকাৰে ইয়াত ৰেলপথৰো উন্নয়নৰ বাবে দ্ৰুতগতিত কাম কৰি আছে। অমৃত ভাৰত ষ্টেচন যোজনাৰ অধীনত গয়াজী ৰেলৱে ষ্টেচনৰ আধুনিকীকৰণৰ কাম চলি আছে। ইয়াৰ দ্বাৰা গয়াজী ৰেল ষ্টেচনত যাত্ৰীসকলক বিমানবন্দৰৰ দৰে সুবিধা প্ৰদান কৰা হ’ব। আজি গয়া চহৰত ৰাজধানী, জন শতাব্দী আৰু মেড ইন ইণ্ডিয়া বন্দে ভাৰতৰ ৰেল উপলব্ধ। গয়াজী, সাসাৰাম, প্ৰয়াগৰাজ, কানপুৰ হৈ দিল্লীলৈ পোনপটীয়া সংযোগে বিহাৰৰ যুৱক-যুৱতী, ইয়াৰ কৃষক আৰু ইয়াৰ ব্যৱসায়ীসকলৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।

 

ভাই-ভনীসকল,

 

আপোনালোকৰ আশীৰ্বাদত দেশৰ অদম্য আস্থাৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে মোৰ কাৰ্যকাল ২০১৪-ত আৰম্ভ হৈছিল, এই কাৰ্যকাল নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে। এই আটাইকেইটা বছৰত আমাৰ চৰকাৰৰ ওপৰত দুৰ্নীতিৰ এটাও দাগ লগা নাই। আনহাতে স্বাধীনতাৰ পাছত ৬০-৬৫ বছৰ ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰবোৰৰ দুৰ্নীতিৰ এখন দীঘলীয়া তালিকা আছে। বিহাৰৰ প্ৰতিটো শিশুৱেও জানে আৰজেডি-ৰ দুৰ্নীতিৰ কথা। মই স্পষ্টভাৱে বিশ্বাস কৰোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখনক যদি যুক্তিসংগত পৰিণতিলৈ লৈ যাব লাগে, তেন্তে কোনেও কাৰ্য্যৰ পৰিসৰৰ বাহিৰত থাকিব নালাগে। এবাৰ ভাবি চাওঁকচোন, পূৰ্বৰ আইনৰ অধীনত এজন চৰকাৰী কৰ্মচাৰীক যদি ৫০ ঘন্টা জিম্মাত ৰখা হয়, তেন্তে তেওঁ আপোনা-আপুনি নিলম্বিত হ’ব, সেয়া চালকেই হওঁক, কেৰাণীয়েই হওঁক, পিয়নেই হওঁক, তেওঁৰ জীৱন চিৰদিনৰ বাবে অচল হৈ পৰে। কিন্তু কোনোবা যদি মুখ্যমন্ত্রী, মন্ত্রী, প্রধানমন্ত্রী হয়, তেতিয়া তেওঁ জেলত থাকিও ক্ষমতাৰ সুখ উপভোগ কৰিব পাৰে। এয়া কেনেকৈ সম্ভৱ? আমি কিছুদিনৰ আগতে দেখিছোঁ যে কেনেকৈ জেলৰ পৰা ফাইলত চহী হৈছিল, চৰকাৰী আদেশ জেলৰ পৰা জাৰি হৈছিল। যদি নেতাসকলৰ এই মনোভাৱ আছে, তেন্তে এনে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখনত কেনেকৈ যুঁজিব?

 

বন্ধুসকল,

সংবিধানে প্ৰতিজন জনপ্ৰতিনিধিৰ পৰা সততা আৰু নিকা ভাৱমূৰ্তি আশা কৰিছে। কেতিয়াও সংবিধানৰ মৰ্যাদা হানি হ’ব নালাগে। যাৰ বাবে এনডিএ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে এনে আইন আনিছে, য’ত দেশৰ প্ৰধানমন্ত্ৰীকো অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীকো এই আইনত অন্তৰ্ভুক্ত কৰা হৈছে। এই আইন প্ৰণয়ন হ’লে প্ৰধানমন্ত্ৰীয়েই হওঁক বা মুখ্যমন্ত্ৰীয়েই হওঁক, যিকোনো মন্ত্ৰীয়েই হওঁক, গ্ৰেপ্তাৰৰ ৩০ দিনৰ ভিতৰত জামিন ল’ব লাগিব। আৰু যদি জামিন নাপায় তেন্তে ৩১ দিনৰ দিনা তেওঁ চকী এৰিব লাগিব। আপোনালোকে মোক কওঁকচোন ভাইসকল, জেললৈ যোৱা ব্যক্তিজনে চকী এৰিব লাগে নে নাই? তেওঁ চকীখনত বহিব পাৰিবনে? চৰকাৰী ফাইলত চহী কৰিব পাৰিবনে? কোনোবাই জেলৰ পৰাই চৰকাৰ চলাব পাৰিবনে? আৰু সেইবাবেই আমি ইমান কঠোৰ আইন প্ৰণয়নৰ দিশত আগবাঢ়িছোঁ।

 

কিন্তু বন্ধুসকল, এই আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থীসকলে এই আইনখনৰ বিৰোধিতা কৰিছে। এয়াই তেওঁলোক সকলোৰে মনোভাৱ। এই আৰজেডি আৰু কংগ্ৰেছৰ লোকসকল, কোনোবাই জামিন লৈ ওলাইছে, কোনোবাই ক’ৰ্টলৈ অহা-যোৱা কৰি আছে। আৰু যিসকলে জামিন লৈ ওলাইছে তেওঁলোকে আজি এই আইনখনৰ বিৰোধিতা কৰিছে। তেওঁলোকে অনুভৱ কৰে যে জেললৈ গ’লে তেওঁলোকৰ সকলো সপোন ছিন্নভিন্ন হৈ যাব। আৰু সেইবাবেই পুৱা-গধূলি এই লোকসকলে মোদীক বিভিন্ন ধৰণে গালি-গালাজ কৰি আছে। আৰু তেওঁলোকে ইমানেই আন্দোলন কৰিছে, ইমানেই আন্দোলন কৰিছে যে তেওঁলোকে জনস্বাৰ্থত এই আইনখনৰ বিৰোধিতা কৰিছে। আমাৰ ৰাজেন্দ্ৰ বাবু, বাবা চাহেব আম্বেদকাৰে কেতিয়াও ভবা নাছিল, কেতিয়াও কল্পনা কৰা নাছিল যে ক্ষমতালোভী মানুহে জেললৈ যোৱাৰ পিছতো দুৰ্নীতি কৰি চকীত বহি থাকিব। কিন্তু এতিয়া দুৰ্নীতিগ্ৰস্ত জেললৈ যাব আৰু তেওঁৰ চকীখনো যাব। দেশৰ কোটি-কোটি জনসাধাৰণে ভাৰতক দুৰ্নীতিমুক্ত কৰাৰ সংকল্প লৈছে। এই সংকল্প পূৰণ হ’ব।

 

বন্ধুসকল,

 

মই লালকিল্লাৰ পৰা আন এক বিপদাশংকাৰ কথা কৈছিলোঁ। আৰু এই বিপদাশংকা বিহাৰতো অনুভূত হৈছে। দেশত অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তাৰ বিষয়। বিহাৰৰ সীমান্তৱৰ্তী জিলাসমূহত জনগাঁথনি দ্ৰুতগতিত সলনি হৈছে। সেয়ে এনডিএ চৰকাৰে এই সিদ্ধান্ত লৈছে যে দেশৰ ভৱিষ্যৎ অনুপ্ৰৱেশকাৰীক নিৰ্ধাৰণ কৰিবলৈ দিয়া নহ’ব। অনুপ্ৰৱেশকাৰীক বিহাৰৰ যুৱক-যুৱতীসকলৰ চাকৰি কাঢ়ি নিবলৈ দিয়া নহ’ব। যিবোৰ সুবিধা ভাৰতীয় জনসাধাৰণৰ অধিকাৰ, সেইসমূহক অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি ল’বলৈ দিয়া নহ’ব। এই বিপদৰ সৈতে মোকাবিলা কৰিবলৈ মই ডেম’গ্ৰাফী মিছন আৰম্ভ কৰাৰ কথা কৈছোঁ। অতি সোনকালেই এই মিছনে নিজৰ কাম আৰম্ভ কৰিব, আমি প্ৰতিজন অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰিম। আপোনাসৱে কওঁকচোন, এই অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰা উচিত নে নহয়? এই অনুপ্ৰৱেশকাৰীসকলে আপোনাৰ কৰ্মসংস্থাপন কাঢ়ি লোৱাটো উচিত হ’ব নে? আপোনাৰ মাটি কোনো অনুপ্ৰৱেশকাৰীয়ে দখল কৰাটো উচিত হ’ব নে? অনুপ্ৰৱেশকাৰীয়ে আপোনাৰ অধিকাৰ কাঢ়ি লৈ যোৱাটো উচিত হ’ব নে? আপোনালোক সকলো বিহাৰবাসীয়ে দেশৰ ভিতৰত বহি থকা অনুপ্ৰৱেশকাৰীৰ সমৰ্থকসকলৰ প্ৰতি সতৰ্ক হোৱা উচিত, অনুপ্ৰৱেশকাৰীৰ লগত কোন থিয় হৈ আছে জানি লওঁক। কংগ্ৰেছ, আৰজেডি-ৰ দৰে দলে বিহাৰৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি লৈ ​​অনুপ্ৰৱেশকাৰীক দিব বিচাৰে। তুষ্টিকৰণৰ বাবে ভোটবেংক বঢ়াবলৈ কংগ্ৰেছ-আৰজেডিৰ মানুহে যিকোনো কাম কৰিব পাৰে, যিকোনো স্তৰলৈ যাব পাৰে। সেয়ে বিহাৰৰ ৰাইজ অতি সাৱধান হ’বলগীয়া হৈছে।

 

বন্ধুসকল,

 

আমি আমাৰ বিহাৰক কংগ্ৰেছ-আৰজেডিৰ কু-দৃষ্টিভংগীৰ পৰা ৰক্ষা কৰিব লাগিব। এই সময় বিহাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি বিহাৰৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু নীতিশ জীৰ সৈতে হাতে-হাত ধৰি কাম কৰি আছোঁ যাতে বিহাৰৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ হয়, বিহাৰৰ ৰাইজৰ আকাংক্ষা নতুন শিখৰত উপনীত হয়। বিহাৰৰ উন্নয়নৰ গতি অক্ষুণ্ণ ৰাখিবলৈ ডাবল ইঞ্জিন চৰকাৰে অহৰহ কঠোৰ পৰিশ্ৰম কৰি আছে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ এই দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পসমূহৰ বাবে পুনৰ এবাৰ বিহাৰবাসীক অভিনন্দন জনাইছোঁ। আমি সমস্বৰে কওঁচোন আহক-

 

ভাৰত মাতা কী জয়।

 

ভাৰত মাতা কী জয়।

 

ভাৰত মাতা কী জয়।

 

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

****

MJPS/ST/RK/SB


(Release ID: 2159876)