প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বৰাজ পালৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
Posted On:
22 AUG 2025 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৰাজ পালৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুক্তৰাজ্যত উদ্যোগ, হিতসাধন আৰু জনসেৱালৈ স্বৰাজ পালৰ বৰঙণিৰ লগতে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে তেওঁৰ অটল সমৰ্থন কাৰ্য্য সদায় স্মৰণীয় হৈ থাকিব।
শ্ৰী মোদীয়ে স্বৰাজ পালৰ সৈতে হোৱা বহুবাৰ মত-বিনিময়ৰ কথাও সস্নেহে স্মৰণেৰে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰে।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়;
“স্বৰাজ পাল ডাঙৰীয়াৰ বিয়োগত শোকাহত হৈছোঁ। যুক্তৰাজ্যত উদ্যোগ, হিতসাধন আৰু জনসেৱালৈ স্বৰাজ পালৰ বৰঙণিৰ লগতে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে তেওঁৰ অটল সমৰ্থন কাৰ্য্য সদায় স্মৰণীয় হৈ থাকিব। আমাৰ বহুবাৰ হোৱা মত-বিনিময়ৰ কথাও সস্নেহে স্মৰণেৰে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”
***
MJPS/ST/SB
(Release ID: 2159659)
Read this release in:
Bengali
,
Telugu
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam